ব্ৰহ্মাস্ত্ৰতকৈয়ো বেছি ক্ষমতাশালী! শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

ব্ৰহ্মাস্ত্ৰতকৈয়ো বেছি ক্ষমতাশালী! শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হিন্দুধৰ্মত ত্ৰিদেৱতাৰ কথা নাজানে কোনে? ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ৷ তিনিওৰে এজন বিশ্বৰ সৃষ্টিকৰ্তা, এজন পালনকৰ্তা আৰু আনজন ৰক্ষাকৰ্তা৷ এই তিনিওজনৰ ক্ষমতাৰ পৰিসীমা জুখিব নোৱাৰি৷ তিনিওগৰাকী দেৱতা তিনিটা বিশেষ অস্ত্ৰৰ অধিকাৰী৷ ব্ৰহ্মাৰ ব্ৰহ্মাস্ত্ৰ, মহাদেৱৰ ত্ৰিশূল আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰ৷ শ্ৰী বিষ্ণু আৰু তেওঁৰ অন্যতম অৱতাৰ শ্ৰী কৃষ্ণই এই সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰিয়েই বহু দানৱক হত্যা কৰাৰ কথা শাস্ত্ৰত উল্লেখ আছে৷

সুদৰ্শন চক্ৰৰ সুদৰ্শন শব্দটো দুটা পৃথক শব্দৰে সৃষ্টি হৈছে৷ এটা হৈছে সু আৰু আনটো দৰ্শন৷ ইয়াৰ অৰ্থ হ’ল দৰ্শন পোৱাটো শুভ৷ পুৰাণত যিসমূহ দিব্যঅস্ত্ৰৰ কথা উল্লেখ আছে তাৰ ভিতৰত একমাত্ৰা সুদৰ্শন চক্ৰই সকলো সময়তে গতিশীল অৱস্থাত থাকে৷ কেনেকৈ সুদৰ্শন চক্ৰ তৈয়াৰ হৈছিল তাক লৈ একাধিক কাহিনী পোৱা যায়৷ এটা কাহিনী অনুসৰি বিশ্বকৰ্মাৰ কন্যা সঞ্জনাৰ সৈতে সূৰ্যৰ বিবাহ হৈছিল৷ কিন্তু সূৰ্যৰ প্ৰচণ্ড শক্তিৰ কাৰণে তেওঁৰ কাষলৈ পত্নী সঞ্জনা যাব পৰা নাছিল৷ তেতিয়াই পিতৃক আহি সঞ্জনাই কৈছিল সূৰ্যৰ শক্তি অকণমান কমাই দিয়ক৷ পিতৃয়ে কন্যাৰ কথা ৰাখি সূৰ্যৰ শক্তি কিছু কমাই গুড়ি গুড়ি কৰি চৌপাশে চটিয়াই দিয়ে৷

এই চটিয়াই দিয়া গুড়িৰ পৰাই বিশ্বকৰ্মাই অস্ত্ৰ নিৰ্মাণ কৰে৷ বিশ্বকৰ্মাই সূৰ্যৰ সিঁচৰিত ৰশ্মিৰ পৰা তৈয়াৰ কৰে পুষ্পক ৰথ, দ্বিতীয় অস্ত্ৰ হৈছে ত্ৰিশূল আৰু তৃতীয়টো অস্ত্ৰ হৈছে সূদৰ্শন চক্ৰ৷ পুৰাণৰ এটা গল্প অনুসৰি এবাৰ অসুৰে স্বৰ্গ আক্ৰমণ কৰি দেৱতাসকলক হৰুৱাইছিল৷ বিষ্ণুয়েও অসুৰসকলৰ হাতৰ পৰা স্বৰ্গক ৰক্ষা কৰিব নোৱাৰিলে৷ তেতিয়াই তিনি হাজাৰ পদুম ফুল লৈ তেওঁ মহাদেৱক আৰাধনা কৰিবলৈ বহে৷ মহাদেৱে সেই সময়তেই হাতত এপাহ পদুম লৈ লুকুৱাই পেলাই৷ এপাহ ফুল কমি যোৱা দেখি বিষ্ণুয়ে নিজৰ এটা চকু মহাদেৱত অৰ্পণ কৰিবলৈ যায়৷ তেতিয়াই শিৱই তেঁওক উপহাৰত এই সূদৰ্শন চক্ৰটো দিয়ে৷ এই চক্ৰ লৈয়েই নাৰায়ণে অসুৰক ধ্বংস কৰে৷ইয়াৰোপৰি এক কথিত কাহিনীমতে কৃষ্ণ আৰু অৰ্জুনে অগ্নিদেৱক খাণ্ডৱ বন দাহ কৰাত সহায় কৰিছিল৷ তেতিয়াই অগ্নি দেৱতাই কৃষ্ণক সুদৰ্শন চক্ৰ উপহাৰ দিয়ে৷ আকৌ আন এক কাহিনীমতে পৰশুৰামে কৃষ্ণক এই অস্ত্ৰ উপহাৰ দিছিল৷

উপহাৰ যিয়েই নিদিয়ক কিয় সূদৰ্শণ চক্ৰৰ কেইটামান বিশেষত্ব আছে৷ সূদৰ্শন চক্ৰৰ প্ৰধান বিশেষত্ব হৈছে যে ই মনৰ গতিত চলে৷ মনৰ গতিৰেই ই শত্ৰুক ধ্বংস কৰি আঙুলিলৈকে নিজেই উভতি আহে৷ যাক উদ্দেশ্যি সূদৰ্শন চক্ৰ পঠিয়াই দিয়া হয় তেওঁ মৰ্ত্যৰ যতেই লুকাই থাকিলেও এই অস্ত্ৰই আক্ৰমণ কৰিব পাৰে৷ পুৰাণ অনুসৰি এক ছেকেণ্ডত কেইবালাখ কিঃমিঃ পথ অতিক্ৰম কৰিব পাৰে এই চক্ৰই৷ এই চক্ৰৰ ওজন প্ৰায় ২২০০ কিঃগ্ৰাঃ৷ এই চক্ৰৰ ব্যাস ১২-৩০ ছেণ্টিমিটাৰ৷ ব্ৰহ্মাস্ত্ৰতকৈয়ো এই অস্ত্ৰ কেইবাগুণ বেছি ক্ষমতাশালী বুলিও শাস্ত্ৰই দাবী কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *