ভয়ংকৰ বিপদত কিম-জং-উনৰ দেশ! এটা মাত্ৰ কাৰণেই কঠোৰ কিমকো মানৱদৰদী কৰি তুলিছে৷ কি এই কাৰণ?

ভয়ংকৰ বিপদত কিম-জং-উনৰ দেশ! এটা মাত্ৰ কাৰণেই কঠোৰ কিমকো মানৱদৰদী কৰি তুলিছে৷ কি এই কাৰণ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এইবাৰ ডাঙৰ বিপদৰ সন্মুখীন হৈছে উত্তৰ কোৰিয়া৷ চৰম খাদ্যসংকটৰ মুখত পৰিছে কিমৰ দেশ৷ কিম জং উনৰ দেশত খাদ্য সংকটৰ খবৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বিশ্বত৷ এই চিন্তাই এতিয়া টোপনি হৰিছে একনায়ক কিমৰো৷ সাধাৰণ মানুহক খাদ্য যোগান ধৰিব নোৱাৰাটোৱেই প্ৰধান ৰাজনৈতিক সমস্যা হৈ ধৰা দিছে কিমৰ দেশত৷ দেশৰ অৰ্থনৈতিক ব্যৱস্থা উন্নীতকৰণৰ বাবে কিমৰ চৰকাৰে নতুন নতুন উপায় বিচাৰিবলৈকো চেষ্টা কৰা বুলি বিদেশী মিডিয়াত খুবেই চৰ্চা হৈছে৷

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰায়ত্ত সংবাদ সংস্থা ‘কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সিৰ প্ৰতিবেদন অনুসৰি সেই দেশৰ ক্ষমতাহীন দল, ‘ৱাৰ্কাৰ্ছ পাৰ্টী অৱ কোৰিয়া’ৰ দলীয় বৈঠকত কিমে এই মন্তব্য কৰিছে৷ মঙলবাৰ আৰু বুধবাৰ দুদিনীয়াকৈ আয়োজন কৰা পলিটব্যুৰোৰ অষ্টম কেন্দ্ৰীয় কমিটিৰ ১৯তম বৰ্ধিত সভাৰ আয়োজন কৰা হৈছিল৷ তাতেই খাদ্যৰ অভাৱ সম্পৰ্কীয় বিষয়টোক লৈ মন্তব্য কৰিছিল কিমে৷

বিগত কেইবা দশক ধৰি খাদ্যৰ সমস্যাত ভূগিছে উত্তৰ কোৰিয়া৷ নব্বৈৰ দশকত মাৰাত্মক দুৰ্ভিক্ষৰ মুখামুখি হোৱাৰ পাছৰে পৰাই এই সমস্যাৰ আৰম্ভ হৈছে৷ ইয়াৰ পাছৰে পৰাই একাধিকবাৰ প্ৰাকৃতিক বিপৰ্যয়ৰ কাৰণে সেই দেশৰ খাদ্য সমস্যা আকৌ বৃদ্ধি পাইছে৷ বিভিন্ন প্ৰতিবেদন অনুসৰি বিগত কেইবাবছৰ ধৰি চীনৰ সৈতে ব্যৱসায়-বাণিজ্যক লৈ একাধিক চুক্তি হোৱাৰ কাৰণে উত্তৰ কোৰিয়াৰ অৰ্থনৈতিক অৱস্থাৰ কিছু উন্নতি হৈছে৷ তথাপিও এতিয়াও কিন্তু খাদ্য সংকট উত্তৰ কোৰিয়াত দূৰ হোৱা নাই৷ এই মন্তব্য কৰিছে কিমৰ প্ৰতিবেশী ৰাষ্ট্ৰ উত্তৰ কোৰিয়াৰ এজন মন্ত্ৰীয়ে৷ এই কথা মিছা নহয় বুলি নিজেই প্ৰমাণ দিবলৈ বাধ্য হৈছে কিমেও৷

সম্প্ৰতি কিমে তেওঁৰ দলক দেশৰ মানুহৰ জীৱযাত্ৰাৰ মান উন্নীতকৰণৰ কামত লগাইছে৷ আঞ্চলিক উন্নয়ণৰ মাধ্যমেৰে চহৰ আৰু গ্ৰামাঞ্চলৰ মাজত সামাজিক আৰু অৰ্থনৈতিক দূৰত্ব কমাই আনিবলৈকো জনাইছে কিমে৷ চলিত মাহৰ আৰম্ভণিত অনুষ্ঠিত চুপ্ৰিম পিপলছ এছেম্বলিৰ বৈঠকত কিমে এই ঘোষণা কৰিছে৷ উত্তৰ কোৰিয়াৰ একনায়কক উদ্ধৃত কৰি দিয়া এক প্ৰতিবেদনত কোৱা হৈছে, ‘সামগ্ৰিকভাৱে আঞ্চলিক অৰ্থনৈতিক অৱস্থাৰ পৰিস্থিতি ভয়াৱহ৷ ভৌগোলিক পৰিস্থিতি, অৰ্থনৈতিক সম্ভাৱনা আৰু জীৱনযাত্ৰাৰ ভিত্তিত দেশৰ বিভিন্ন অঞ্চলসমূহৰ মাজত গুৰুতৰ ভাৰসাম্যহীনাত আৰু বিশাল ব্যৱধান আছে৷’ কিমে লগতে কয়, ‘আমি বহি থকা উচিত নহয়৷ পৰিস্থিতি অনুকূল হোৱালৈ ৰৈ থাকিলে নহ’ব৷ আমি কাম কৰিব লাগিব৷ জনগণৰ স্বাৰ্থ আমাৰ দায়িত্বৰ প্ৰতি অবিচল হৈ থাকিব৷ নতুন নতুন উপায় আৰু চাকৰিৰ ব্যৱস্থা আমি কৰিব লাগিব৷’ বৰ্তমানলৈকে নিষিদ্ধ অস্ত্ৰ কৰ্মসূচিৰ বাবে কঠোৰ আন্তৰ্জাতিক নিষেধাজ্ঞাৰ মাজত আছে উত্তৰ কোৰিয়া৷ পাৰমাণৱিক অস্ত্ৰ তৈয়াৰত মজি থকাৰ ওপৰিও উত্তৰ কোৰিয়াক বহুদিন পূৰ্বেই এঘৰীয়াও কৰা হৈছে৷ কিমৰ নেতৃত্বাধীন উত্তৰ কোৰিয়াক পাৰমাণৱিক অস্ত্ৰ তৈয়াৰৰ পৰা বিৰত ৰাখিবৰ বাবে জাৰি কৰা হৈছে বহুতো নিষেধাজ্ঞা৷

বহুসংখ্যক প্ৰতিবেদনে দাবী কৰা অনুযায়ী, কভিড মহামাৰীৰ সময়েও অৰ্থনৈতিক চাপৰ মুখত পেলাইছিল কিমৰ দেশক৷ সীমান্ত এলেকাত বাণিজ্যও প্ৰায় বন্ধ হৈ পৰিছিল৷ সেই পৰিস্থিতি এতিয়াও সলনি হোৱা নাই বুলিয়েই দাবী কৰিছে উত্তৰ কোৰিয়াৰ বহু লোকে৷ ইয়াৰোপৰি অধিকাংশ ডাঙৰ ডাঙৰ দেশেই উত্তৰ কোৰিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ছিন্ন কৰিছে৷ আৰ্থিকভাৱে শোচনীয় অৱস্থা সেই দেশৰ৷ দেশৰ মানুহে খাদ্যও খাবলৈ নোপোৱা অৱস্থা৷ চকু মেলিলেই চৌদিশে দৰিদ্ৰ জনসাধাৰণ৷ সেই দৃশ্য দেখিয়েই কঠোৰ কিমৰো বুকু জনদৰদী হৈ উঠিছে৷ এইবাৰ কিমে নিজেই ঘোষণা কৰিছে, যিকোনো উপায়েৰে দেশৰ জনগণৰ মাজত সৃষ্টি হোৱা খাদ্যজনিত সমস্যা দূৰ কৰিব৷ ইয়াৰ পূৰ্বেও কিমৰ এক জনদৰদী ৰূপ ধৰা পৰিছিল৷ কান্দি উঠিছিল কিমে৷ কোৰিয়ান চেণ্ট্ৰেল টেলিভিছনত প্ৰকাশিত খবৰমতে দেশৰ মাতৃসকলৰ সৈতে হোৱা বৈঠকত কান্দিছিল কিমে৷ কিমৰ ৰূপ দেখিয়েই কঁপি থাকে উত্তৰ কোৰিয়াৰ প্ৰতিজন মানুহ৷ কাৰণ এবাৰ কিমৰ অপ্ৰিয়ভাজন হৈ পৰিলেই বিপদ অহাটো নিশ্চিত৷ তেনে সময়ত এইবাৰ কিমৰ অন্যৰূপক লৈ বিদেশী প্ৰতিটো চেনেলেই এই খবৰ প্ৰকাশ কৰি কিমৰ এই সলনিৰ প্ৰকৃত কাৰণ উদঘাটনৰ চেষ্টা অব্যাহত ৰাখিছে৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *