নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হিন্দু পুৰাণৰ ১৮টা মহাপূৰাণৰ অন্যতম শিৱ পুৰাণ। ১৮টা পুৰাণৰ মাজত শিৱ পুৰাণ সকলোতকৈ জনপ্ৰিয়। শিৱ পুৰাণত দেৱাদিদেৱ মহাদেৱৰ মাহাত্ম্য বৰ্ণিত আছে। কেনেকৈ মহাদেৱৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ সেই সম্পৰ্কে শিৱ পুৰাণত উল্লেখ আছে। শিৱ পুৰাণৰ ৬টা অধ্যায়ত আছে ২৪ হাজাৰ শ্লোক। শিৱপুৰাণত শিৱলিংগ আৰু জ্যোতিৰ্লিংগৰ কথাও উল্লেখ আছে। কেৱল সেয়াই নহয়, এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিত মহাদেৱৰ ভুমিকাৰ কথাও বাখ্যা কৰা আছে শিৱপুৰাণত। ইয়াৰোপৰি কেনেকৈ মহাদেৱৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ সেই কথাও শিৱপুৰাণত বৰ্ণিত আছে। দেৱাদিদেৱৰ আশীৰ্বাদ লাভ কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি অৰ্জন কৰা সম্ভৱ। চাই লওক শিৱলিংগত কি উপায়ে মহাদেৱক সুখী কৰে?

শিৱলিংগৰ সন্মুখত প্ৰদীপ জ্বলাওক
শিৱপুৰাণত উল্লেখ থকামতে এই উপায় মানি চলিলে আপুনি নিশাটোৰ ভিতৰতে ধনী হ’ব পাৰিব। শিৱ পুৰাণত কোৱা হৈছে যে নিশা শিৱলিংগৰ ওচৰত প্ৰদীপ জ্বলালে আপোনাৰ জীৱনেই সলনি হৈ পৰিব। নিশা প্ৰায় ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত শিৱলিংগৰ সন্মুখত প্ৰদীপ জ্বলালে বিশেষভাৱে লাভৱান হোৱা সম্ভৱ।

পৌৰাণিক কাহিনী
নিশাৰ সময়ত শিৱলিংগত প্ৰদীপ জ্বলোৱাৰ এক পৌৰাণিক কাহিনী আছে। শিৱ পুৰাণ অনুসৰি প্ৰাচীন কালত গুণনিধি নামৰ এজন দৰিদ্ৰ মানুহ আছিল। খাদ্য, ঘৰ একোৱেই নাছিল তেওঁৰ। খাদ্য বিচাৰি বিচাৰি তেওঁ এদিন শিৱমন্দিৰত প্ৰৱেশ কৰে। তেওঁ সেই মন্দিৰতেই নিশা বিশ্ৰাম লোৱাৰ সিদ্ধান্ত লয়। কিন্তু মন্দিৰৰ ভিতৰত প্ৰচণ্ড অন্ধকাৰ আছিল। মন্দিৰৰ অন্ধকাৰ দূৰ কৰিবৰ বাবে গুণনিধিয়ে নিজৰ গাৰ পোছাক খুলি কাপোৰখিনি জ্বলাই মন্দিৰ পোহৰাই তোলে। গুণনিধিয়ে সেই কাম কৰাৰ লগে লগে মহাদেৱে দৰ্শন দিয়ে। মহাদেৱৰ আশীৰ্বাদ লাভ কৰাৰ পাছতেই তেওঁ জন্ম কুবেৰ হিচাপে হয়। সেয়ে নিশাৰ ভাগত শিৱলিংগৰ সন্মুখত প্ৰদীপ জ্বলালে অৰ্থ, খ্যাতি আৰু প্ৰতিপত্তি লাভ কৰা সম্ভৱ বুলি কোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *