জয়ন্ত হাজৰিকাৰ মৃত্যু তিথি! মৃত্যু নিচেই কাষত জানিয়েই লিখিছিল, ‘মই নাথাকিলেও সাজৰ তৰায়ে মোৰেই কথাকেই ক’ব…’

জয়ন্ত হাজৰিকাৰ মৃত্যু তিথি! মৃত্যু নিচেই কাষত জানিয়েই লিখিছিল, ‘মই নাথাকিলেও সাজৰ তৰায়ে মোৰেই কথাকেই ক’ব…’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মৃত্যু নিচেই কাষত জানি জীৱনৰ শেষ সময়ছোৱাত তেওঁ নিজেই লিখি সুৰ দিছিল, ‘মই নাথাকিলেও সাজৰ তৰায়ে মোৰেই কথাকেই ক’ব…৷’ কম সময়তেই তেওঁ অসমীয়া সংগীতৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিছিল৷ ১৫ অক্টোবৰ, শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথি৷ খুব কম সময়তে জীৱন নাট সামৰি আঁতৰি যোৱা শিল্পী জয়ন্ত হাজৰিকাৰ গীতে আজিও তেওঁক জীঁপাল কৰি ৰাখিছে৷

জয়ন্ত হাজৰিকাৰ ৪৫ সংখ্যক মৃত্যু তিথিত বিগত বৰ্ষৰ দৰে এইবাৰো জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত অনুস্থিত হৈছে স্মৃতি তৰ্পণ কাৰ্যসূচী৷
শিল্পী জেপি দাস, পত্নী মনিশা হাজৰিকাকে ধৰি উপস্থিত কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত মনিশা হাজৰিকাই স্বামীক লৈ ক’লে বিশেষ কিছু কথা৷ মনিশা হাজৰিকাই তেওঁৰ মন্তব্যত কয়, ‘বহু নাৰীৰ দৰে ময়ো স্বামীহীনা। অথচ মই স্বামীহীনা বুলি অনুভৱ কৰা নাই৷ মোৰ স্বামী মানুহৰ মাজত আজিও জীয়াই আছে৷’

১৯৬০-ৰ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকাই ১৯৭৭ চনৰ ১৫ অক্টোবৰৰ দিনটোতেই পশ্চিমবংগৰ এখন চিকিৎসালয়ত বিদায় মাগে৷ খুব কম সময়তে জনপ্ৰিয় হৈ পৰা জয়ন্ত হাজৰিকাই তেওঁৰ গীতৰ সুৰ সন্দৰ্ভত কৈছিল, ‘মই সূত্ৰগতভাৱে সুৰ বিচাৰি নুফুৰোঁ৷ সুৰ মই ভালপাওঁ৷ উৎস কি বা ক’ত থাকে সেয়া মই নিজেই নাজানো৷ কাৰণ পৃথিৱীখনেই সুৰৰ তৰংগেৰে ভৰপূৰ৷’ ৩৪ বছৰীয়া চুটি জীৱনকালত জয়ন্ত হাজৰিকাই সৃষ্টি কৰি থৈ যোৱা গান আজিও জনপ্ৰিয়তাৰ শীৰ্ষত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *