প্ৰথম বিবাহত গাৰ্হস্থ্য হিংসা, তাৰপাছতেই দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহৰ এবছৰ নৌহওতেই আকৌ বিচ্ছেদ! কি হৈছে অভিনেত্ৰী দলজিৎ কৌৰৰ বিবাহিত জীৱনত?

প্ৰথম বিবাহত গাৰ্হস্থ্য হিংসা, তাৰপাছতেই দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহৰ এবছৰ নৌহওতেই আকৌ বিচ্ছেদ! কি হৈছে অভিনেত্ৰী দলজিৎ কৌৰৰ বিবাহিত জীৱনত?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হিন্দী চিৰিয়েলৰ তেওঁ জনপ্ৰিয় মুখ। ‘ইছ প্যাৰ কৌ ক্যা নাম দুঁ’ সহ একাধিক চিৰিয়েলত অভিনয় কৰিছে দলজিৎ কৌৰে। তেওঁৰ প্ৰথমা বিবাহ হৈছিল ২০০৯চনত। ‘বিগ বছ’ৰ প্ৰাক্তন প্ৰতিযোগী অভিনেতা শালিন ভনোটৰ সৈতে। ২০১৫ চনত তেওঁলোকৰ বিচ্ছেদ হয়। প্ৰথমা বিবাহত দলজিতৰ আছে এটি লৰা সন্তান জেডেন। সেই সময়ত ছালিনৰ ওপৰত গাৰ্হস্থ্য হিংসাৰ অভিযোগ আনে দলজিতে।

প্ৰথম বিবাহত ছন্দপতন ঘটাৰ পাছতেই আকৌ এবাৰ বিবাহত বহে দলজিৎ। কিন্তু দ্বিতীয় বিবাহো সুখৰ নহ’ল দলজিতৰ। দ্বিতীয় বিবাহৰ প্ৰথম বিবাহবাৰ্ষিকীৰ পূৰ্বেই আহিছে দ্বিতীয় বিবাহ ভঙাৰ খবৰ। বিগত বৰ্ষত বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতেই স্বামী নিখিলৰ সৈতে সন্তান জেডনক লৈ দলজিতে মুম্বাই এৰি কেনিয়ালৈ গুচি গৈছিল দলজিৎ। কিন্তু এবছৰ নৌহওঁতেই তেওঁলোকৰ সংসাৰত ফাঁট মেলিছে। কেনিয়াৰ পৰা বিবাহৰ পাছতেই সুখী সুখী লগা ফটো শ্বেয়াৰ কৰিছিল দলজিতে। বিবাহৰ পাছতেই দলজিতে কৌৰ উপাধি সলনি কৰি পেটেল উপাধিও লিখিছিল।

কিন্তু সম্প্ৰতি দেশলৈ উভতি আহিছে দলজিৎ। নিজৰ সামাজিকমাধ্যমৰ পৃষ্ঠাৰ পৰা আঁতৰাই পেলাইছে পেটেল উপাধিও। মুছি পেলাইছে স্বামী নিখিলৰ সৈতে থকা সমস্ত ছবি। দলজিতৰ সামাজিক মাধ্যমৰ প্ৰফাইল দেখিয়েই বহুতে ধাৰণা কৰিছে যে দলজিতৰ সংসাৰত ভাঙোন আৰম্ভ হৈছে। ঘনিষ্ঠ সূত্ৰৰ খবৰ অনুসৰি বিবাহৰ প্ৰথম কেইটামান মাহ দুয়োৰে ঠিকেই চলিছিল। কিন্তু ক্ৰমশ দলজিতে নিখিলৰ প্ৰকৃত স্বৰূপসমূহ দেখিবলৈ আৰম্ভ কৰে। দুয়োৰে মাজত বুজাপৰাৰ অভাৱ হ’বলৈ ধৰে। মুম্বাইলৈ উভতি অহাৰ পূৰ্বে দলজিৎ আৰু তেওঁৰ স্বামী নিখিলৰ দাম্পত্য জীৱনত অত্যাধিক উঠানমা হ’বলৈ ধৰে। ঘনিষ্ঠ সূত্ৰই জনালেও দলজিৎ নতুবা নিখিল কোনোৱে বিচ্ছেদৰ আনুষ্ঠানিক ঘোষণা কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *