খাদ্যত ৫০ টকা ৰেহাই পাবলৈ গৈ ভৰিলে ৩৮ হাজাৰ টকা

খাদ্যত ৫০ টকা ৰেহাই পাবলৈ গৈ ভৰিলে ৩৮ হাজাৰ টকা

খাদ্য
খাদ্য
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

দেশত নিতৌ পোহৰলৈ আহে চাইবাৰ অপৰাধৰ ঘটনা। ভিন্ন কৌশল অৱলম্বন কৰি চাইবাৰ অপৰাধ সংঘটিত কৰি আহিছে দুষ্ট চক্ৰই। নানা চক্ৰান্তৰে সধাৰণ জনতাক জালত পেলায় চাইবাৰ অপৰাধীয়ে। মুম্বাই আৰক্ষীয়ে আহমেদাবাদত গ্ৰেপ্তাৰ কৰে দুগৰাকী লোকক। খাদ্যত ৰেহাইৰ প্ৰলোভনেৰে এগৰাকী লোকৰ পৰা ৩৮ হাজাৰ টকা সৰকোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে দুয়োকে।
তথ্য অনুসৰি খাদ্যত ৰেহাইৰ অফাৰ দি হাজাৰ হাজাৰ টকা লুটিছে দুই অপৰাধীয়ে। সামাজিক মাধ্যমৰ এটা পোষ্টৰ পৰাই চাইবাৰ অপৰাধীৰ চিকাৰ হয় ভুক্তভুগি। বিশেষ ৰেহাইৰ প্ৰলোভন সম্বলিত এটি লিংকত ক্লিক কৰি ভৰিবলগীয়া হয় বৃহৎ পৰিমাণৰ ধন। চাইবাৰ অপৰাধী চক্ৰই এটা নিৰামিষ থালিত ৫০ টকাৰ ৰেহাইৰ অফাৰৰ এক পোষ্ট শ্বেয়াৰ কৰে সামজিক মাধ্যমত। ভুক্তভুগিয়ে সেই লিংকত ক্লিক কৰে আৰু পৰৱৰ্তী পৰ্যায়ত নিৰ্দেশনা অনুসৰি নিজৰ বেংকৰ তথ্য সংলগ্ন কৰে। ইয়াৰ কিছুসময় পাছতেই ভুক্তভুগি লোকগৰাকীয়ে ৩৮ হাজাৰ টকা কাটি নিয়া বুলি বেংকৰ পৰা মেছেজ লাভ কৰে। চাইবাৰ অপৰাধীৰ চিকাৰ হোৱা বুলি অনুমান কৰি লগে লগে ভুক্তভুগিয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।
ঘটনাৰ তদন্ত কৰি মুম্বাই আৰক্ষীয়ে আহমেদাবাদৰ পৰা চাইবাৰ অপৰাধী দুজনক গ্ৰেপ্তাৰ কৰে। অপৰাধীদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত। আৰু ইয়াৰ পাছত শনিবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।
এনে দুষ্টচক্ৰৰ পৰা নিজকে বচাই ৰাখিবলৈ সাৱধানতা অৱলম্বন কৰাতো নিতান্তই বাঞ্চনীয়। ছ’চিয়েল মিডিয়াৰ কোনোধৰণৰ লিংক ক্লিক কৰাৰ পাছত অথবা অচিনাক্ত নম্বৰৰ পৰা অহা ফোন বা মেছেজত নিজৰ বেংকৰ তথ্য দিয়াৰ পৰা বিৰত থকা উচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *