বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম

বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

সামাজিক মাধ্যমত ক্ষমতা কিমান সেয়া আকৌ এবাৰ প্ৰমাণিত হ’ল৷ অভিনেতাৰ পৰা ক্ৰিকেটাৰলৈ, দিনহাজিৰা কৰা ব্যক্তিৰ পৰা চাকৰিয়াললৈ সকলো আগুৱাই আহিল সামাজিক মাধ্যমৰ এটা মাত্ৰ পোষ্টত৷ ২২ মহীয়া শিশু হৃদয়াংশক বচাবলৈ আগুৱাই আহিল সকলো৷ একাউণ্ট জমা হ’ল প্ৰয়োজনীয় কোটি টকা৷ কিন্তু কিয় ইমান টকাৰ প্ৰয়োজন হৈছিল শিশু হৃদয়াংশক? বিৰল জিনগত ৰোগত আক্ৰান্ত হৃদয়াংশ৷ এই বিৰল ৰোগৰ বাবে থেৰাপিৰ লগতে এটা বিশেষ বেজিৰ প্ৰয়োজন৷ এই এটা বেজিৰ দামেই আনুমানিক ১৭.৫ কোটি৷

ৰাজস্থান আৰক্ষীৰ ছাব ইন্সপেক্টৰ নৰেণ শৰ্মা৷ তেওঁৰ একমাত্ৰ সন্তান হৃদয়াংশ বিৰল জেনেটিক ডিছঅৰ্ডাৰ স্পাইনেল মাছকিউলাৰ এট্ৰোফিটত আক্ৰান্ত৷ এই বিৰল ৰোগৰ বাবে হৃদয়াংশৰ কঁকালৰ তলৰ অংশ লাহে লাহে কাম নকৰা হৈ পৰিছিল৷ বহু চিকিৎসকক দেখুৱাইয়ো কোনো সুফল নাপালে৷ শেষলৈ চিকিৎসকে পৰামৰ্শ দিয়ে যে শিশুটিক এটা বিশেষ বেজী দিয়াৰ বাবে অইন উপায় নাই৷

জোলগেনস্মা নামৰ এই বেজীৰ দাম ১৭.৫ কোটি টকা৷ এই বেজীৰ নিয়ম হৈছে এই বেজি শিশুটিৰ ২ বছৰ বয়সৰ ভিতৰত দিলেহে কামত দিয়ে৷ শিশুটিৰ চিকিৎসাৰ আশা এৰিয়েই দিছিল পিতৃ-মাতৃয়ে৷ সেই সময়তে ৰাজস্থান আৰক্ষীৰ তৰফৰ পৰা ক্ৰাউণ্ডফাণ্ডিং আৰম্ভ হয়৷ তেতিয়া হৃদয়াংশৰ বয়স হৈছিল ২০ মাহ৷ ডেডলাইনলৈ মাজত কেইটামান দিন৷ সামাজিক মাধ্যমত হৃদয়াংশৰ এই কাহিনী চকুত পৰিবলৈ আৰম্ভ হয়৷  ছচিয়েল মিডিয়াৰ জৰিয়তেই এই কাহিনী দৃষ্টিগোচৰ হয় চনু ছুডৰো৷ ইপিনে ক্ৰিকেটাৰ দীপক চাহাৰেও এই পোষ্ট দেখা পায়৷ তেওঁ নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলৰ পৰা এই ক্ৰাউডফাণ্ডিঙৰ পোষ্ট শ্বেয়াৰ কৰে৷ এই পোষ্টেই হৃদয়াংশক নৱজীৱন ঘূৰাই পোৱাত সহায় কৰিছে৷ বিভিন্ন লোকৰ লগতে এনজিঅ’সহ বহুজন আগুৱাই আহে৷ তিনি মাহতকৈয়ো কম সময়ৰ ভিতৰত যোগাৰ হয় ৯ কোটি টকা৷ অৱশেষত জয়পুৰৰ জেকে ল’ন হাস্পতালে বিশেষ বেজীটো দিয়ে শিশু হৃদয়াংশক৷  ইঞ্জেকছনৰ বাকী দামল আগন্তুক এবছৰৰ ভিতৰত দি শেষ কৰা হ’ব বুলি হাস্পতাল কৰ্তৃপক্ষক পিতৃয়ে জনায়৷

 

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *