‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?

‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-
গান্ধী পৰিয়ালক লৈ মন্তব্য কৰি চমন পায়ো থমকি ৰোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আকৌ এবাৰ গান্ধী পৰিয়ালক লৈ আক্ৰমণাত্মক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? কংগ্ৰেছে এই প্ৰশ্নৰ উত্তৰ দিবলৈ চিন্তা কৰিব লাগে। কিন্তু বিজেপিক এবাৰ প্ৰশ্ন কৰক।’

ভাৰত ডাঙৰ নে বিজেপি দল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই কয় ‘ভাৰত মাতা কি জয়’৷ আমি কওঁ পাৰ্টী পাছত, দেশ আগত৷ কিন্তু কংগ্ৰেছৰ কৰ্মকৰ্তাক শিকোৱা হয়, ৰাম, লক্ষ্মণ, শিৱ নহয়৷ নেহৰুৰ নাম আগতে লওক৷ তাৰপিছত ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী৷ তাৰপিছত প্ৰিয়ংকা গান্ধী আৰু ৰাহুলৰ নাম লওক৷ ৰবাৰ্ট ভাদ্ৰাকো এৰি নিদিয়ে গান্ধী পৰিয়ালে৷ গান্ধী ফেমিলি কি আচৰিত বস্তু৷ বাৰে বাৰে ফেমিলিৰ চৰ্চা লাগে৷ দেশৰ কথা কওক, জনতাৰ কথা কওক৷ নাই তেওঁলোকে দেশৰ কথা তেওঁলোকে একদমেই নকয়৷’

ৰাজস্থানৰ কুটাত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক টাৰ্গেট কৰি এটাৰ পাছত আনটো উদাত্ত ভাষণ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কংগ্ৰেছৰ ওপৰিও গান্ধী পৰিয়ালক আকৌ এবাৰ টাৰ্গেট কৰি এতিয়া এক্স হেণ্ডেলত বিশেষ চৰ্চাত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *