ছেমি ফাইনেলত অধিনায়ক হ’ব নেকি কোহলী? ৰোহিত সমৰ্থকৰ গৰ্জন!

ছেমি ফাইনেলত অধিনায়ক হ’ব নেকি কোহলী? ৰোহিত সমৰ্থকৰ গৰ্জন!

কোহলী
কোহলী
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অপ্ৰতিৰোধ্যভাবে আগবাঢ়িছে ভাৰতৰ বিশ্বকাপৰ অশ্বমেধ। দুৰ্দান্ত ফৰ্মত থকা ভাৰতীয় দলটো একেৰাহে ৯ খন মেচত অপৰাজিত হৈ সাজু হৈছে ছেমি ফাইনেলৰ বাবে। বুধবাৰে নিউজীলেণ্ডৰ সৈতে ছেমি ফাইনেলত মুখামুখি হ’ব টীম ইণ্ডিয়া। ২০১৯ বিশ্বকাপ ছেমি ফাইনেলৰ স্মৃতিয়ে কিছু আমনি কৰিলেও এইবাৰ পোতক তুলিবলৈ প্ৰৱল আত্মবিশ্বাসী ভাৰতীয় দল তথা দলৰ ‘টুৱেলফ্‌থ মেন’ৰূপে পৰিগণিত দেশৰ কোটি কোটি সমৰ্থক। কিন্তু ছেমি ফাইনেলৰ পূৰ্বে সূত্ৰপাত হয় এক বিতৰ্কৰ। পুনৰবাৰ দুভাগত বিভক্ত হৈছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ সমৰ্থক।
এইবাৰ বিশ্বকাপৰ সমুখৰ পৰা নেতৃত্ব দি দলৰ বিজয়ত অধিনায়কৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে ৰোহিত শৰ্মাই। প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে দলৰ প্ৰশিক্ষকৰ পৰা আদি কৰি প্ৰাক্তন খেলুৱৈৰ। অগণন সমৰ্থকেও উৎসাহিত কৰি আহিছে ৰোহিতক। ৰোহিত শৰ্মাই বেটিঙত দলক এক ইতিবাচক আৰম্ভণি দিয়াৰ পাছত মধ্যক্ৰমত দলৰ ভাৰ চম্ভালিছে কিং কোহলীয়ে। আন্তঃৰাষ্ট্ৰীয় এদিনীয়া কেৰিয়াৰত ৪৯ টা শতকেৰে শচীন তেণ্ডুলকাৰৰ অভিলেখ স্পৰ্শ কৰা কোহলীৰ লগতে উজ্জীৱিত প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিছে মধ্যক্ৰমৰ বেটাৰসকলে। প্ৰতিপক্ষৰ বেটিং শক্তিক তচনচ কৰাৰ যুঁজত সফল হৈছে ভাৰতৰ বলিং শক্তি। ইয়াৰ মাজতে খেলপথাৰৰ বাহিৰত আৰম্ভ হৈছে আন এক যুঁজ।
এদিনীয়া বিশ্বকাপৰ সম্প্ৰচাৰক ষ্টাৰ স্প’ৰ্টছক লৈ তীব্ৰ অসন্তুষ্ট হৈছে একাংশ ক্ৰিকেট সমৰ্থক। ষ্টাৰ স্প’ৰ্টছে প্ৰকাশ কৰা ভাৰত-নিউজীলেণ্ডৰ মাজৰ ছেমি ফাইনেলৰ প্ৰমোশ্যনৰ এখন ফটোক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ছেমি ফাইনেলৰ সময়সূচী সম্বলিত ষ্টাৰ স্প’ৰ্টছৰ ফটোখনত নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনৰ সৈতে সংলগ্ন কৰা হৈছে ভাৰতৰ তাৰকা খেলুৱৈ বিৰাট কোহলীৰ ফটো। তাতেই খৰ্গহস্ত হয় ৰোহিত শৰ্মাৰ একাংশ সমৰ্থক। এয়া ষ্টাৰ স্প’ৰ্টছৰ বিৰাট কোহলীক নায়ক বনোৱাৰ এক অভিসন্ধি বুলি অভিযোগ উত্থাপন কৰিছে ৰোহিত সমৰ্থকে। য’ত নেকি ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশত অধিনায়ক ৰোহিতৰো যথেষ্ট অৱদান আছে বুলি ক্ষোভ উজাৰিছে একাংশই।
ইয়াকে লৈ কোহলী আৰু ৰোহিত সমৰ্থকৰ মাজত আৰম্ভ হয় মতযুদ্ধৰ। প্ৰসংগ উত্থাপন হৈছে ১৯৮৩ আৰু ২০১১ বিশ্বকাপৰ। ২০১১ বিশ্বকাপত গৌতম গম্ভীৰৰ অৱদান অনস্বীকাৰ্য আছিল আৰু কেৱল মহেন্দ্ৰ সিং ধোনীক নায়ক সজোৱা হৈছিল বুলি এগৰাকীয়ে মত প্ৰকাশ কৰে। সমান্তৰালভাবে গৌতম গম্ভীৰৰ এক ভিডিঅ’ ভাইৰেল হৈছে য’ত ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈগৰাকীয়ে কয় যে, ‘১৯৮৩ বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেলত মহিন্দৰ অমৰনাথ প্লেয়াৰ অব দ্য মেচ হৈছিল কিন্তু তেওঁক আজি কোনেও নাজানে’।
দলক ফাইনেলত উপনীত কৰোৱাবলৈ ছেমি ফাইনেলৰ প্ৰস্তুতিত ৰোহিত শৰ্মা আৰু বিৰাট কোহলী ব্যস্ত থকাৰ মাজতে এতিয়া দুয়োৰে সমৰ্থক ব্যস্ত হৈ পৰিছে মতযুদ্ধত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *