শুক্ৰবাৰে ধন যোগ, ইয়াৰোপৰি থাকিব লক্ষ্মীৰ আশীৰ্বাদ! হঠাৎ ৫ৰাশিৰ হাতলৈ আহিব ধন

শুক্ৰবাৰে ধন যোগ, ইয়াৰোপৰি থাকিব লক্ষ্মীৰ আশীৰ্বাদ! হঠাৎ ৫ৰাশিৰ হাতলৈ আহিব ধন

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২ ফেব্ৰুৱাৰী ২০২৪ শুক্ৰবাৰে চন্দ্ৰ তুলা ৰাশিত ৰাখিব। পঞ্জিকা অনুসৰি কালি হৈছে মাঘ মাহৰ কৃষ্ণপক্ষৰ সপ্তমী তিথি। শুকুৰবাৰে কেইবাটাও শুভ যোগ গঠিত হ’ব। শুক্ৰবাৰে থাকিবলগা শুভ যোগসমূহ হৈছে ত্ৰিগ্ৰহী যোগ আৰু ধন যোগ। ইয়াৰোপৰি কাইলৈ শুকুৰবাৰে থাকিব স্বাতী নক্ষত্ৰ। এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো অত্যন্ত মাহাত্ম্যপূৰ্ণ হ’ব। ইয়াৰোপৰি হিন্দুধৰ্ম অনুসৰি শুকুৰবাৰ মা লক্ষ্মীৰ প্ৰিয় দিন। এই দিনটোত ধন দেৱীৰ আৰাধনা কৰিলে তেওঁৰ বিশেষ আশীৰ্বাদ লাভ কৰাটো সম্ভৱ হয়। জ্যোতিষ গণনা অনুসৰি কাইলৈ ধন যোগত দেৱীৰ আশীৰ্বাদচ ভাগ্য খুলিব ৫ৰাশিৰ জাতকৰ। শুক্ৰ গ্ৰহৰ প্রভাৱত কাইলৈ এই ৫ৰাশিৰ জাতকে সুখ সৌভাগ্য আৰু সাফল্য লাভ কৰিব। কাইলৈ ২ ফেব্ৰুৱাৰী ২০২৪ত কোন কোন ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব জানি থওক।

বৃষ ৰাশি
২ ফেব্ৰুৱাৰী ২০২৪ত ধন যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ। কাইলৈ দিনটো আপুনি আনন্দেৰে কটাব। হঠাৎ অৰ্থলাভৰ যোগ আছে। সামাজিক কাম কৰাৰ ফলত সমাজত সন্মান বৃদ্ধি পাব বৃষ ৰাশিৰ জাতকৰ। কাইলৈ আপুনি যি কামতেই হাত নিদিয়ক কিয় তাতেই সফলতা পাব। আৰ্থিক পৰিস্থিতি উন্নত হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

কৰ্কট ৰাশি
ধন যোগৰ শুভ ফল কাইলৈ লাভ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে। কাইলৈ লক্ষ্মীৰ কৃপাত আপোনাৰ জীৱনত সকলো সংকট কাটি নতুন দিনৰ শুভাৰম্ভ হ’ব। পুৰণা কোনো অসুখ থাকিলে সেয়া দূৰ হ’ব। কাইলৈ বিশেষ সাহসৰ পৰিচয় দিব পাৰে। নিজৰ সকলো কাম কাজ সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে। প্ৰয়োজনৰ সময়ত বন্ধুক কাষতে পাব।

সিংহ ৰাশি
কাইলৈ ২ জানুৱাৰী ধন যোগৰ প্রভাৱত ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ। কাইলৈ আপোনাৰ পাৰিবাৰিক জীৱনত সুখ থাকিব আৰু নিজৰ বিৰোধীসকলক পৰাজিত কৰি জয়লাভ কৰিব পাৰিব। আপোনাৰ কামৰ সুবাদত কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ প্ৰশংসা পাব আৰু কৰ্মক্ষেত্ৰৰ পৰিবেশ আপোনাৰ অনুকূল থাকিব। আইনী যুঁজত কাইলৈ আপুনি সফল হ’ব। ব্যৱসায়ত লাভ বাঢ়িব।

বৃশ্চিক ৰাশি
চিত্ৰা নক্ষত্ৰৰ প্রভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। কাইলৈ ভাগ্যই সংগ দিব বৃশ্চিক ৰাশিৰ জাতকক। প্ৰচুৰ এনাৰ্জিত কাইলৈ টগবগাই থাকিব এই ৰাশিৰ জাতক। সকলো অসম্পূৰ্ণ কাম কাইলৈ সম্পন্ন হ’ব। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব পাৰে। ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বাঢ়িব আৰু পৰীক্ষাতো ভাল ফলাফল লাভ কৰিব।

ধনু ৰাশি
২ফেব্ৰুৱাৰীত কোনো শুভ অনুষ্ঠানত অংশ ল’ব পাৰে ধনু ৰাশিৰ জাতকে। ত্ৰিগ্ৰহী যোগৰ শুভ ফল কাইলৈ লাভ কৰিব ধনু ৰাশিৰ জাতকে। কাইলৈ কিছু অৰ্থলাভ কৰাৰ যোগ আছে আপোনাৰ। নানান কামত ব্যস্ত থাকিলেও সন্ধিয়া বন্ধুৰ সৈতে সুখৰ সময় কটাব। পুৰণা বিনিয়োগৰ পৰা আৰ্থিক লাভ হ’ব। পৰিয়ালৰ সৈতেও সু-সময় কটাব।

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *