পিঠিত মলৰ বেগ লৈয়েই জয় কৰিব লাগিব এভাৰেষ্ট! পৰ্বতাৰোহীৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

পিঠিত মলৰ বেগ লৈয়েই জয় কৰিব লাগিব এভাৰেষ্ট! পৰ্বতাৰোহীৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- পৰ্বতাৰোগীসকলৰ বাবে এভাৰেষ্ট জয় কৰাটো এক সপোন। সেই সপোনক সঁচা কৰিবলৈকে প্ৰাণৰ সংশয় নেওচি সেই দুৰ্গম গিৰিপথত যাত্ৰা কৰে দেশী-বিদেশী পৰ্বতাৰোহীয়ে। মানুহৰ অবাধ বিচৰণ এতিয়া এভাৰেষ্টত। মানুহৰ আহযাহ বঢ়াৰ বাবেই পাহাৰৰ পৰিবেশ নষ্ট হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এভাৰেষ্ট আৰু লোৎস পৰ্বতত অভিযানলৈ গ’লে দেশ বিদেশৰ পৰ্বতাৰোহীয়ে লগত বৰ্জ্য সংগ্ৰহ কৰিবলৈ বেগ লৈ যাব লাগিব। পৰিবেশৰ কথা মনত ৰাখি নতুনকৈ এই নিয়ম আৰম্ভ কৰিছে স্থানীয় পাছাং লামু গ্ৰামীণ পৌৰসভাই।

বিগত বৰ্ষৰ তুলনাত এইবাৰ এভাৰেষ্ট আৰোহীৰ সংখ্যা বহুপৰিমাণে বৃদ্ধি পাইছে। বৃদ্ধি পাইছে আৱৰ্জনাও। এই সকলোবোৰ বৰ্জ্য পদাৰ্থৰ বাবে ক্ৰমশ দুৰ্গন্ধময় হৈ পৰিছে এভাৰেষ্ট। প্ৰশাসনৰ ওচৰত এয়া সঁচাকৈয়ে চিন্তাৰ বিষয়। সেয়ে পাহাৰৰ পৰিবেশ ৰক্ষা কৰিবৰ বাবেই এই সিদ্ধান্ত লৈছে স্থানীয় পৌৰসভাই। পৌৰসভাৰ চেয়াৰমেন মিঙ্গামা শেৰপাই এক সাক্ষাৎকাৰত কয়, ‘পাহাৰত নানান বৰ্জ্য পদাৰ্থ পেলাই থৈ আহিছে যাৰবাবে এভাৰেষ্ট লেতেৰা হৈ পৰিছে। এই বিষয়টোক লৈ পৰ্বতাৰোহীসকলৰ মাজতো অসুবিধাই দেখা দিছে। তেওঁলোকৰ স্বাস্থ্যৰ কথা চিন্তা কৰিয়েই পৰ্বতাৰোহীসকলৰ সৈতে বৰ্জ্য জমা ৰখা বেগ লৈ যাবলৈকো আহ্বান জনোৱা হৈছে।

যাত্ৰাপথত মল, মূত্ৰসহ যাৱতীয় বৰ্জ্য জমা ৰাখিবলৈ সেই বেগ লৈ যাবলৈ আহ্বান জনোৱা হৈছে। অভিযানৰ শেষত বেছকেম্পত উভতি আহিহে সেই বেগ পেলাব পাৰিব পৰ্বতাৰোহীয়ে। ওভতি অহাৰ সময়ত প্ৰত্যেক অভিযাত্ৰীসকলৰ বেগ নিৰীক্ষণ কৰা হ’ব বুলিও জনোৱ হৈছে প্ৰশাসনৰ পৰা। বেছকেম্পৰ পৰা এভাৰেষ্টলৈ যাত্ৰা কৰাৰ পথত আকৌ উভতি আহি মলমূত্ৰ ত্যাগ কৰা সম্ভৱ নহয়, সেয়ে যাত্ৰাপথতেই মলমূত্ৰ ত্যাগ কৰে পৰ্বতাৰোহীয়ে। কিন্তু এতিয়াৰে পৰা যাত্ৰাপথত মলমূত্ৰ ত্যাগ কৰিব নোৱাৰিব কোনো পৰ্বতাৰোহীয়ে। লগত লৈ যোৱা বিশেষ বেগতহে মল মূত্ৰ ত্যাগ কৰিব লাগিব পৰ্বতাৰোহীয়ে। এভাৰেষ্টৰ তাপমাত্ৰাৰ কাৰণে সেই সকলো বৰ্জ্য পদাৰ্থ মাটিৰ সৈতে মিহলি হৈ নাযায়। বৰফত পানীৰ সৈতে গলি সেই পদাৰ্থ চৌদিশে বিয়পি পৰি দুৰ্গন্ধ বিয়পায়। যাৰ ফলত বিদেশৰ পৰ্বতাৰোহীৰ ওচৰত ভাৰতীয়ৰ ভাৱমূৰ্তিও নষ্ট হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *