প্ৰেমৰ চহৰত হিংসাৰ দাৱানল! বিশ্ববিখ্যাত মনালিছাৰ সেই ৰহস্যময় ছবিৰ ওপৰত প্ৰতিবাদকাৰীয়ে ঢালি দিলে হালধীয়া পদাৰ্থ

প্ৰেমৰ চহৰত হিংসাৰ দাৱানল! বিশ্ববিখ্যাত মনালিছাৰ সেই ৰহস্যময় ছবিৰ ওপৰত প্ৰতিবাদকাৰীয়ে ঢালি দিলে হালধীয়া পদাৰ্থ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কম মজুৰিসহ বেছ কিছু সমস্যাৰ বিৰুদ্ধে ফ্ৰান্সজুৰি চলিছে কৃষক বিক্ষোভ৷ তাৰমাজতেই দেওবাৰে মনালিছাৰ ওপৰতো চলিল আক্ৰমণ৷ ১৫০৩ চনত লিঅ’নাৰ্ডো দ্যা ভিঞ্চিয়ে অঁকা এই বিশ্ববিখ্যাত ৰহস্যময় ছবিখনৰ ওপৰতেই এইবাৰ চলিছে আক্ৰমণ৷ পেৰিছৰ বিখ্যাত ল্যুভৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে ইটালীৰ ৰেনেছাঁৰ এই বিশেষ চিত্ৰ৷ তাতেই এটা কাঁচৰ বাকচত সোমোৱাই থোৱা হৈছে এই ছবিখন৷

সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’৷ তাতেই একাংশ প্ৰতিবাদকাৰীয়ে কাঁচৰ ভিতৰত বন্দি মনালিছাৰ মুখলৈ মাৰি পঠিয়াইছে চছ৷ পেইণ্টিঙৰ সন্মুখত নিৰাপত্তাবেষ্টনীও আছে৷ সেই বেষ্টনী ভাঙি গৈ মনালিছাৰ চিত্ৰ বন্দি হৈ থকা কাঁচৰ বক্সৰ ওপৰত ঢালি দিছে হালধীয়া বিশেষ পদাৰ্থ৷ সেই পদাৰ্থ ঢালি ঢালিয়েই শ্লোগানো দিছে ব্যক্তিজনে৷ ব্যক্তিজনে চিঞৰিছে, ‘সকলোতকৈ গুৰুত্বপূৰ্ণ কি? শিল্পকৰ্ম নে স্বাস্থ্যকৰ খাদ্য? খাদ্যৰ অধিকাৰ আমাৰ নাই নেকি? আমাৰ কৃষি ব্যৱস্থা একেবাৰেই অসুস্থ হৈ পৰিছে৷ পথাৰত কাম কৰি কৰিয়েই কৃষক মৰি গৈছে৷’

এই ঘটনাৰ পাছতেই তাত কৰ্মৰত এজন কৰ্মচাৰীয়ে ছবিখন ক’লা কাপোৰেৰে ঢাকি পেলায়৷ উপস্থিত সকলো দৰ্শককে এই স্থানৰ পৰা ওলাই যাবলৈকো নিৰ্দেশ দিয়া হয়৷ ঘটনাৰ পাছতেই তাৎক্ষণিকভাৱে সেই স্থানত উপস্থিত হৈ পেৰিছ আৰক্ষীয়ে দুজন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে৷ প্ৰতিবাদকাৰীৰ টি-ছাৰ্টত লিখা আছে ‘ফুড ৰিপোষ্ট’৷ ‘ফুড ৰিপোষ্ট’ ফ্ৰান্সৰ জলবায়ুৰ ওপৰত কাম কৰি থকা এটা বিশেষ বেচৰকাৰী সংস্থা৷ ফুড ৰিপোষ্টৰ ৱেবচাইটত লিখা আছে, ‘জলবায়ু প্ৰতিশ্ৰুতি ভংগ কৰিছে ফৰাচী চৰকাৰে৷ কৃষকক পৰ্যাপ্ত আয় প্ৰদানৰ ওপৰিও, তেওঁলোকে যাতে স্বাস্থ্যকৰ খাদ্য খাবলৈ পায় তাৰবাবে স্বাস্থ্য পৰিসেৱা ব্যৱস্থাৰ দৰে ঠায়ে ঠায়ে খাদ্য বণ্টনৰ ব্যৱস্থাও আৰম্ভ কৰিব লাগে৷ এয়াই আমাৰ দাবী৷’

https://x.com/riposte_alim/status/1751554609720471872?s=20

উল্লেখ্য যে, ফ্ৰান্সৰ ক্ষুদ্ধ কৃষকসকলে বৰ্তমান ফ্ৰান্সৰ বিভিন্ন স্থানত ট্ৰেক্টৰেৰে ৰাস্তা অৱৰোধ কৰি বিক্ষোভ কৰিছে৷ প্ৰতিবাদৰ অংশ হিচাপে চৰকাৰী অফিচৰ দুৱাৰে দুৱাৰে দুৰ্গন্ধময় কৃষিৰ বৰ্জিত পদাৰ্থ পেলাই দিয়া হৈছে৷ তেওঁলোকৰ এটাই দাবী, পণ্যৰ উচিত মূল্য লাগে৷ কৃষকে যাতে কৃষি বিষয়ক স্কিমৰ বাবে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিব নালাগে তাৰবাবেও বিশেষ ব্যৱস্থা গঢ়ি তোলক৷ অৰ্থাৎ চমুকৈ চৰকাৰী প্ৰক্ৰিয়াৰ সৰলীকৰণ৷ ইয়াৰোপৰি ফৰাছী কৃষকৰ দাবী যে, বিদেশৰ পৰা কৃষিজ পণ্য আমদানীত চৰকাৰী সুৰক্ষা প্ৰদান কৰিব লাগিব চৰকাৰে৷ শুকুৰবাৰে ফৰাছী চৰকাৰে একাধিক পদক্ষেপ লোৱাৰ কথা ঘোষণাও কৰিছিল৷ কিন্তু চৰকাৰ আঁচনিত মুঠেও সন্তুষ্ট নহয় কৃষকসকল৷ সোমবাৰৰ পৰা ৰাজধানী পেৰিচৰ ৰাস্তাঘাট অৱৰোধ কৰাৰো হুংকাৰ দিছে এইবাৰ প্ৰতিবাদী কৃষকে৷

(সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’ৰ সত্যতা সম্পৰ্কে অসম লাইভ কতৃপক্ষই কোনো সত্যতা বিচাৰ কৰা নাই, ভাইৰেল ভিডিঅ’টোত দেখা অনুসৰিয়েই এই বাতৰি প্ৰস্তুত কৰা হৈছে৷)

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *