পাৰফেক্ট জীৱনসংগী বাচি লওক ৰাশি মানি! সাতোজন্মলৈকে অটুত থাকিব সম্পৰ্ক

পাৰফেক্ট জীৱনসংগী বাচি লওক ৰাশি মানি! সাতোজন্মলৈকে অটুত থাকিব সম্পৰ্ক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- স্কুলৰ পৰা বন্ধুত্ব, তাৰপাছতেই প্ৰেম-ভালপোৱা, সম্পৰ্ক ইয়াতকৈয়ো এঢাপ আগুৱাই আকৌ বিবাহ বান্ধোন। এই সকলোবোৰ কথাৰেই আমাৰ জীৱনশৈলীৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক আছে। স্কুল কলেজৰ বন্ধুত্ব কেতিয়াবা শেষ হৈ যায় কিন্তু প্ৰেমৰ সম্পৰ্ক বা বিবাহৰ সম্পৰ্ক বিচ্ছেদ আমি নিবিচাৰো। বিবাহৰ পাছতেই সংগীৰ সৈতে হঠাৎ বিচ্ছেদ হোৱাৰ ঘটনা দিনকদিনে বাঢ়ি আহিছে। এয়া অস্বাভাৱিক ঘটনা নহ’লেও আমাৰা সমাজ জীৱনত বিচ্ছেদ আজিও সহজভাৱে ল’ব পৰা বিষয় নহয়। জ্যোতিষীয়ে জনোৱা অনুসৰি প্ৰেম, বিবাহ এই সকোলোবোৰ এক ৰাশিচক্ৰৰ ভিতৰতেই ঘটি থকা ঘটনা। ৰাশি মানি জীৱনসংগী বিচাৰি ল’লে আজীৱন এই সম্পৰ্ক অটুত থাকে বুলি দাবী কৰে জ্যোতিষ শাস্ত্ৰই।

যদি প্ৰেম, বিবাহ ৰাশিচক্ৰৰ বিপৰীতে ঘটে তেন্তে বিবাহিত জীৱনত অশান্তিৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। ৭ফেব্ৰুৱাৰীৰ পৰা যিহেতু আৰম্ভ হৈথে ভেলেণ্টাইন সপ্তাহ। ৮ ফেব্ৰুৱাৰী হৈছে প্ৰপজ ডে। এই দিনটোত নিজৰ সংগীক নিজৰ মনৰ কথা আপুনি খুলি ক’ব পাবে। কিন্তু আপোনাৰ ভাললগা ব্যক্তিগৰাকীৰ ৰাশি কি পূৰ্বেই জানি ল’লে পাছলৈ কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয়।

কোন ৰাশিৰ জাতকৰ সৈতে কোন ৰাশিৰ জাতকৰ যুঁটি শুভ হয় এতিয়াই জানি থওক

১) মেষ ৰাশিৰ জাতকৰ বাবে ভাল জীৱনসংগী হয় কুম্ভ ৰাশিৰ জাতকসকল।
২) বৃষ ৰাশিৰ জাতকৰ বাবে শুভ সংগী হৈছে কন্যা ৰাশিৰ জাতকসকল।
৩) মিথুন ৰাশিৰ জাতকৰ বাবে ভাল জীৱনসংগী হৈছে তুলা ৰাশিৰ জাতকসকল।
৪) কৰ্কট ৰাশিৰ জাতকৰ বাবে ভাল সংগী হৈছে মীন ৰাশিৰ জাতক।
৫) ধনু ৰাশিৰ জাতকৰ বাবে সিংহ ৰাশিৰ জাতকসকল ভাল সংগী।
৬) কন্যা ৰাশিৰ জাতকৰ বাবে ভাল সংগী সৈতে মেষ ৰাশিৰ জাতকসকল।
৭) মিথুন ৰাশিৰ জাতকৰ বাবে ভাল সংগী হ’ব পাৰে তুলা ৰাশিৰ জাতকসকল।
৮) সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বৃশ্চিক ৰাশিৰ জাতকসকল ভাল সংগী হ’ব পাৰে।
৯) ধনু ৰাশিৰ জাতকৰ বাবে ভাল সংগী হৈছে সিংহ ৰাশিৰ জাতকসকল।
১০) মকৰ ৰাশিৰ জাতকসকলৰ বাবে ভাল সংগী হৈছে বৃষ আৰু কৰ্কট ৰাশিৰ জাতক।
১১) কুম্ভ ৰাশিৰ জাতকৰ বাবে মেষেই উত্তম সংগী।
১২) মীন ৰাশিৰ জাতকৰ বাবে কৰ্কট ৰাশিৰ জাতকেই ভাল সংগী।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *