ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২৩ আগষ্ট ২০২৩, ভাৰতৰ মহাকাশ গৱেষণাৰ ইতিহাসত নতুন দিগন্তৰ উন্মোদন হৈছিল। বিশ্ব ৰেকৰ্ড গঢ়ি চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমবাৰৰ বাবে ভৰি থলে ভাৰতে। চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে ভৰি থৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত। সেই নিৰ্দিষ্ট পয়েণ্টটোৰ নাম দিয়া হৈছে শিৱশক্তি পয়েণ্ট। সমগ্ৰ বিশ্বই ভাৰতৰ এই সফলতাক প্ৰশংসা কৰাৰ সময়তেই চীনৰ বিজ্ঞানীয়ে কৰিছে বিশেষ মন্তব্য। ভাৰতৰ চন্দ্ৰযান-৩ৰ লৈ বিস্ফোৰক দাবী কৰিছে ঝি জিনপিংঙৰ দেশৰ বিজ্ঞানীয়ে। আৰম্ভণিৰে পৰা ইউৰোপীয় মহাকাশ গৱেষণা সংস্থাসমূহৰ লগতে নাছাইয়ো ভাৰতৰ সাফল্যক বাহ বাহ দিছে।

চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি দিয়া ভাৰতেই প্ৰথমখন ৰাষ্ট্ৰ বুলি সকলোৱে স্বীকাৰ কৰি ল’লেও চীনে এই কথা মানি ল’ব খোজা নাই। ভাৰতৰ উন্নতি চীনে কৰোবাত মানি ল’ব পৰা নাই। চীনৰ মুন মিছনৰ সংস্থাপকে ভাৰতৰ চন্দ্ৰযা-৩ মিছনক অসফল মিছন আখ্যা দি কয়, ‘চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত পদাৰ্পণ কৰাই নাই। ভাৰতৰ দাবী সম্পূৰ্ণ সঠিক নহয়।’ বুধবাৰে চীনৰ প্ৰথম মুন মিছনৰ প্ৰধান বিজ্ঞানী ঝিয়ায়ুণে কয়, ‘চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতেই প্ৰথম মহাকাশান নমাইছে বুলি মিছাকৈ কৈছে। এই বাখ্যাও ভুল। দক্ষিণ গোলাৰ্ধ নে দক্ষিণ মেৰু? ক’ত যান নমাইছে ভাৰতে? সেই কথা স্পষ্টকৈ কোৱা নাই ভাৰতে।’ চাইনিজ একাডেমি অৱ চায়েন্সৰ সদস্যই এঢাপ এঢাপকৈ আগুৱাই গৈ কয়, ‘ভাৰতৰ চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধতহে নামিছে দক্ষিণ মেৰুৰ পৰা সেই স্থানৰ দূৰত্ব প্ৰায় ৬০০ কিঃমিঃ।’

চীনৰ বিজ্ঞানীৰ কি কি দাবী?

চীনৰ প্ৰথম মুন মিছনৰ প্ৰধান বিজ্ঞানী ঝিয়ায়ুনে কয়, ‘ভাৰতৰ চন্দ্ৰযান-৩ৰ ৰোভাৰে চন্দ্ৰৰ দক্ষিণ অক্ষাংশৰ ৬৯ ডিগ্ৰীত অৱতৰণ কৰিছে। কিন্তু চন্দ্ৰৰ দক্ষিণীমেৰু ৮৮.৫ অৰ্থাৎ ৯০ ডিগ্ৰী অক্ষাংশৰ মাজত থাকে।’ উল্লেখ্য যে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব অনুযায়ী ২৩.৫ ডিগ্ৰী অক্ষাংশত প্ৰদক্ষিণ কৰে। ফলত সেই অৱস্থান অনুযায়ী পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ অক্ষাংশ হয় ৬৬.৫ৰ পৰা ৯০ ডিগ্ৰীৰ মাজত। ইউৰোপীয় মহাকাশ এজেন্সিৰ বক্তব্য, চন্দ্ৰযান-৩য়ে যি স্থানত অৱতৰণ কৰিছে সেয়া দক্ষিণী ধ্ৰুৱ কেন্দ্ৰ নহয়। চন্দ্ৰৰ এই অংশত ইমানেই গভীৰ গাঁত আছে যে তাত ছফট লেণ্ডিং কৰা সম্ভৱেই নহয়। আনহাতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ মতে ৮০ পৰা ৯০ ডিগ্ৰীৰ মাজৰ দক্ষিণ অংশকেই চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱ কেন্দ্ৰ বুলি কোৱা হয়। দক্ষিণ মেৰু কেন্দ্ৰৰ বাহিৰত অৱতৰণ কৰিছে ভাৰতৰ চন্দ্ৰাযান-৩য়ে। নাছাৰ বিজ্ঞানী নেলছনে এই সন্দৰ্ভত কয়, ‘চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ ছফট লেণ্ডিং কৰোৱাৰ বাবেৱ ইছৰোৰ বিজ্ঞানীক অভিনন্দন।’

হংকং বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক লি মেন হোৱেইনে কয়, ‘পূৰ্বৰ সকলো মহাকাশযানৰ পৰা আগুৱাই চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত অৱতৰণ কৰিছে ভাৰতৰ চন্দ্ৰযান-৩য়ে। ভাৰতৰ সফলতা এয়াই যে দক্ষিণ গোলাৰ্ধত প্ৰৱেশ কৰি দক্ষিণ মেৰুৰ ওচৰলৈকে যোৱা দেশ বৰ্তমানলৈ কেৱল ভাৰতেই। ২০১৯ চনৰ চীনৰ মুন মিছনলৈ যদি চোৱা যায় তেন্তে চীনৰ মুন মিছনত যানখনে দক্ষিণ গোলাৰ্ধৰ ৪৫.৫৫ ডিগ্ৰী অক্ষাংশ পৰ্যন্ত যাবলৈ সক্ষম হৈছিল। অৱশ্যে ভাৰতে ইয়াতকৈ কিছু আগুৱাই গৈছে।’

মহাকাশ গৱেষক কেণ্টিন পাৰ্কাৰৰ মতে, ‘ভাৰতৰ চন্দ্ৰযান ৩ য়ে ক’ত অৱতৰণ কৰিছেল তাক লৈ কোনো স্পষ্ট ধাৰণা নাই। কিন্তু আমি এই কথা নিশ্চিতভাৱে ক’ব পাৰো যে ভাৰতৰ চন্দ্ৰযান-৩য়ে দক্ষিণ মেৰুত নামিব পৰা নাই। চন্দ্ৰৰ দক্ষিণ মেৰু হিচাপে চিহ্নিত কৰা স্থানত কোনো দেশৰ যানেই এতিয়ালৈকে অৱতৰণ কৰিব পৰা নাই। কিন্তু ভাৰতে দক্ষিণ মেৰুত নামিব নোৱাৰিলেও দক্ষিণ গোলাৰ্ধত অৱতৰণ কৰিছে। এয়াও এক ৰেকৰ্ড। ভাৰতে এই সফলতাক উদযাপন কৰাত বেয়া পাব লগা একো নাই।’

উল্লেখ্য যে চীনে ২০২৬ চন্দ্ৰৰ দক্ষিণ মেৰুলৈ মহাকাশযান পঠিওৱাৰ পূৰ্ণ প্ৰস্তুতি চলাই। চীনৰ এই মুন মিছনো চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধতেই হ’ব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে।

লেটেষ্ট খবৰ, ভিডিঅ’ সবিশেষ তথ্য লাভ কৰিবৰ বাবে Follow কৰক আমাৰ ডিজিটেল whatsapp চেনেল। ক্লিক কৰক https://whatsapp.com/channel/0029VaARwBWLdQeV6sgVPB3Y

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *