চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ চীনে তৈয়াৰ কৰিব গৱেষণাগাৰ! চীনে মুকলি কৰিলে বিশেষ ভিডিঅ’

চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ চীনে তৈয়াৰ কৰিব গৱেষণাগাৰ! চীনে মুকলি কৰিলে বিশেষ ভিডিঅ’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ গৱেষণাগাৰ তৈয়াৰৰ পৰিকল্পনা কৰিছে চীনে৷ ২০৪৫ চনৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব বুলিও জনাইছে চীনৰ বিজ্ঞানীয়ে৷ প্ৰকল্পৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে বেইজিঙে৷ পৰিকল্পনা অনুসৰি ২০৪৫ চনৰ ভিতৰত চন্দ্ৰত বহুস্তৰীয় গৱেষণাৰ প্লেটফৰ্ম তৈয়াৰ কৰি উলিয়াব বুলি দাবী কৰিছে চীনে৷

চন্দ্ৰত যি গৱেষণাগাৰ তৈয়াৰৰ কথা কোৱা হৈছে সেই গৱেষণাগাৰৰ নামো ঠিক কৰিছে বেইজিঙে৷ এই গৱেষণাগাৰৰ নাম হ’ব ইণ্টাৰনেশ্ব্যনেল লুনাৰ ৰিচাৰ্ছ ষ্টেচন৷ মূলত দুটি ধাপত এই প্ৰকল্প বাস্তবায়নৰ পৰিকল্পনা আছে চীনৰ৷ প্ৰথম ঢাপটো ২০৩৫ চনৰ ভিতৰতেই সম্পন্ন হ’ব৷ চীনৰ পৰিকল্পনা অনুসৰি প্ৰথম ঢাপত চন্দ্ৰৰ দক্ষিণ মেৰুত গৱেষণাৰ প্ৰাথমিক কিছু আয়োজন কৰা হ’ব৷

নিয়মিত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু সীমিত সম্পদ ব্যৱহাৰৰ ভিত্তি তৈয়াৰ হ’ব প্ৰথম ঢাপৰ মূল লক্ষ্য৷ দ্বিতীয় ঢাপত আয়োজন আৰু কিছু আগুৱাই যাব৷ ২০৪৫ চনৰ ভিতৰত বিস্তৃত আৰু শক্তিশালী কৰি তোলা হ’ব চন্দ্ৰৰ গৱেষণাগাৰ৷ এই পৰ্যায়ত এটা মহাকাশ ষ্টেচনৰ পৰিকল্পনাও কৰিছে চীনে৷ ৷ যিয়ে চন্দ্ৰক প্ৰদক্ষিণ কৰিব আৰু চেন্ট্ৰেল হাব হিচাপে গৱেষণাত সহায় কৰিব৷ চন্দ্ৰত বিশেষ কেন্দ্ৰটো স্থাপনৰ এক ভিডিঅ’ শ্বেয়াৰ কৰিছে চীনে৷  দক্ষিণ মেৰুত তেওঁলোকৰ গৱেষণাগাৰৰ কাল্পনিক অৱস্থান আৰু কাৰ্যপ্ৰণালী দেখুওৱা হৈছে ভিডিঅ’টোত৷

দীৰ্ঘদিন ধৰি চীনৰ নজৰত আছে চন্দ্ৰ৷ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত পৃথিৱীৰ এই উপগ্ৰহটোৰ ওপৰতেই বেছি জোৰ দি আহিছে তেওঁলোকে৷ ইতিমধ্যে চন্দ্ৰলৈ তেওঁলোকে মহাকাশযান পঠিয়াইছে৷ চন্দ্ৰৰ চাৰিওফালে চীনৰ একাধিক কৃত্ৰিম উপগ্ৰহো আছে৷ বৰ্তমান পৰ্যন্ত চন্দ্ৰত মুঠ ৫খন দেশে মহাকাশযান পঠিয়াইছে৷ চন্দ্ৰৰ চাৰিওফালে চীনৰ একাধিক সক্ৰিয়  কৃত্ৰিম উপগ্ৰহ আছে৷

বৰ্তমান পৰ্যন্ত চন্দ্ৰত মুঠ ৫খন দেশে মহাকাশযান পঠিয়াইছে৷ সেই দেশ কেইখন হৈছে ৰাছিয়া, আমেৰিকা, চীন, জাপান, ভাৰত৷ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱশ্যে চীনে কৃতিত্ব লাভ কৰিব পৰা নাই৷ সেই অংশ খুবেই দুৰ্গম যাৰ বাবে এতিয়ালৈকে চীনে দক্ষিণ মেৰু জয় কৰিব পৰা নাই৷ সূৰ্যৰ পোহৰো সেই অংশত ভালদৰে নপৰে৷ ফলত সকলো সময়তে আন্ধাৰেই হৈ থাকে সেই অঞ্চলত৷ চন্দ্ৰৰ এই অংশত পানী থকাৰো সম্ভাৱনা আছে৷ সম্ভাৱনাময় দক্ষিণ মেৰুত সেয়ে ভাৰতেও যান পঠিয়াইছে৷ অৱশেষত ভাৰতত পাছে পাছেই আগবাঢ়িছে চীন৷ চীনেও চন্দ্ৰত নিজৰ আধিপত্য় বিস্তাৰৰ বাবে সকলো প্ৰকাৰেই এতিয়া সাঁজু হৈ উঠিছে৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *