কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা

কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আগন্তুক ১০ মেত খুলিব কেদাৰনাথ মন্দিৰৰ দুৱাৰ। সেইদিনাৰ পৰাই আৰম্ভ হ’ব চাৰধাম যাত্ৰা। প্ৰতি বছৰে মহাশিৱৰাত্ৰিতেই ঘোষণা কৰা হয় চলিত বৰ্ষৰ কিমান তাৰিখে কেদাৰনাথৰ দুৱাৰ খোলা হ’ব। এই বছৰো সেই ৰীতি মানিয়েই ৮মাৰ্চত কৰা হৈছিল কেদাৰনাথৰ দুৱাৰ মুকলিৰ দিন ঘোষণা। আগন্তুক ১০ মেৰ পুৱা ৭ বজাত ভক্তৰ বাবে মুকলি কৰি দিয়া হব কেদাৰনাথ মন্দিৰৰ দুৱাৰ।

কেদাৰনাথ ধামৰ সৈতে এই দিনটোতেই খোলা হব অন্য দুই ধাম গঙ্গোত্ৰী আৰু যমুনাত্ৰী মন্দিৰো। ১০ মেৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা। ওখিমঠত থকা ওমকাৰেশ্বৰ মন্দিৰত এই বিশেষ ঘোষণা কৰা হয়। এই ঘোষণাৰ সৈতে পুৰাদ্যমে আৰম্ভ হৈছে চাৰধাম যাত্ৰাৰ প্ৰস্তুতি। দীৰ্ঘ ছমাহৰ অন্তত কেদাৰনাথ দৰ্শন পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে ভক্তই। প্ৰতি বছৰে অক্ষয় তৃতীয়াত খোলা হয় গঙ্গোত্ৰী আৰু যমুনাত্ৰী মন্দিৰৰো দুৱাৰ। এই বছৰ অক্ষয় তৃতীয়া পৰিছে ১০ মেত। আৰু এইবৰ্ষত বদ্ৰীনাথৰ দুৱাৰ খোলা হব ১২ মেত। ১২ মেৰ আবেলি ৬বজাত খোলা হ’ব বদ্ৰীনাথৰ দুৱাৰ। প্ৰতি বছৰে বসন্ত পঞ্চমীত বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ খোলাৰ দিন ঘোষণা কৰা হয়।

কেদাৰনাথ মন্দিৰৰ মাহাত্ম্য

মহাদেৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম হৈছে কেদাৰনাথ ধাম। মহাদেৱে ইয়াতেই স্বয়ম্ভূ ৰূপ ধাৰণ কৰিছিল।

হিন্দু ধৰ্মাৱলম্বীসকলৰ ওচৰত অন্য়তম গুৰুত্বপূৰ্ণ তীৰ্থক্ষেত্ৰ হৈছে কেদাৰনাথ ধাম। পাণ্ডৱসকলে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান মন্দিৰৰ যি ৰূপ আমি দেখিছো এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল শংকৰাচাৰ্যই।

প্ৰচলিত বিশ্বাস অনুসৰি বাবা ভৈৰোনাথজিয়ে এই মন্দিৰটো ৰক্ষা কৰিছিল। মন্দিৰৰ কোনো যাতে ক্ষতি নহয় সেই বিষয়ত তেওঁ সদায়ে নজৰ দি আহিছে।

২০১৩ চনৰ ভয়াৱহ বানতো মূল কেদাৰনাথ মন্দিৰৰ কোনো ক্ষতি হোৱা নাছিল। মন্দিৰৰ পিছফালে থকা পাহাৰৰ পৰা নামি অহা প্ৰকাণ্ড শিলে মন্দিৰটোক ৰক্ষা কৰিছিল।

কেদাৰনাথ মন্দিৰৰ বৈশিষ্ট্য

শীতকালত এই মন্দিৰ চত্বৰ বৰফৰ তলত সোমাই পৰে। বছৰৰ প্ৰায় ছমাহ সময় সেয়ে বন্ধ কৰি ৰখা হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ।

ভাইফোঁটাৰ পিছদিনা অক্ষয় তৃতীয়া পৰ্যন্ত এই মন্দিৰ বন্ধ ৰখা হয়।

চাৰধামৰ ওপৰিও দ্বাদশ জ্যোতিৰ্লিংগ আৰু পঞ্চ কেদাৰৰ অন্যতম হৈছে এই কেদাৰনাথ ধাম। প্ৰচলিত কিংবদন্তী অনুসৰি স্বয়ং মহাদেৱে এই মন্দিৰত ভক্তৰ ওচৰত দৰ্শন দিয়ে।

এই মন্দিৰ তিনিখন পাহাৰে বেৰি আছে। এফালে আছে ২২ হাজাৰ ফুট ওখ কেদাৰনাথ পাহাৰ, এফালে ২১ হাজাৰ ৬০০ ফুট ওখ স্পেণ্ডকুণ্ড আৰু অন্যহাতে আছে ২২ হাজাৰ ৭০০ ফুট ওখ ভাৰত কুণ্ড।

ইয়াতেই ৫খন নদী মিলিত হৈছে। এই পাঁচ নদী হৈছে মন্দাকিনী, মধুগংগা, ক্ষীৰগংগা, সৰস্বতী আৰু স্বৰ্ণাগৌৰী। এই সকলোবোৰ নদীৰ অৱশ্যে কোনো অস্তিত্ব নাই। কেৱল অলকানন্দাৰ শাখা নদী হিচাপে মন্দাকিনীকহে দেখা যায়।

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *