১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছিল কেইবাশ অভিযন্তাই, কিন্তু দৰমহা নোপোৱা অভিযন্তাসকল ইছৰোৰ নে?

১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছিল কেইবাশ অভিযন্তাই, কিন্তু দৰমহা নোপোৱা অভিযন্তাসকল ইছৰোৰ নে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্ৰতি তিনি বছৰ ধৰি নিৰলস পৰিশ্ৰমৰ শেষত আহিল বিশেষ সাফল্য৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱাল স্পেছ চেণ্টাৰৰ ‘লঞ্চিং পেড’ৰ পৰা চন্দ্ৰযান-৩ৰ উৎক্ষেপণ সফল হৈছিল। বুধবাৰে অৰ্থাৎ ২৩ আগষ্ঠত সফলভাৱে চন্দ্ৰপৃষ্ঠত ভৰি থলে লেণ্ডাৰ বিক্ৰমে৷ ইছৰোৰ এই চন্দ্ৰাভিজানত ১৬ হাজাৰ বিজ্ঞানীৰ ওপৰিও কঠোৰ পৰিশ্ৰম কৰিছে ইছৰোত কৰ্মৰত সৰুবল সকলো কৰ্মকৰ্তাইয়ে৷

ইছৰোৰ এইসকল কৰ্মচাৰীৰ ভিতৰত আছে ৰাঁচীৰ ‘হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেছন’ নামৰ সংস্থাৰ ইঞ্জিনিয়াৰ। এই সংস্থাৰ অভিযন্তাৰ পৰা সাধাৰণ কৰ্মচাৰীলৈকে সকলোৱেই দৰমহা অবিহনেই কৰিছিল কাম৷ ১৭মাহ দৰমহা নোলোৱাকৈয়ে কাম কৰিছিল চন্দ্ৰযান-৩ৰ সৈতে জড়িত হৈ থকা কৰ্মকৰ্তাসকলে৷ একাধিক প্ৰতিবেদনত প্ৰকাশ হোৱা অনুসৰি কেন্দ্ৰৰ ওচৰত বাৰে বাৰে আৱেদন জনাইয়ো ডেৰ বছৰৰো অধিক সময় ধৰি দৰমহা লাভ কৰা নাই এই কোম্পানীৰ কৰ্মকৰ্তাসকলে৷ দৰমহা অবিহনেও দিনে নিশাই চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে কাম কৰিছিল এইসকল কৰ্মচাৰীয়ে৷

প্ৰকাশিত তথ্য অনুসৰি বিগত ৩বছৰ ধৰি আৰ্থিক সমস্যাৰ মাজত আছে চন্দ্ৰযান-৩ৰ বাবে যন্ত্ৰপাতি যোগান ধৰিছিল ‘হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেছন’ নামৰ কোম্পানীটোয়ে৷ এই সংস্থাৰ পৰিস্থিতিৰ সৈতে কেন্দ্ৰীয় টেলিকম সংস্থা বিএছএনএলৰ তুলনা কৰিছে বহুতেই৷ এই কোম্পানীৰ প্ৰায় ৩হাজাৰ ইঞ্জিনিয়াৰৰ পৰা সাধাৰণ কৰ্মীলৈ সকলোৱে ১৭মাহ ধৰি দৰমহা পোৱা নাই৷ সংস্থাটোৰ জয়েণ্ট চেক্ৰেটেৰী তথা ইঞ্জিনীয়াৰ সুভাষচন্দ্ৰই চন্দ্ৰযান-৩ৰ সফলতাক লৈ খুবেই সুখী বুলি জনাইছে। কিন্তু তেওঁৰ সহকৰ্মীসকলৰ পাৰিশ্ৰমিকক লৈ তেওঁ কিছু চিন্তিত বুলি এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ কৰিছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘কৰ্মীসকল খুবেই সমস্যাত আছে৷ কিন্তু আৰ্থিক সমস্যাৰ মাজতো চন্দ্ৰযান-৩ সফলভাৱে লেণ্ডিংং কৰাত নথৈ আনন্দিত কৰ্মীসকল৷ গৰ্বিত হৈছো আমি, এই অভিযানত আমি সফল হৈছো৷ দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাত আমি সফল হৈছো৷ ইয়াৰ মাজতেই যদি আমাৰ কৰ্মচাৰীসকলে দৰমহা লাভ কৰে তেন্তে আমি আৰু আনন্দিত হ’ম৷’

উল্লেখ্য যে দৰমহাৰ বিষয়টোক লৈ একাধিকবাৰ চিঠি লিখিছে কৰ্মচাৰীসকলে৷ চৰকাৰে কোনো সঁহাৰি দিয়া নাই এইসকল কৰ্মীক৷ পাবলগীয়া বেতন বিচাৰি বিগত বৰ্ষৰ ৩ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী পৰ্যন্ত ধৰ্মঘটো কৰিছিল৷ চৰকাৰে ধৰ্মঘটৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে অচিৰেই তেওঁলোকে কৰ্মীসকলক ধন প্ৰদান কৰিব৷ তাৰপাছতেই এইসকল কৰ্মীয়ে উঠাই লৈছিল ধৰ্মঘট৷ আৰ্থিক দুৰাৱস্থাৰ কাৰণে বিগত ২বছৰ ধৰি সংস্থাটোৱে কোনো স্থায়ী ‘চীফ মেনেজিং ডাইৰেক্টৰ’ নিয়োগ কৰিব পৰা নাই৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *