সময় হাতত বেছি নাই! চন্দ্ৰত ৬ দিন ধৰি পৰীক্ষা কৰিলে ইছৰোৰ প্ৰজ্ঞানে? এতিয়াও বাকী আছে এটা কাম, কেনেকৈ কৰিব প্ৰজ্ঞানে?

সময় হাতত বেছি নাই! চন্দ্ৰত ৬ দিন ধৰি পৰীক্ষা কৰিলে ইছৰোৰ প্ৰজ্ঞানে? এতিয়াও বাকী আছে এটা কাম, কেনেকৈ কৰিব প্ৰজ্ঞানে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চাওঁতে চাওঁতে চন্দ্ৰৰ বুকুত এসপ্তাহ পাৰ কৰিলে ৰোভাৰ প্ৰজ্ঞানে। ইছৰোৰ প্ৰজ্ঞানে ৬ দিন কটালে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ বুকুত। ৬টা চকাৰ ভৰত দক্ষিণ মেৰুত ফুৰিছে প্ৰজ্ঞান। চলাইছে এটাৰ পাছতো আনটো অনুসন্ধান। চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডাৰ বিক্ৰমে অৱতরণ কৰিছে। ভাৰতৰ পূৰ্বে কোনো দেশেই চন্দ্ৰৰ দক্ষিণ মেৰুত অনুসন্ধান কৰিবলৈ সক্ষম হোৱা নাই। প্ৰজ্ঞানে দক্ষিণ মেৰুৰ বহু তথ্য ইছৰোলৈ পঠিয়াব। প্ৰজ্ঞানে পঠোৱা তথ্যক লৈয়েই পৰৱৰ্তী গৱেষণা চলাব বিজ্ঞানীৰ দলে। ইছৰোৰ তৰফৰ পৰা প্ৰজ্ঞানৰ গতিবিধি আৰু কাম সম্পৰ্কে প্ৰতিদিনেই নতুন নতুন তথ্য জনাই আছে ইছৰোই। টুইটযোগে জনসাধাৰণক এই খবৰ জনাই গৈছে ইছৰোৱে।

চন্দ্ৰপৃষ্ঠত বিগত ৬ দিনত কি কি কৰিলে প্ৰজ্ঞানে?
চন্দ্ৰ পৃষ্ঠত প্ৰায় এক সপ্তাহ কটালে চন্দ্ৰযান-৩য়ে। বিগত ২৩ আগষ্ট, বুধবাৰে সন্ধিয়া ৬বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠত ভৰি দিছে লেণ্ডাৰ বিক্ৰমে। বিক্ৰমে লেণ্ডিং কৰাৰ কেইঘণ্টামান পাছতেই বিক্ৰমৰ পেটৰ পৰা ওলাই আহে প্ৰজ্ঞান। ৬টা চকাৰ ভৰত প্ৰজ্ঞানে ছেকেণ্ডত এক ছেণ্টিমিটাৰ গতিবেগত আগবাঢ়িছে। চন্দ্ৰৰ মাটিত এই গতিৰেই ঘূৰি ফুৰিব প্ৰজ্ঞান বুলি বিজ্ঞানীয়ে প্ৰকাশ কৰিছে। ২৪ আগষ্ট বৃহস্পতিবাৰে ৰোভাৰ প্ৰজ্ঞানে কাম আৰম্ভ কৰা বুলি টুইট কৰে ইছৰোৱে। তাৰপিছতেই ৰোভাৰ প্ৰজ্ঞাৱে চকাৰেই অশোকস্তম্ভ আৰু ইছৰোৰ ল’গ আঁকিছে চন্দ্ৰপৃষ্ঠত। লেণ্ডাৰ মডিউলৰ পেলোডসমূহেও বৃহস্পতিবাৰৰ পৰাই সক্ৰিয় হৈছে। ইলছা, চাষ্টে, ৰম্ভা আৰু এৰৰে প্ৰতিনিয়ত চন্দ্ৰৰ বুকু পৰ্যবেক্ষণ কৰি আছে।

শুকুৰবাৰ অৰ্থাৎ ২৫ আগষ্ঠত প্ৰজ্ঞানৰ গতিবিধিৰ এটা ভিডিঅ’ টুইট কৰিছে ইছৰোই। তাত দেখা গৈছে যে ৰোভাৰ বিক্ৰম ধীৰ গতিৰে আগুৱাই আছে। ৰোভাৰৰ চকাৰ দাগ চন্দ্ৰপৃষ্ঠত পৰিছে। সেই দিনাই সন্ধিয়া ইছৰোৱে আন এট টুইট কৰে যে চন্দ্ৰপৃষ্ঠত ৮ মিটাৰ আগুৱাইছে প্ৰজ্ঞান। তাৰ পেলোডসমূহেও ঠিকেঠাকে কাম কৰিবলৈ লৈছে। বাংগালুৰুৰ অফিচৰ পৰাই প্ৰজ্ঞানৰ গতিবিধি আংশিকভাৱে নিয়ন্ত্ৰণ কৰা হৈছে। শনিবাৰে ইছৰোৱে টুইট কৰি জনায় যে, চন্দ্ৰযান-৩ অভিযানৰ মূল লক্ষ্য উদ্দেশ্য তিনিটা আছিল। তাৰেই দুটা পূৰণ হৈছে। অৰ্থাৎ চন্দ্ৰৰ মাটিক সফলভাৱে স্পৰ্শ কৰিছে লেণ্ডাৰ বিক্ৰমে। তাৰপিছতেই সফলভাৱে ৰোভাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত নামিছে। অভিযানৰ তৃতীয় উদ্দেশ্য হৈছে চন্দ্ৰত মাটিৰ সন্ধান কৰা।

চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰা স্থানৰ নাম দিছে শিৱশক্তি। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ পইণ্টটোৰ নাম শিৱশক্তি দিয়াক কেন্দ্ৰ কৰি একাংশই সমালোচনাও কৰিছে। ইফালে চন্দ্ৰযান-২ ভাঙি পৰা পইণ্টটোৰ নাম দিলে ‘ত্ৰিৰংগা পয়েণ্ট’। ২৩ আগষ্টৰ দিনটোক জাতীয় মহাকাশ দিৱসস হিচাপেও ঘোষণা কৰিছে মোদীয়ে। ২৭ আগষ্ঠত ইছৰোৱে জনায়, ‘চন্দ্ৰৰ মাটিৰ উষ্ণতা পৰিমাপ কৰি সেই তথ্য পৃথিৱলৈ পঠিয়াইছে প্ৰজ্ঞানে। সেই তথ্যত প্ৰকাশ পোৱামতে চন্দ্ৰৰ মাটিত উষ্ণতা আছে। সোমবাৰেও ইছৰোলৈ প্ৰজ্ঞানে কেইবাটাও তথ্য পঠিয়াইছে। চন্দ্ৰৰ মাটিত ৪ মিটাৰ দ এটা গাঁতৰ পৰা কথমপি ৰক্ষা পৰিছে ৰোভাৰখন। ইছৰোৰ বিজ্ঞানীয়ে পথ সলাই যানখনক অন্য দিশলৈ আনিবলৈ সক্ষম হোনা বুলিও টুইটযোগে জনাইছে। স্পেছ এপ্লিকেছন চেণ্টাৰৰ ডাইৰেক্টৰ নীলেশ এম দেশাই জনোৱা অনুসৰি, ‘প্ৰজ্ঞানৰ হাতত আৰু বেছি সময় নাই। চন্দ্ৰত ৰাতি নমালৈকে মাজত আৰু ৮ দিন বাকী। সেই সময়ৰ মাজত দক্ষিণ মেৰুৰ পৰা যিমান পাৰে সিমান তথ্য সংগ্ৰহ কৰিব প্ৰজ্ঞানে।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *