মৃতপ্ৰায় অৱস্থাৰ পৰা আকৌ সক্ৰিয় হ’ল লেণ্ডাৰ বিক্ৰম! বিশ্বক আকৌ এবাৰ চমক দি ISROই শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

মৃতপ্ৰায় অৱস্থাৰ পৰা আকৌ সক্ৰিয় হ’ল লেণ্ডাৰ বিক্ৰম! বিশ্বক আকৌ এবাৰ চমক দি ISROই শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ইছৰোৰ দলে চন্দ্ৰযান-৩ ৰোভাৰ বিক্ৰমকলৈ লিখিছিল আৱেগিক প’ষ্ট। তেওঁলোকে কৈছিল, ‘আমাৰ সন্তানৰ আয়ুস মাত্ৰ ১৪ দিন।’ কিন্তু ১৪ দিন সম্পূৰ্ণ হোৱাৰ পাছতো জীয়াই আছে ৰোভাৰ প্ৰজ্ঞান। সোমবাৰে ইছৰোৰ টুইটাৰ অৰ্থাৎ এক্স হেণ্ডেলত শ্বেয়াৰ হৈছে বিশেষ প’ষ্ট। তেওঁলোকে প’ষ্টযোগে জনাইছে যে চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে আকৌ এবাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে। অৰ্থাৎ দুবাৰকৈ লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে। শুনিবলৈ আচৰিত যেন লাগিয়েও এয়াই সত্য। এই বৃহৎ আপডেট নিজেই শ্বেয়াৰ কৰিছে ভাৰতীয় মহাকাশ সংস্থাই। কেনেকৈ পুনৰ লেণ্ডিং কৰিছে বিক্ৰমে?

চন্দ্ৰযান-৩ অভিযানত ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে গঢ়িছে বৃহৎ অভিলেখ। ভাৰতীয় মহাকাশ সংস্থাটোৱে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সকলোবোৰ তথ্য নিজৰ হাতৰ মুঠিলৈ আনিবলৈ যত্নপৰ হৈছে। ২৩ আগষ্টত চন্দ্ৰৰ কুমেৰুত বিজয় ধ্বজা উৰুৱাই লেণ্ডিং কৰিছিল ভাৰতীয় লেণ্ডাৰ বিক্ৰমে। সেই সময়ৰ পৰা ১৩ দিন পাৰ হৈছে। ১৩ দিনত এটাৰ পাছত আনটো তথ্য পঠিয়াই আছে লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে। ছালফাৰৰ উপস্থিতি, চন্দ্ৰত ভূমিকম্পৰ দৰে একাধিক কোনেও লাভ নকৰা তথ্য পঠিয়াইছে ৰোভাৰ প্ৰজ্ঞানে। অভিযান সামৰিবৰ সময় হৈছে প্ৰজ্ঞানৰ। কাৰণ চন্দ্ৰত আকৌ অন্ধকাৰ নমাৰ সময় নিচেই চমু চাপিছে। যিমানদূৰ সম্ভৱ সকলো গৱেষণা সামৰাৰ সময় হৈছে প্ৰজ্ঞানৰ। ৰিন্তু ইয়াৰ মাজত সকলোৱে ভাৱিছিল যে আজিয়েই হয়তো প্ৰজ্ঞানৰ জীৱনৰ শেষ দিন।

কিন্তু সকলোৰে ধাৰণা সলাই পেলালে ইছৰোই। সকলোকে আচৰিত কৰি ইছৰোই দিলে আন এক খবৰ। এক্স হেণ্ডেলত তেওঁলোকে লিখিছে, ‘আকৌ এবাৰ চন্দ্ৰৰ বুকুত লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰিছে। মিছনৰ উদ্দেশ্যত সকলোবোৰতেই লেণ্ডাৰ বিক্ৰমে আমাৰ সহায় কৰিছে। এইবাৰ বিক্ৰমে এটা হপ পৰীক্ষা চলাব। কামাণ্ড লাভ কৰিয়েই বিক্ৰম আকৌ সক্ৰিয় হৈছে। বিক্ৰমে আমি আশা কৰাধৰণে আকৌ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে। আমি আশা কৰিছো এই কিক -ষ্টাৰ্টে ভৱিষ্যতে মানৱ মিছন প্ৰক্ৰিয়াক সহজ কৰি তুলিব। এই পৰীক্ষা আমি সফলভাৱে কৰিব পাৰিছো। নিষ্ক্ৰিয় হ’ব ধৰা বিক্ৰমৰ ইঞ্জিন সক্ৰিয় হোৱাৰ ওপৰিও ChaSTE আৰু ILSAও পুনৰ সক্ৰিয় হৈ উঠিছে। অৰ্থাৎ এই পুনৰ সক্ৰিয় প্ৰক্ৰিয়াই প্ৰমাণ কৰিছে যে ভৱিষ্যতে চন্দ্ৰলৈ মানুহ গ’লে বা মহাকাশযান গ’লে সেই যান পুনৰ পৃথিৱীলৈ সুকলমে উভতাই আনিব পৰা যাব।’

উল্লেখ্য যে, চন্দ্ৰপৃষ্ঠত অক্সিজেনৰ উৎসও লাভ কৰিছে ৰোভাৰ প্ৰজ্ঞানে। ৰোভাৰত থকা লেজাৰ ইণ্ডিউষ্ট ব্ৰেকডাউন স্পেকট্ৰোস্কপি(LIBS) যন্ত্ৰৰ সহায়ত অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিছে প্ৰজ্ঞানে। প্ৰজ্ঞানে চন্দ্ৰৰ মাটিত লেজাৰ ৰশ্মি নিক্ষেপ কৰি প্ৰতিফলত আৰু বিশ্লেষণৰ মাধ্যমেৰে অক্সিজেনৰ সন্ধান পাইছে। ইলমেনাইট(FeTiO3) আকাৰত অক্সিজেনৰ উপস্থিতি লাভ কৰিছে প্ৰজ্ঞানে। প্ৰজ্ঞানে পঠোৱা এই তথ্যৰ পৰাই বিজ্ঞানীয়ে অনুমান কৰিছে যে চন্দ্ৰত অদূৰ ভৱিষ্যতে মানুহ থাকিব পৰা ব্যৱস্থা গঢ়ি তুলিব পৰা হ’ব। ইয়াৰোপৰি চন্দ্ৰপৃষ্ঠত পোৱা গৈছে ছালফাৰ, কেলছিয়াম, লো, ক্ৰমিয়াম, টাইটেনিয়াম, মেংগানিজ আৰু এলুুমিনিয়ামৰ দৰে যৌগৰো সন্ধান পোৱা গৈছে চন্দ্ৰপৃষ্ঠত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *