মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ, ‘এই ৰেকৰ্ডো কম নহয়’

মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ, ‘এই ৰেকৰ্ডো কম নহয়’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চন্দ্ৰযান-৩ ৰ সৈতে যোগাযোদ স্থাপনৰ চেষ্টা চলাই আছে ইছৰোৰ দলে। লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ কলকব্জাসমূহ ভালে আছেনে সেই বিষয়ে সন্দেহ আছে বুলিও জনাইছে ইছৰোৰ দলে। কাৰণ চন্দ্ৰত আন্ধাৰ নামৰ পাছত শুই পৰিছিল বিক্ৰম আৰু প্ৰজ্ঞান। ইছৰোৰ বিজ্ঞানীৰ দলে একাধিকবাৰ এলাৰ্ম বজাইয়ো জগাই তুলিব পৰা নাই প্ৰজ্ঞানক। দক্ষিণ মেৰুৰ অতিপাত ঠাণ্ডাতেই হয়তো শুই পৰিল বিক্ৰম আৰু প্ৰজ্ঞান বুলি সন্দেহো কৰিছে বিজ্ঞানীৰ দলটোৱে।

১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-৩। ইয়াৰপাছতেই ৪০ দিনৰ অন্তত দীৰ্ঘ পথ অতিক্ৰমী বিগত মাহৰ ২৩ তাৰিখে চন্দ্ৰৰ দক্ষিণ মেৰুত ছফট লেণ্ডিং কৰিছিল চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে। চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডিং কৰাৰ পাছতেই বিক্ৰমৰ বুকুৰ পৰা ওলাই আহিছিল প্ৰজ্ঞান। সেই প্ৰজ্ঞানে চন্দ্ৰৰ কুমেৰুত ১০০ মিটাৰ পথ চলাচল কৰাৰ পাছতেই চন্দ্ৰৰ বুকুলৈ আন্ধাৰ নামে। সৰু সৰু দুভৰিৰে চন্দ্ৰৰ কুমেৰুত খোজকাঢ়ি ফুৰি বিভিন্ন তথ্য ইছৰোৰ দলক প্ৰেৰণো কৰিছিল প্ৰজ্ঞানে।

বিক্ৰমে লেণ্ডিং কৰা বিশেষ পয়েণ্টটোৰ নাম শিৱশক্তি পয়েণ্ট নামেৰে নামকৰণ কৰিছে ইছৰোৰ দল আৰু দেশৰ প্রধানমন্ত্ৰীয়ে। চন্দ্ৰাভিজানত চন্দ্ৰৰ দক্ষিণ মেৰুত অক্সিজেনৰো সন্ধান পাইছে দলটোৱে। ইয়াৰোপৰি ছালফাৰ, মেগনেছিয়াম, মেংগানিজ, এলুমিনিয়ামৰ দৰে একাধিক তথ্যৰ উপস্থিতিৰো উমান ইছৰোৰ দলক জনাইছে প্ৰজ্ঞানে। এই তথ্যসমূহ পঠিওৱাৰ পাছতেই শ্লিপিং মুডলৈ যায় ৰোভাৰ প্ৰজ্ঞান আৰু লেণ্ডাৰ বিক্ৰম। তাৰপিছতেই চন্দ্ৰত ১৪ দিন ধৰি নিশা হৈ আছিল। বিগত ২২ ছেপ্টেম্বৰত চন্দ্ৰত সুৰ্যোদয় হৈছে। তাৰপিছৰে পৰা বিজ্ঞানীৰ দল আকৌ ব্যস্ত হৈ পৰিছে। বিক্ৰম আৰু প্ৰজ্ঞানক জগাব পাৰি নেকি তাৰেই চেষ্টা অব্যাহত ৰাখিছে বিজ্ঞানীৰ দলটোৱে।

বাৰে বাৰে এলাৰ্ম বজাইয়ো এতিয়াকৈ জগাই তুলিব পৰা নাই বিক্ৰম আৰু প্ৰজ্ঞানক। আগন্তুক ৩০ ছেপ্টেম্বৰলৈ চেষ্টা অব্যাহত ৰাখিব বিজ্ঞানীৰ দলটোৱে। কাৰণ সেইদিনাই আকৌ সূৰ্যাস্ত হ’ব চন্দ্ৰত। পোহৰ থকালৈকে চেষ্টা চলাই থাকিব ইছৰোৰ দলে। ৩০ ছেপ্টেম্বৰত সূৰ্যাস্ত নোহোৱা পৰ্যন্ত এই প্ৰক্ৰিয়া অব্যাহত ৰাখিব ইছৰোৰ দলে। হাড়কঁপোৱা ঠাণ্ডাত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান জীয়াই থকাৰ আশা নিচেই ক্ষীণ বুলিও জনাইছে বিজ্ঞানীৰ দলটোৱে।

স্পেছ এপ্লিকেছন চেণ্টাৰৰ ডাইৰেক্টৰ নীলেশ এম দেশাইয়ে এই সন্দৰ্ভত কয়, ‘আমি আশাহত হোৱা নাই। চেষ্টাও এৰা নাই। সূৰ্যৰ পোহৰ পৰি থকালৈকে আমি চেষ্টা চলাই যাম। এবাৰ যদি জাগি উঠে তেন্তে লেণ্ডাৰ বিক্ৰমক অটমেটিকেলি সক্ৰিয় কৰিব পৰা যাব। সূৰ্যৰ পোহৰত বিক্ৰমৰ গাত লাগি থকা পেনেলসমূহ চাৰ্জড আপ হয় তেন্তে সক্ৰিয় হৈ উঠাৰ আশা আছে। বৰ্তমান পৰ্যন্ত আমি ছিগনেল লাভ কৰা নাই। চাঞ্চ এতিয়াও ৫০-৫০। সক্ৰিয় নহ’লেও আমি দুখ কৰিবলগা একো কথা নাই, আমি বিচৰা সফলতা আমি পালোৱেই। যদি মিৰাকল কিবা হয় তেন্তে এয়া আৰু এক বিশ্বৰেকৰ্ড হ’ব। নিৰৱে শুই থাকিলেও বিক্ৰম আৰু প্ৰজ্ঞানে আমি বিচৰা সকলোখিনি আমাক দিয়েই গৈছে।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *