গপত গংগাটোপ মোদীয়ে ছোনীয়া গান্ধীৰ ট্ৰাষ্টৰ ধন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নলয়! অমিত শ্বাহে মোদীৰ মতৰ বিপৰীতে কয়, ‘আমি বিদেশীৰ অনুদান ল’ম।’

গপত গংগাটোপ মোদীয়ে ছোনীয়া গান্ধীৰ ট্ৰাষ্টৰ ধন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নলয়! অমিত শ্বাহে মোদীৰ মতৰ বিপৰীতে কয়, ‘আমি বিদেশীৰ অনুদান ল’ম।’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিদেশি অনুদান লোৱাত কোনো বাধা নাই। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিদেশৰ পৰা পুঁজি ল’বলৈ প্ৰস্তুত বুলি জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়,’২০১০ চনৰ বৈদেশিক অনুদান নিয়ন্ত্ৰণ আইনৰ লাইছেন্স আমি অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ক দিছো। গতিকে বৈদেশিক ট্ৰাষ্টৰ পৰা এতিয়া ৰাম মন্দিৰৰ বাবে সাহায্য ল’ব পাৰিব এই কমিটিয়ে।’

উল্লেখ্য যে প্ৰয়াত মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰা সংস্থা ‘মিছনাৰিজ অৱ ছেৰিটি’, আন্তৰ্জাতিক বেচৰকাৰী সংগঠন ‘অক্সফৰ্ম’ আৰু ছোনীয়া গান্ধী পৰিচালিত দুটা স্বেচ্ছাসেৱী সংস্থা ‘ৰাজীৱ গান্ধী ফাউণ্ডেছন’ আৰু ‘ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট’ৰ পৰা আৰ্থিক অনুদান গ্ৰহণত বাধা নিষেধ জাৰি কৰিছিল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সম্পৰ্কে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হঠাতেই অনুদান লোৱাৰ কথা ঘোষণা কৰাত সকলোৱেই আচৰিতো হৈছে। এই সন্দৰ্ভত ৰামমন্দিৰ নিৰ্মাণৰ কামত জড়িত ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে কয়, ‘বিদেশী অনুদানৰ বাবে দিল্লীৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্রধান শাখাত এটা একাউণ্ট খুলিছো। সেই নিৰ্দিষ্ট একাউণ্টতেই আমি ধন গ্ৰহণ কৰিম।’

২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বেই নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰাৰ পৰিকল্পনা কৰিছে। সেই লক্ষ্যৰেই কামো কৰিছে মোদী চৰকাৰে। ৰামমন্দিৰ ট্ৰাষ্টৰ চেয়াৰমেনে এই সন্দৰ্ভত কয় যে, আগন্তুক ২২ জানুৱাৰীত বিগ্ৰহত প্ৰাণ প্ৰতিষ্ঠা হ’ব। প্রধানমন্ত্ৰী দফতৰৰ সূত্ৰৰ পৰা জনোৱা অনুসৰি মোদীয়েই গৰ্ভগৃহত স্থাপন কৰিব ৰামৰ বিশেষ মূৰ্তীক।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *