নৱৰাত্ৰিৰ মহাষ্টমীত ৰাশি অনুযায়ী দান কৰিলেই পাব দুৰ্গাৰ আশীৰ্বাদ, কাটিব গ্ৰহ দোষ

নৱৰাত্ৰিৰ মহাষ্টমীত ৰাশি অনুযায়ী দান কৰিলেই পাব দুৰ্গাৰ আশীৰ্বাদ, কাটিব গ্ৰহ দোষ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১৬ এপ্ৰিল মঙলবাৰে চ’ত শুক্ল পক্ষৰ অষ্টমী তিথি। এই দিনটোত  বাসন্তী দুৰ্গা পূজাৰ অষ্টমীৰ আৰাধনা চলে। শাস্ত্ৰমতে মঙলবাৰে দান, ঋণ শোধ কৰিলে শুভ। অষ্টমীত কুমাৰী পূজা, দানৰ বিশেষ মাহাত্ম্য আছে। শাস্ত্ৰমতে এই তিথিত ৰাশি অনুযায়ী দান কৰিলে অধিক সুফল পোৱা যায়। ইয়াৰোপৰি গ্ৰহদোষৰ পৰাও মুক্তি পোৱা যায়। সাধাৰণতে কোন দিনা কি দান কৰিব তাৰো গুৰুত্ব আছে। আজি কোন ৰাশিৰ জাতকে কি দান কৰিব? অষ্টমীত দুৰ্গাক কি ভোগ অৰ্পণ কৰিব জানি থওক সবিশেষ।

মেষ আৰু বৃশ্চিক ৰাশি

মেষ আৰু বৃশ্চিক ৰাশিৰ জাতকে অষ্টমীৰ দিনা দুৰ্গাক গুড়, দাইলৰ ভোগ নিবেদন কৰক। কুমাৰী কন্যাক ৰঙা দুপাত্তাও দিব পাৰে। ইয়াৰোপৰি ৰঙা মুচুৰ দাইল, ৰঙা চন্দন, ৰঙা ফুল, সেন্দুৰ, তাম, প্ৰবাল, ৰঙা পোছাক দান কৰিলে বিশেষ লাভ অৰ্জন কৰা সম্ভৱ।

বৃষ আৰু তুলা ৰাশি

জ্য়োতিষ অনুসৰি বৃষ আৰু তুলা ৰাশিৰ জাতকে মহাষ্টমী তিথিত মিশ্ৰী, বগা ভোগ নিবেদন কৰক। কুমাৰী কন্য়াসকলক ৰুমাল দিব পাৰে। ইয়াৰোপৰি বগা বস্ত্ৰ, কৰ্পূৰ, সুগন্ধি ধূপকাঠি, ধূপ, আঁতৰ, দৈ, চেনী, গাখীৰ, ৰূপ দান কৰিলে উৎকৃষ্ট ফল ভোগ কৰিব পাৰে।

মিথুন আৰু কন্য়া ৰাশি

এই দুই ৰাশিৰ জাতকে মহাষ্টমীত দুৰ্গাক ভোগ নিবেদন কৰক। কুমাৰী কন্য়াসকলক সেউজীয়া পোছাক, পঢ়াশুনাৰ দানৰ সামগ্ৰী দান কৰক। সেউজীয়া পাচলি, ফল, সেউজীয়া বস্ত্ৰ, কাঁহৰ বাচন দান কৰিলে দুৰ্গাৰ আশীৰ্বাদ পাব আৰু গ্ৰহ দোষৰ পৰাও মুক্তি লাভ কৰিব।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকে অষ্টমীৰ দিনটোত দেৱীক পায়সৰ ভোগ নিবেদন কৰক। কুমাৰী কন্যাক ৰূপৰ কোনো সামগ্ৰী অৰ্পন কৰিব পাৰে। ইয়াৰোপৰি চাউল, মিশ্ৰী, বগা পোছাক, শঙ্খ আৰু কৰ্পূৰ দান কৰিব পাৰে। ইয়াৰোপৰি গাখীৰ, দৈ, চাউল, বগা বস্ত্ৰ, চেনী, ৰূপ, মুকুতা, শংখ, বাতাছা আদি দান দিব পাৰে।

সিংহ ৰাশি

জ্য়োতিষ পৰামৰ্শ মানি সিংহ ৰাশিৰ জাতকে এইদিনটোত গুৰ, ৰঙা যিকোনো মিঠাই নিবেদন কৰা উচিত। কুমাৰী কন্য়াক ৰঙা ফুল, ৰঙা চন্দন উপহাৰ দিয়ক। ইয়াৰোপৰি গম, গুৰ, ৰঙা পোছাক, ৰঙা ফুল, ৰঙা চন্দন, মৌ, জাফৰান, সোণ, তাম, ঘিউ আদি দান কৰিব পাৰে।

ধনু আৰু মীন ৰাশি

এই ৰাশিৰ জাতকে মহাষ্টমী তিথিত দেৱীক হালধীয়া মিঠাই ভোগ হিচাপে আগবঢ়াওক। ইয়াৰ পাছতেই কুমাৰী পূজা কৰি কুমাৰীসকলক কলম, পেঞ্চিল দান কৰিব পাৰে। ইয়াৰোপৰি হালধীয়া কাপোৰ দান কৰিব পাৰে। ঘিউ, সোন, ধৰ্মীয় গ্ৰন্থ, মৌ আদি দান কৰিবলৈ নাপাহৰিব।

মকৰ আৰু কুম্ভ ৰাশি

মকৰ আৰু কুম্ভ ৰাশিৰ জাতকে অষ্টমী তিথিত ভগৱতীক হালধীয়া ভোগ নিবেদন কৰক। কুমাৰী কন্য়াক নীলা পোছাক, তেল অৰ্পণ কৰক। ইয়াৰোপৰি ক’লা পোছাক সৰিয়হৰ তেল আদি দান কৰিব পাৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *