আন এক নিৰ্ভয়া সদৃশ কাণ্ড, বাছত গৈ থাকোতেই যুৱতীক ৮ লোকে…

আন এক নিৰ্ভয়া সদৃশ কাণ্ড, বাছত গৈ থাকোতেই যুৱতীক ৮ লোকে…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আন এক নিৰ্ভয়া সদৃশ কাণ্ড, বাছত গৈ থাকোতেই যুৱতীক ৮ লোকে…

দেশত সংঘটিত হৈছে আন এক নিৰ্ভয়া সদৃশ কাণ্ড। এগৰাকী যুৱতীৰ সৈতে ৮গৰাকী লোকে সংঘটিত কৰে নিকৃষ্ট কাণ্ড। পেহীয়েকৰ সৈতে বাছত যাত্ৰা কৰি আছিল যুৱতীয়ে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুৰাদাবাদত। মুৰাদাবাদৰ কাটঘৰ থানা এলেকাৰ এগৰাকী যুৱতীক বাছৰ পৰা টানি নি দলবদ্ধ ধৰ্ষণ। এই ধৰ্ষণৰ গোচৰত ৮জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰতিবেদন পঞ্জীয়ন কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বিগত ২১ এপ্ৰিলতে সংঘটিত হৈছিল এই ঘটনা। ভুক্তভোগী যুৱতী পেহীয়েকৰ সৈতে বাছেৰে কাটঘৰৰ পৰা কাশীপুৰলৈ গৈ আছিল। মাজ বাটতে ভোজপুৰ আৰক্ষী থানা এলেকাৰ চকবেগমপুৰ-হামিৰপুৰ গাঁৱৰ মাজত এই পাষৱিক কাণ্ড সংঘটিত কৰে।

আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি যুৱতীগৰাকীৰ একে গাঁৱৰে অভিযুক্ত ৮ যুৱক। ২১ এপ্ৰিলৰ দিনা ভুক্তভোগী যুৱতীয়ে পেহীয়েকৰ সৈতে বাছত উঠি কাশীপুৰলৈ গৈ আছিল। পাছে বাছত যুৱতীগৰাকী উঠা দেখা পাই সেই ৮ যুৱকো বাছখনত উঠি যায়।

পাছত কিছু নিৰিবিলি ঠাই পোৱাৰ লগে লগে ভাবুকি দি বাছ ৰখাই পেহীয়েকৰ কাষৰ পৰা যুৱতীগৰাকীক বাছৰ পৰা টানি উলিয়াই নি কাষৰে জংঘলত ৮ পাষণ্ডই সংঘটিত কৰে নিকৃষ্ট কাণ্ড।

প্ৰথমে এই কাৰ্যত যুৱতীয়ে হকা বাধা কৰাত য়ুৱক কেইজনো ৰুমালত কোনো দব্য মিহলাই যুৱতীক সংজ্ঞাহীন কৰি লয়। নিজ নিজ কামনা পুৰণ কৰি পাছত সেই জংঘলৰ মাজতে পেলাই থৈ যায় যুৱতীক।

আৰক্ষীয়ে জনোৱা মতে, পাছত যেতিয়া যুৱতীয়ে সংজ্ঞা ঘুৰাই পাই , তেতিয়া কোনোমতে সেই ঠাইৰ পৰা উঠি আগি পথৰ কাষ চাপি পথচাৰীক সহায় বিচাৰে। এজন ব্যক্তিয়ে ১১২ আৰক্ষীক ফোন কৰি খবৰ দিয়ে ঘটনাৰ বিষয়ে।

আৰক্ষীক এই বিষয়ে জনোৱাত ভোজপুৰ থানালৈ প্ৰেৰণ কৰে, কিন্তু আৰক্ষীয়ে প্ৰথমে প্ৰতিবেদন পঞ্জীয়ন কৰা নাছিল। পাছত ন্যায়ালয়ৰ কাষ চাপে ভুক্তভোগী। এতিয়াহে আদালতৰ নিৰ্দেশত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আঠজন অভিযুক্তৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। কিন্তু পলাতক অৱস্থাত আছে কেউজন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *