ফেব্ৰুৱাৰী মাহ কেনে যাব মকৰ ৰাশিৰ জাতকৰ? আজিয়েই জানি থওক

ফেব্ৰুৱাৰী মাহ কেনে যাব মকৰ ৰাশিৰ জাতকৰ? আজিয়েই জানি থওক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ফেব্ৰুৱাৰী মাহ মকৰ ৰাশিৰ জাতকৰ কেনে যাব? স্বাস্থ্যৰ বিষয়ে স্বাস্তি অনুভৱ কৰিব। স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি লাভ কৰিব। ব্যৱসায়ত উন্নতিৰ যোগ। ব্যয় বাঢ়িব। আমদানি ভাল হ’ব। প্ৰেমত শুভ। এই ৰাশিৰ ব্যক্তি ৰোমাণ্টিক। ব্যক্তিগত সম্পৰ্কও এই সময়ত উন্নত থাকিব। পাৰিবাৰিক জীৱনতো শুভ সময় কটাব এই ৰাশিৰ জাতকে। দূৰ যাত্ৰাৰ পৰিকল্পনা থাকিলে সফল হ’ব। বন্ধুৰ সৈতে ভাল সময় কটাব।

কেৰিয়াৰ
কেৰিয়াৰৰ দিশত এই মাহটো আপোনাৰ ভালেই যাব। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰম কৰিব লাগিব। কামৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে। ইয়াৰোপৰি চাকৰিয়ালসকলেও ট্যুৰত যোৱাৰ সুযোগ আছে। চাকৰিত বিভিন্ন চেলেঞ্জ আহিব। সততাৰে কাম কৰিলে সফল হ’ব। শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে সুনাম কঢ়িয়াই আনিব পাৰিব। ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ। চৰকাৰী ক্ষেত্ৰৰ ব্যক্তিৰ দ্বাৰা লাভাম্বিত হ’ব। ব্যৱসায়ত বাবে এই সময় অত্যন্ত শুভ।

আৰ্থিক
মাহৰ আৰম্ভণিতেই ব্যয়ৰ যোগ আছে। বুজন পৰিমানৰ অৰ্থ ব্যয় কৰিব লগা হ’ব পাৰে। হাত খুলি ব্যয় কৰিলে নিজৰ সুখ সুবিধা বৃদ্ধি পাব। এই মাহত ব্যয় নিয়ন্ত্ৰণত ৰখাটো জৰুৰী নহ’লে আৰ্থিক পৰিস্থিতি ভাঙি পৰিব। পৰবৰ্তীকালত শনিয়ে আপোনাৰ আৰ্থিক পৰিস্থিতিত সহায় কৰিব। আৰ্থিক পৰিস্থিতি ব্যয় নিয়ন্ত্ৰণত ৰাখিলে বেয়া নহয়। বেংক বেলেন্স বাঢ়িব।

স্বাস্থ্য
স্বাস্থ্যৰ দিশেৰে মকৰ ৰাশিৰ জাতকৰ পৰিস্থিতি কিছু দুৰ্বল। আপোনাৰ জীৱনযাপন প্ৰণালী কিছু পৰিমানে দুৰ্বল হৈ পৰিব। স্বাস্থ্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিব। খং নিয়ন্ত্ৰণত ৰাখক। পেট আৰু তেজৰ সমস্যাত পৰিব। জ্বৰ, মূৰৰ বিষৰ সমস্যা বাঢ়িব। ইয়াৰোপৰি স্বাস্থ্যজনিত সমস্যাৰ পৰা সাৱধানে থাকক। কোনো ডাঙৰ সমস্যাই অৱশ্যে দেখা নিদিয়ে।

প্ৰেম আৰু দাম্পত্য
প্ৰেমৰ সম্পৰ্ক এই মাহত উন্নত। ৰোমাণ্টিক সময় কটাব এই ৰাশিৰ জাতকে। ভালপোৱা অটুত থাকিব। বন্ধুৰ সহযোগিতা লাভ কৰিব পাৰে। বন্ধুৱে আপোনাৰ সম্পৰ্ক উন্নতিত সহায় কৰিব। বিবাহিকসকলৰ বাবেও এই সময় অনুকূল। মঙ্গলৰ কাৰণে মাজে মাজে বিবাদ হ’ব পাৰে। ৫ ফেব্ৰুৱাৰীৰ পাছত আপোনাৰ ৰাশিত মঙ্গলে প্ৰৱেশ কৰিব। ইয়াৰ ফলত আপোনাৰ খং বৃদ্ধি পাব পাৰে। সুখী দাম্পত্য জীৱনৰ বাবে এই সময়ত সতৰ্ক থকাটো ভাল। আলোচনাৰ মাধ্যমেৰে সময় কটাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *