ৰাখী পূৰ্ণিমাত ঘৰলৈ ঘৰলৈ আনক এই ৪ বিধ সামগ্ৰী, লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ ঘৰ উপচি পৰিব

ৰাখী পূৰ্ণিমাত ঘৰলৈ ঘৰলৈ আনক এই ৪ বিধ সামগ্ৰী, লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ ঘৰ উপচি পৰিব

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- পঞ্জিকা অনুসৰি এইবাৰ ৰাখী পূৰ্ণিমা পৰ্যন্ত শাওন মাহ থাকিব৷ অৰ্থাৎ ৩১ আগষ্টলৈকে এইবাৰ শাওন মাহ চলিব৷ সেই হিচাপে আগন্তুক ৩১ আগষ্টত শাওন পূৰ্ণিমা বা ৰাখী পূৰ্ণিমা৷ শাওন মাহৰ পূৰ্ণিমাতেই পালন কৰা হয় ৰাখী বন্ধন উৎসৱ৷ হিন্দু কেলেণ্ডাৰ অনুসৰি শাওন মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত এই উৎসৱ৷ ৩০ আগষ্টৰ দুপৰীয়া ১২ বাজি ২৭ মিনিটত আৰম্ভ হ’ব এই শুভ সময়৷ পূৰ্ণিমা থাকিব ৩১ আগষ্টৰ পুৱা ৮ বাজি ৩৫ মিনিটলৈকে৷ এই তিথি অনুসৰি ৩১ আগষ্টত পালিত হ’ব ৰাখী বন্ধন৷ এই পূজা যিহেতু সন্ধিয়া কৰা হয় সেয়ে শাওন মাহৰ পূৰ্ণিমাৰ পূজা ৩০ আগষ্টত কৰা হ’ব৷ শাস্ত্ৰ অনুসৰি শাওন মাহৰ পূৰ্ণিমাত এই ৪ সামগ্ৰী ঘৰলৈ আনিলে মা লক্ষ্মী প্ৰসন্ন হয়৷

একাক্ষী নাৰিকল
ৰাখী পূৰ্ণিমাক নাৰিকল পূৰ্ণিমা বুলি কোৱা হয়৷ পুৰাণ অনুসৰি নাৰিকল মা লক্ষ্মীৰ ঘৰ৷ সেয়ে নাৰিকলক শ্ৰীফল বুলিও কোৱা হয়৷ শাওনৰ এই পূৰ্ণিমা তিথিত একাক্ষী নাৰিকল যি পূজা কৰিলে বিপদ কমে৷ অৰ্থলাভ হয়৷

নতুন পোছাক
পূৰ্ণিমা তিথি যিহেতু লক্ষ্মীৰ উদ্দেশ্যে নিবেদিত৷ এই দিনটোত নতুন কাপোৰ কিনাটো শুভ বুলি কোৱা হয়৷ সেইদিনটো যিহেতু ৰাখী পূৰ্ণিমাও সেয়ে ভাতৃ-ভগ্নীয়েও এজনে আনজনক উপহাৰ প্ৰদান কৰে৷ এনেকৈ এই দিনটোত নতুন কাপোৰ ল’লে কৃপাদৃষ্টি সকলো সময়তে আপোনাৰ ওপৰত থাকিব৷

পলাশ ফুল
শাস্ত্ৰ অনুসৰি পলাশ ফুল লক্ষ্মীৰ অত্যন্ত প্ৰিয়৷ শাওন মাহৰ পূৰ্ণিমাত ঘৰত এজোপা পলাশ ফুলৰ গছ ৰোৱাটো শুভ৷ ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সুখ আৰু সম্পদ বৃদ্ধি পাব৷ ঘৰত পলাশ ফুলৰ গছ নাথাকিলে সেই দিনটোত কেইপাহমান পলাশ ফুল ঘৰলৈ আনিব৷ ইয়াৰ ফলত লক্ষ্মীৰ আশীৰ্বাদৰ পৰা আপুনি বঞ্চিত নহ’ব৷

সোন-ৰূপ
আপুনি যদি সোন-ৰূপৰ গহনা কিনাৰ কথা ভাৱিছে তেন্তে শাওন মাহৰ পূৰ্ণিমাতেই কিনক৷ সোন বা ৰূপৰ দৰে ধাতুত লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হয়৷ সোন-ৰূপ কিনাৰ বাবে শাওন মাহৰ পূৰ্ণিমাৰ দিনটো অতি শুভ৷ এই দিনটোত সোন-ৰূপৰ গহনা ঘৰলৈ আনিলে সংসাৰত স্থায়ীভাৱে লক্ষ্মীয়ে বিৰাজ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *