যুৰীয়া জীৱনৰ আশাবোৰ থিতাতেই ভাঙিল! বৰমালা পিন্ধায়েই চিৰনিদ্ৰাত শুই পৰিল কইনা শিৱাংগী…

যুৰীয়া জীৱনৰ আশাবোৰ থিতাতেই ভাঙিল! বৰমালা পিন্ধায়েই চিৰনিদ্ৰাত শুই পৰিল কইনা শিৱাংগী…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ৰভাথলীত দৰাৰ ডিঙিত বৰমালা পিন্ধায়েই হঠাৎ ঢলি পৰে কইনা। সেই যে ঢলি পৰিল লগে লগেই মৃত্যু ঘটিল কইনাগৰাকীৰ। এই শোকাৱহ ঘটনাটো উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। জীৱনৰ বিশেষ দিনটোত হঠাৎ এনেদৰে কইনাই মৃত্যুক আঁকোৱালী লোৱাত আচৰিত হৈ পৰিছে সকলো। কেনেকৈ মৃত্যু ঘটিল কইনাৰ? জানিব পৰা মতে, শুকুৰবাৰে নিশা লক্ষ্ণৌৰ ভাদৱানা নিৱাসী ৰাজপালৰ কন্যা শিৱাংগীৰ বিবাহ অনুষ্ঠান আছিল। নিশা ৰভাঘৰত দৰা উপস্থিত হোৱাৰ পাছত আৰম্ভ হৈছিল বিবাহৰ সামাজিক ৰীতি-নীতি।

সেই সময়তে দৰাৰ ডিঙিত বৰমালা পিন্ধোৱাৰ পিছতে হঠাৎ ঢলি পৰে কইনা শিৱাংগী। লগে লগে সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। শিৱাংগীক ভাদৱানা স্বাস্থ্য কেন্দ্ৰলৈ ততাতৈয়াকৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। চিকিৎসকে সদৰী কৰা মতে, হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে শিৱাংগীৰ। বিয়াৰ ১৫-২০ দিনৰ আগৰে পৰাই অসুস্থ হৈ আছিল শিৱাংগী।

এই সন্দৰ্ভত চিকিৎসকক দেখুওৱাইছিল যদিও শিৱাংগী নিম্ন ৰক্তচাপত ভুগি থকা বুলিহে জনাইছিল চিকিৎসকে। চিকিৎসকে দিয়া যাৱতীয় ঔষধ খাই শিৱাংগী সুস্থ হৈ উঠিছিল যদিও বিয়াৰ দিনটোত পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। বিয়াৰ দিনটোতো দিনৰ ভাগত শিৱাংগীক মালিহাবাদ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাত চিকিৎসকে পুনৰ নিম্ন ৰক্তচাপৰেই ঔষধ দিছিল।সেইদিনাও চিকিৎসকে দিয়া ঔষধ খাই সুস্থ হৈ উঠা শিৱাংগীয়ে নিশা দৰাৰ ডিঙিত বৰমালা পিন্ধোৱাৰ পিছতে ঢলি পৰি সাৱটি লয় মৃত্যুক। ইফালে শিৱাংগীৰ মৃত্যুত শোকত ভাগি পৰা পৰিয়ালটোৱে শনিবাৰে কন্যাৰ শেষকৃত সম্পন্ন কৰে। জানিব পৰা মতে, আৰক্ষীক অৱগত নকৰাকৈয়ে শিৱাংগীৰ শেষকৃত্য সম্পন্ন কৰে পৰিয়ালটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *