ব্ৰাজিলে ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে নগ্ন হ’ব এইগৰাকী সুন্দৰী মডেল

ব্ৰাজিলে ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে নগ্ন হ’ব এইগৰাকী সুন্দৰী মডেল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ব্ৰাজিলিয়ান মডেল টাটি ওয়েগ এসময়ত আৰক্ষীকৰ্মী আছিল। কিন্তু পেছাত মন নবহিল। আৰম্ভ কৰিলে মডেলিং। আৰক্ষী হিচাপে তেওঁ যিমান খ্যাতি অৰ্জন কৰিছিল তাতকৈ বহুগুণে বেছি খ্যাতি লাভ কৰিলে মডেল হিচাপে। ব্ৰাজিলৰ চিনাকি মডেল টাটিয়ে ফিফাত ভাগ লোৱা ব্ৰাজিলৰ দলটোক উৎসাহ জনাই কৰিছে বিশেষ মন্তব্য। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা মন্তব্যটো দেখি নেটিজেনেও দাঙি ধৰিছে ভিন্ন মত।

মন্তব্যত ব্ৰাজিলিয়ান মডেল টাটিয়ে কৈছে, ‘যদি ফিফা বিশ্বকাপত ব্ৰাজিল ফাইনেলত প্ৰৱেশ কৰে তেন্তে তেওঁ নিজৰ নগ্ন ছবি মুকলি কৰি দিব। কিন্তু কেৱল ব্ৰাজিল ফাইনেলত গ’লেও তেওঁ নগ্ন হ’ব এনে নহয়। ফাইনেল খেলখনত ব্ৰাজিলৰ প্ৰতিপক্ষ হিচাপে থাকিব লাগিব জাৰ্মানিও। জাৰ্মানিয়ে ২০১৪ ৰ ফিফা বিশ্বকাপত ৭-১ গলত ধৰাশায়ী কৰিছিল ব্ৰাজিলক।

ব্ৰাজিলৰ বাসিন্দা হ’লেও টাটি বিশ্বকাপকেন্দ্ৰিক সৌন্দৰ্য প্ৰতিযোগিতাত জাৰ্মানীকহে প্ৰতিনিধিত্ব কৰিছে। কাৰণ টাটি বৰ্তমান ব্ৰাজিলৰ বাসিন্দা হ’লেও তেওঁৰ পূৰ্বপুৰুষ জাৰ্মানীৰহে বাসিন্দা। সেয়ে সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লৈ ধৰ্ম সংকটত পৰিছিল টাটি। সেয়ে টাটিয়ে দুয়োখন দেশকেই ফাইনেলত চাব বিচাৰে। মডেলগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁৰ পৰিয়াল জাৰ্মানীৰ হ’লেও ব্ৰাজিলেই এই বিশ্বকাপ জয় কৰাটো তেওঁ মনে-প্ৰাণে বিচাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *