কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…

কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ বলিউদত কেইবাটাও প্ৰেমিক যুটি প্ৰায়ে চৰ্চাত থাকে। অমিতাভ বচ্চনৰ পৰা ৰণবীৰ সিঙৰ লৈকে সকলো তাৰকাৰ প্ৰেমে বিভিন্ন প্ৰসংগক লৈ সংবাদ শিৰোনাম দখল কৰে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত এক খবৰত প্ৰকাশ পাইছে যে, বলিউদ তাৰকাসকলে তেওঁলোকৰ পত্নীক মৰমত কি বুলি মাতে।

প্ৰকাশিত খবৰ অনুসৰি, ৰণবীৰ সিঙে তেওঁৰ মৰমৰ পত্নী দিপীকাক মৰমতে ‘টিটলি’ বুলি মাতে। অমিতাভ বচ্চনে পত্নী জয়া বচ্চনক মৰমতে ‘মেডাম’ নাইবা ‘দেৱী জী’ বুলি সম্বোধন কৰে। ইফালে কেটৰীণাক স্বামী বিকি কৌশলে ‘পেনিক বটন’ বুলি মাতি বেচি ভাল পায়।

অভিষেক বচ্চনে তেওঁৰ মোহময়ী পত্নীক ঐশ্বৰ্যা ৰায়ক ‘ৱাইফী’ নাইবা ‘ঐৰ্শ্ব’ বুলি মাতে। ইফালে কিছুদিনৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা সিদ্ধাৰ্থ মলহোট্টাই তেওঁৰ পত্নী কিৰাৱা আদৱানিক ‘বেবী’ বুলি মাতে। আনহাতে বছৰ বছৰ ধৰি সুখৰ সংসাৰ অতিবাহিত কৰা অজয়ে তেওঁৰ মৰমৰ পত্নী কাজলক নাম কাঢ়িয়ে মাতে। অভিনেতা শ্বাহৰুখ খানেও তেওঁৰ পত্নী গৌৰী খানক গৌৰী বুলিলে সম্বোধন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *