জানিছিলো জীৱনৰ বাকীচোৱা কাল মই তোমাৰ সৈতেই কটাব লাগিব, পত্নীৰ জন্মদিনক বিশেষ শুভেচ্ছাবাৰ্তা আৰবাজৰ

জানিছিলো জীৱনৰ বাকীচোৱা কাল মই তোমাৰ সৈতেই কটাব লাগিব, পত্নীৰ জন্মদিনক বিশেষ শুভেচ্ছাবাৰ্তা আৰবাজৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

বিগত মাহতেই দ্বিতীয়বাৰ বিয়া কৰাই সকলোকে চমক দিছিল আৰবাজ খানে। নতুনকৈ সংসাৰ পতাৰ পাছতেই আৰবাজৰ সৈতে ছুৰাৰ বহু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। বৃহস্পতিবাৰে আৰবাজৰ নতুন পত্নী সুৰাৰ জন্মদিন আছিল। বিশেষ দিনটোত পত্নীক বিশেষভাৱে শুভেচ্ছাবাৰ্তা দিলে আৰবাজে। পত্নী ছুৰাক উদ্দেশ্যি সামাজিক মাধ্যমত দিয়া সেই পোষ্ট এতিয়া খুবেই ভাইৰেল।

পত্নীৰ জন্মদিনত সামাজিকমাধ্যমত সুৰাৰ সৈতে তোলা এখন বিশেষ ফটো শ্বেয়াৰ কৰি আৰবাজে লিখিছে, ‘প্ৰিয় সুৰা, তোমাক ওপজা দিনৰ শুভেচ্ছা জনাইছো। তোমাৰ দৰে মোক আৰু কোনোৱে হঁহুৱাব নোৱাৰে। তুমি মোৰ জীৱনটোক পোহৰেৰে ওপচাই দিছা। তোমাৰ সৈতে যাতে মই জীৱনত আহিবলগীয়া সকলো সময়, বাৰ্ধক্যলৈকে থাকিব পাৰো তাৰেই কামনা কৰিছো। প্রথমৰ পৰাই মই জানিছিলো জীৱনৰ বাকীচোৱা কাল মই তোমাৰ সৈতে কটাম। তুমি তোমাৰ সৌন্দৰ্য আৰু ভালপোৱাৰে মোক ভৰাই ৰাখিবা।’ প’ষ্টৰ শেষত আৰবাজে দিছে কেইবাটাও হাৰ্ট ইমজি।

https://www.instagram.com/p/C2O_NonSTWG/?utm_source=ig_web_copy_link

উল্লেখ্য যে, বিবাহৰ মাত্ৰ ৫ দিন পূৰ্বে সুৰাক প্ৰেম নিবেদন কৰিছিল আৰবাজে। মাত্ৰ ৫ দিনৰ প্ৰেমৰ অন্ততে দুয়োৱে বিবাহপাশত আৱদ্ধ হয়। সামাজিকমাধ্যমত বহুতেই আৰবাজৰ নতুন বিবাহক লৈ সমালোচনাও কৰিছে। বহুতেই সুৰাক দেখাত মালাইকাৰ দৰে বুলিও দাবী কৰিছে। কিন্তু এই সকলোবোৰ আলোচনা সমালোচনাক পাত্তা দিয়া নাই দম্পত্তিয়ে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *