পৰকীয়া প্ৰেমৰ বাবেই বকোৰ আখতাৰে হত্যা কৰিলে পত্নীক! সবিশেষ…

পৰকীয়া প্ৰেমৰ বাবেই বকোৰ আখতাৰে হত্যা কৰিলে পত্নীক! সবিশেষ…

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: পোহৰলৈ আহিছে এটাৰ পাছত আনটো অপৰাধজনিত ঘটনা। শুকুৰবাৰে আন এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ অহাৰ পাছতেই সকলোৰে মুখে মুখে এটাই প্ৰশ্ন কিয় ইমান নৃশংশ হৈছে মানুহ? প্ৰাপ্ত খবৰ অনুসৰি, অভিযুক্তই পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীক হত্যা কৰিছে। এই হত্যাকাণ্ডৰ ঘটনা  বকোৰ দক্ষিণ কামৰূপত।

প্ৰাপ্ত খবৰ অনুসৰি ৬ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল  আখতাৰ হুছেইন। আনহাতে নিহত কিশোৰীগৰাকীৰ বয়স মাত্ৰ ১৭ বছৰ। বিবাহৰ পাছতেই অভিযুক্ত আখতাৰে অন্য যুৱতীৰ প্ৰেমত পৰিছিল আৰু এই কথা জানিব পাৰি আপত্তি কৰিছিল পত্নীয়ে। গতিকে হত্যাৰ কাৰণ পৰকীয়া প্ৰেম বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ মতে মৃত্যুৰ সময়ত কিশোৰীগৰাকী ২ মাহৰ অন্তঃসত্ত্বাও আছিল। অভিযোগ অনুসৰি আখটাৰে বুধবাৰে  হত্যাকাণ্ডটো সংঘটিত কৰিছিল আৰু তেতিয়াৰ পৰাই পলাতক অৱস্থাত আছে। কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতহে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে।

আনহাতে আখটাৰৰ পৰিয়ালে এয়া আত্মহত্যা বুলি দাবী কৰিছে যদিও আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *