ঢেকীৰ চাবত কঁপিছে চুবুৰী, ব’হাগ আহিছে, প্ৰস্তুতি কেনে?

ঢেকীৰ চাবত কঁপিছে চুবুৰী, ব’হাগ আহিছে, প্ৰস্তুতি কেনে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিহু পালেহিয়েই৷ ঢোলৰ গুমগুমনি ৰিণি ৰিণি ভাহিছে৷ নামঘৰৰ পদুলিতে মিটিং এখন বহিছে৷ এইবাৰ বিহুভাগ কেনেকৈ আগুৱাই নিয়া যায়৷ প্ৰত্যেকেই দিছে একোটাকৈ মত৷ নাই কথা নিমিলে৷ হুচৰিক লৈয়ে বহিছে একোখন মেল৷ এইবাৰ খেলৰ বাহিৰত গৈ কাৰো চোতালত হুচৰি গাব নোৱাৰিবি ইত্যাদি ইত্যাদি৷

মুঠতে গাঁওসমূহত এতিয়া ব্যস্ততাৰ অন্ত নাই৷ এই আয়োজনবোৰতেই আছে ন’ উদ্যম, প্ৰকৃতিয়েই কেৱল ন’ সাজ নিপিন্ধে, নাঙলৰ মুঠিত ধৰি সাজু হয় প্ৰতিজন চহা অসমীয়া৷ বছৰটোৰ বাবে খেতিডৰা ভালকৈ কৰিব লাগিব। পদুলিত হেঁপাহৰ বসন্ত৷ বসন্ত জাগি থাকে অসমীয়াৰ প্ৰাণত, বসন্ত জীপাল হয় কবি, সাহিত্যিকৰ কলমত৷ কবিৰ ভাষাৰে, ‘ফুল ফুলক বা নুফুলক এয়া যে বসন্ত৷’

বসন্ত মানেই মন আন্দোলিত হোৱা সুন্দৰতাৰ আহ্বান৷ ফাগুনত লঠঙা ডাল, চৌদিশে উদাস, উৰুঙা বতৰত প্ৰকৃতিতো যেন আহে স্তব্ধতা৷ বসন্তই সেই স্তব্ধতা ভাঙে৷ প্ৰকৃতি চঞ্চলা হৈ উঠে৷ ন’ বৰষুণে আভূষণ পিন্ধোৱা ডালে ডালে নামি আহে বসন্ত৷ বসন্ত মানেইতো পূৰ্ণতা৷ বসন্ত মানেই নতুন প্ৰাণৰ কলৰৱ৷ বসন্তত কেৱল প্ৰকৃতিয়ে নিজেই ন’ আভূষণ পিন্ধে তেনে নহয়৷ সাঁজু হয় অসমবাসীও৷ বসন্ত মানেইতো বহাগ৷ অসমীয়াৰ হেঁপাহৰ বহাগ৷ এনে সময়তে প্ৰকৃতিয়েও ৰমক জমককৈ ন-সাজেৰে গাভৰুজনী হৈ দেখা দিয়ে। ৰঙালী বিহুক সাত বিহু বুলিও কোৱা হয়। চ’তৰ সংক্ৰান্ত্ৰিৰ দিনৰপৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ মুঠ সাতদিন ধৰি এই বিহু উদযাপন কৰে অসমীয়াই।

সাতবিহুৰ আৰম্ভনি হয় গৰু বিহুৰে৷ তাৰপিছতেই মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, চেনেহী বিহু আৰু চেৰা বিহু। সাত বিহুৰ নাম মনত ৰাখিলেই জানো বিহু ন প্ৰজন্মৰ মাজত জী থাকিব? বিহুক জীয়াই ৰাখিবলৈ হ’লে, প্ৰতিজন অসমীয়াই গাৱলীয়া সমাজখনৰ শিপাডালক বিচাৰিব লাগিব। ঢেকী, ঢোল আৰু কুলিৰ মাতত ৰঙীন হয় প্ৰকৃতি সেয়া নতুন প্ৰজন্মই চিনি পাব লাগিব৷ ৰহিৰ বাটিতেই মজি নাথাকি নাঙলৰ মুঠি খামুছি ধৰি অসমীয়াই ক’ব লাগিব কৃষি অবিহনে সংস্কৃতি অৰ্থহীন৷

পথাৰখন এৰি, গোহালিৰ গৰু কেইটাক বাদ দি বহাগ বিহু সদায়ে আধৰুৱা। জেঠ মাহলৈকে বহাগী উৎসৱ, আদৰণি, বিদায় এইবোৰ পাতি থকা মানেই বহাগ বিহু নহয়৷  ৰঙালীৰ প্ৰকৃত মাদকতা আছে চহা গাঁৱত৷ হাজাৰটা পৰিৱৰ্তন নাহক কিয়? ধৰালৈ ৰঙীন হৈ নামিব ঋতুৰাজ বসন্ত, আহিব ব’হাগ।

উৰুকা নিশা আকৌ ব্যস্ত হ’ব গাঁৱৰ প্ৰতিজন পাহোৱাল ডেকাৰ লগতে প্ৰতিগৰাকী জীয়াৰী-বোৱাৰী। ঢেকীৰ চাপত কঁপি উঠিব চুবুৰী। গৰুৰ চালত ঢুলীয়া ডেকাৰ যাদুকৰী চাপৰত নাচনীয়ে ভাঙি যাব যতৰ৷ গৰু বিহুৰ দিনা পুৱাতে উঠি গাঁৱৰ খেতিয়কজনে চাকৰ লাও-বেঙেনা মাৰি খেতিৰ গৰুকেইটাৰ মংগল কামনা কৰিব, সন্ধিয়া পদূলিত জাক দি বছৰটোলৈ গোধন কেইটা সুস্থ হৈ থাকক তাৰেই কামনা কৰি বিহুৱা ডেকাই হেঁপাহেৰে জুৰিব, ‘ধনশিৰী পাৰে হৈ ঢপলিয়াই আহিলো, জিৰালো কলিয়াবৰত৷ তোমাকে বিচাৰি ঘৰে-বাৰী এৰিলো, তোমাকে নেপালোহী ঐ ঘৰত…৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *