বুধবাৰে নিশা পৃথিৱীৰ সৰ্বাধিক কাষলৈ আহিব চন্দ্ৰ, খালী চকুৰে দেখা যাব শনিকো! ভাগ্য চমকি উঠিব ৪ ৰাশিৰ

বুধবাৰে নিশা পৃথিৱীৰ সৰ্বাধিক কাষলৈ আহিব চন্দ্ৰ, খালী চকুৰে দেখা যাব শনিকো! ভাগ্য চমকি উঠিব ৪ ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৩০ আগষ্টত নিশাৰ আকাশত খালী চকুৰে দেখা যাব বিৰল দৃশ্য। শাস্ত্ৰমতে আজি শাওনৰ শেষৰটো পূৰ্ণিমা। এই পূৰ্ণিমাতেই দেখা যাব ছুপাৰ ব্লু মুন। কাৰণ আজি চন্দ্ৰই নিজৰ কক্ষপথ এৰি পৃথিৱীৰ কক্ষপথলৈ আহিব। পৃথিৱীৰ কক্ষপথলৈ অহাৰ বাবে চন্দ্ৰক ১৪ শতাংশ ডাঙৰ আৰু পূৰ্বতকৈ ৩০শতাংশ বেছি উজ্জ্বল দেখা যাব। এই উজ্জ্বল আকাৰৰ বৃহৎ চন্দ্ৰকেই Blue Super Moon আখ্যা দিয়া হয়। ১০ বছৰত এবাৰ এই পৰিঘটনা ঘটে। আজি পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব হ’ব ৩লাখ ৫৭ হাজাৰ ১৮১ কিঃমিঃ। বুধবাৰে নিশা ৮ বাজি ৩৭ মিনিটত পৃথিৱীৰ সৰ্বাধিক কাষলৈ আহিব চন্দ্ৰ।

চন্দ্ৰৰ সৈতে শনিৰ মিলন ঘটিব
বুধবাৰে মহাকাশত এক বিৰল দৃশ্য দেখা যাব। চন্দ্ৰৰ কাষত দেখা যাব শনিগ্ৰহকো। সূৰ্যাস্তৰ পাছতেই পূৱ আকাশত চন্দ্ৰক দেখা যাব। চন্দ্ৰৰ নিচেই কাষতে দেখা যাব শনি গ্ৰহক। বুধবাৰে সন্ধিয়া চন্দ্ৰ আৰু শনিৰ এই বিৰল দৃশ্য খালী চকুৰেই উপভোগ কৰিব পাৰিব।

ইফালে জ্যোতিষ শাস্ত্ৰই জনোৱামতে এই বিৰল যোগত ভাগ্য চমকি উঠিব ৪ৰাশিৰ জাতকৰ। এই শুভক্ষণত কেইটামান ৰাশিৰ ভাগ্য চমকি উঠিব বুলি জনাইছে জ্যোতিষ শাস্ত্ৰই। কোন কোন ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব।

মেষ ৰাশি
ছুপাৰ মুনৰ শুভ প্ৰভাৱত উপকৃত হ’ব মেষ ৰাশিৰ জাতকসকল। এই সময়ত যি কামেই হাতত নলওক কিয় সফল হ’ব। নতুন কোন প্ৰকল্প আৰম্ভ কৰিলে এই সময় শুভ সময়। চন্দ্ৰৰ প্ৰভাৱত প্ৰচুৰ আৰ্থিক লাভ হ’ব। হঠাৎ নতুন সূত্ৰৰ পৰা ধন আগমন হ’ব পাৰে।

বৃষ ৰাশি
আজিৰ পৰাই বৃষ ৰাশিৰো ভাগ্য উদয় হ’ব। নিজৰ আচৰণ আৰু ব্যৱহাৰত পজিটিভিটি বাঢ়িব বৃষ ৰাশিৰ জাতকৰ। কোনো জৰুৰী বিষয়ক লৈ সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব এই ৰাশিৰ জাতকৰ। নিজৰ বুদ্ধিমত্তাৰে অন্যৰ মন জয় কৰিব পাৰিব। কেৰিয়াৰত সাফল্য আহিব।

কর্কট ৰাশি
কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ। চন্দ্ৰৰ প্ৰভাৱত লাভৱান হ’ব এই ৰাশিৰ জাতক। এই সময়ত আপুনি কোনো আনন্দ উৎসৱত ভাগ লোৱাৰ সুযোগ পাব। আপোনাৰ ব্যক্তিত্বই সকলোকে মুগ্ধ কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। জৰুৰী কোনো সিদ্ধান্ত ল’লে ভাল ফল লাভ কৰিব। চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মনত শান্তি আৰু সন্তুষ্টি আহিব।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰো অধিপতি চন্দ্ৰ। আজিৰে পৰা আপোনাৰ সৌভাগ্য বৃদ্ধি পাব। নিজৰ কেৰিয়াৰত আৰু এঢাপ আগুৱাই যাব পাৰিব। আত্মবিশ্বাস আৰু বুদ্ধিৰ জোৰত কৰ্মক্ষেত্ৰত বিশেষ অধিকাৰ সাব্যস্ত কৰিব। অন্যসকলক নেতৃত্ব দিয়াৰ ক্ষমতা লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *