কুকুৰে খাব নোখোজা বিস্কুট কংগ্ৰেছ কৰ্মীক সঁচাকৈয়ে দিছিলনে ৰাহুলে? কুকুৰে কি ক্ষতি কৰিছে বিজেপিৰ, প্ৰশ্ন ৰাহুল গান্ধীৰ

কুকুৰে খাব নোখোজা বিস্কুট কংগ্ৰেছ কৰ্মীক সঁচাকৈয়ে দিছিলনে ৰাহুলে? কুকুৰে কি ক্ষতি কৰিছে বিজেপিৰ, প্ৰশ্ন ৰাহুল গান্ধীৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কুকুৰে খাব নুখুজা বিস্কুট এইবাৰ কংগ্ৰেছ কৰ্মীক খাবৰ বাবে দিলে ৰাহুল গান্ধীয়ে। ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগেই আৰম্ভ হৈছে এটাৰ পাছত আনটো বিতৰ্ক। বিষয়টোক লৈ একাংশ বিজেপি বিধায়কেও এক্স হেণ্ডেলত লিখিছে বিশেষ পোষ্ট। এই ভিডিঅ’ক লৈ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইয়ো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী যে ৰাহুল গান্ধীয়ে তেওঁৰ সৈতেও এই কাম কৰিছিল। প্লেট ভৰ্তি বিস্কুট পোনতে কুকুৰক দিয়া হৈছিল সেই প্লেটৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন বিস্কুট দিছিল ৰাহুল গান্ধীয়ে।

সোমবাৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ মাজত আকৌ এবাৰ সেই ঘটনাৰ পুনৰাবৃত্তি ঘটিছে। এটা কুকুৰ হঠাৎ তেওঁৰ কাষলৈ লৈ অনা হৈছিল। ৰাহুলে মৰমতে কুকুৰটোৰ হাতত এখন বিস্কুট তুলি দিছিল কিন্তু কুকুৰটোৱে সেই বিস্কুট গ্ৰহণ নকৰিলে। কুকুৰটোৱে খাব নোখোজা সেই বিস্কুট ৰাহুলে কংগ্ৰেছ কৰ্মী এজনৰ হাতত তুলি দিয়ে। এই সমগ্ৰ কাহিনীৰ সৈতে ভিডিঅ’টো শ্বেয়াৰ কৰিছে বিজেপিৰ আইটি চেলৰ প্ৰধান সদস্য অমিত মালব্যই। এই ভিডিঅ’ তাৰপিছতেই বিভিন্নজনে শ্বেয়াৰ কৰিছে।

এই ভাইৰেল ভিডিঅ’ক লৈ আই টি চেল প্রধান অমিত মালব্যই লিখিছে, ‘ভাৰত জোড়ো যাত্ৰাৰ সময়ৰেই এই ভিডিঅ’। মাত্ৰ কেইটামান দিন পূৰ্বে কংগ্ৰেছ সভাপতি খৰ্গেৰ দলীয় বুথ এজেণ্টসকলক কুকুৰৰ সৈতে তুলনা কৰিছিল। তাতেই ৰাহুল গান্ধীয়ে তেওঁৰ যাত্ৰাৰ সময়ত কুকুৰক বিস্কুট যাচিছে। কুকুৰে খাব নোখোজা বিস্কুট আকৌ কংগ্ৰেছী সদস্যৰ হাতত তুলি দিয়াটো কেনেধৰণৰ কথা? কোনো দলৰ সভাপতি আৰু যুৱৰাজে যদি তেওঁৰ দলৰ কৰ্মীসকলক কুকুৰ ভাৱিয়েই তেওঁ এই আচৰণ কৰে, এনে আচৰণ থকা ব্যক্তিৰ দল বিলুপ্ত হোৱাটোৱেই শ্ৰেয়।’

বিজেপি নেত্ৰী পল্লবী ছিটিয়ে আকৌ এই ঘটনাৰ বাবে সমগ্ৰ গান্ধী পৰিয়ালকেই নিৰ্লজ্জ বুলি কটাক্ষ কৰিছে। পল্লৱীক সামৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এৰিছে বিশেষ বাৰ্তা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘এসময়ত মোকো ৰাহুল গান্ধীয়ে তেওঁৰ ঘৰৰ কুকুৰ পিডিৰ প্লেটৰ বিস্কুট খাবলৈ দিছিল। মই নাখালো। কেৱল ৰাহুল গান্ধীয়েই নহয়, তেওঁৰ সমগ্ৰ পৰিয়ালেই মোক সেই বিস্কুট খুৱাব বিচাৰিছিল। মই নাখালো আৰু লগে লগে কংগ্ৰেছ দলো ত্যাগ কৰিলো।’

অৱশেষত এই সমগ্ৰ ঘটনাক লৈ ৰাহুল গান্ধীয়ে সংবাদমেলযোগে সকলো স্পষ্ট কৰি দিছে। ৰাহুলে সংবাদমেলত কয়, ‘মোৰ যাত্ৰাৰ মাজতেই গৰাকীয়ে তেওঁৰ কুকুৰটোক মোৰ কাষলৈ লৈ আহিছিল। মই কুকুৰটোক এখন বিস্কুট দিছিলো। কুকুৰটো ভয়ে ভয়ে আছিল বাবে মোৰ হাতৰ পৰা বিস্কুটখন সি নাখালে। মই সেয়ে সেই বিস্কুট তাৰ মালিকৰ হাতত দিলো। মালিকে তাক সেই বিস্কুটতো খুৱাই দিলে। সিও খাই দিলে। তাত ইছ্যু বনোৱাৰ কি কাৰণ আছে? বিজেপি নেতৃত্বৰ কুকুৰক লৈ কি অসুবিধা আছে বুজি নাপাও? বিজেপিৰ কি ক্ষতি কৰিছে কুকুৰে?’

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *