উচ্চতা তিনি ফুট, বিগ বছ১৬ খ্যাত আব্দু ৰজিকৰ বিয়া, পাত্ৰী কোন?

উচ্চতা তিনি ফুট, বিগ বছ১৬ খ্যাত আব্দু ৰজিকৰ বিয়া, পাত্ৰী কোন?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দেখাত তেনেই কণমানি৷ কিন্তু চেহেৰা প্ৰাণবন্ত৷ ছলমান খানৰ বিতৰ্কিত শ্ব’ বিগ বছত ভৰি দিয়েই বিশ্বত চিনাকী চৰিত্ৰ হৈ পৰিল তাজাকিস্তানৰ গায়ক আব্দু ৰোজিক৷ ছলমান খানৰ বিগ বছৰ পৰাই তেওঁৰ জনপ্ৰিয়তা বহু পৰিমানে বৃদ্ধি পালে৷ বিশ্বৰ সকলোতকৈ চাপৰ গায়ক হিচাপে নজিৰ গঢ়িছে ৰজিকে৷

ছলমান খানৰ ছবি মেনে প্যাৰ কিয়া ছবিত দিল দিৱানা গীতটি গাই ছলমানৰ মন জয় কৰিছিল আব্দুলে৷ মাত্ৰ ১৮ বছৰ বয়সত আব্দু এতিয়া ধনী গায়কৰ ভিতৰতো এজন৷ সৰুৰে পৰাই ৰিকেটত আক্ৰান্ত আব্দু৷ এই ৰোগৰ বাবেই তেওঁৰ উচ্চতা নাবাঢ়িল৷ এসময়ত অৰ্থৰ অভাৱত ভূগি থকাৰ বাবে চিকিৎসাও কৰাব নোৱাৰিলে৷ বয়স বঢ়াৰ লগে লগে আব্দুৰ যশ-খ্যাতি কিন্তু বাঢ়ি থাকিল৷ এইবাৰ সেই আব্দুৱেই বিবাহৰ বহাৰ কথা ঠিৰাং কৰিছে৷

সামাজিক মাধ্যমযোগে আব্দুৱে জনাইছে বিবাহৰ খবৰ৷ অৱশেষত বিচৰা ভালপোৱা লাভ কৰিছে আব্দুৱে৷ যাৰবাবে বিবাহৰ দিনো থিক কৰিছে৷ ইতিমধ্যেই আঙুঠি পিন্ধোৱা অনুষ্ঠান সম্পন্ন হৈছে আব্দুৰ৷ আব্দুৱে কলা ৰঙৰ ব্লেজাৰ পৰিধান কৰিছে৷ ভিডিঅ’ শ্বেয়াৰ কৰি আব্দুৱে লিখিছে, ‘মোৰ বয়স ২০ বছৰ৷ মই সকলো সময়তে এনে এগৰাকী ছোৱালীৰ প্ৰেমত পৰাৰ সপোন দেখি আছিলো, যিয়ে মোক সন্মান কৰে, মোক ভালপায়৷ এয়া মোৰ সপোন আছিল৷ হঠাৎ সেই সপোনৰ নাৰীগৰাকীক বিচাৰি পালো৷ যিগৰাকী নাৰীয়ে মোক ভালপোৱাই নহয়, সন্মানো কৰে৷ মই নতুন জীৱনটোক লৈ খুবেই উৎসাহী৷

এই ভিডিঅ’ৰ কেপশ্ব্যনত আব্দুয়ে লিখিছে, ‘জীৱনত কেতিয়াও ভৱা নাছিলো যে মই এনে এগৰাকী নাৰী বিচাৰি পাম৷ মই কিমান সুখী ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম৷’ এক ৰিপৰ্টে প্ৰকাশ কৰামতে আব্দুৰ হবলগীয়া পত্নীৰ নাম আমিৰা৷ তেঁও মধ্যপ্ৰাচ্যৰ শাৰজাৰ বাসিন্দা৷ চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত ডুবাইৰ শ্বপিং মলত আমিৰাৰ সৈতে দেখা হৈছিল আব্দুৰ৷ আগন্তুক ৭জুলাইত দুয়োৰে বিবাহৰ অনুষ্ঠান৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *