৩মাহৰ বাবে 4000GB ডাটা সম্পূৰ্ণ ফ্ৰি, 300Mbps স্পিড, লাভ কৰিব কলিং আৰু ৭টা OTT এপৰ ফ্ৰী ছাবস্ক্ৰিপশ্ব্যন, জানি লওক প্লেনৰ সবিশেষ তথ্য

৩মাহৰ বাবে 4000GB ডাটা সম্পূৰ্ণ ফ্ৰি, 300Mbps স্পিড, লাভ কৰিব কলিং আৰু ৭টা OTT এপৰ ফ্ৰী ছাবস্ক্ৰিপশ্ব্যন, জানি লওক প্লেনৰ সবিশেষ তথ্য

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্ৰতিদিনেই অনলাইন কাম কৰে যদি ব্ৰডবেণ্ড প্লেন বৰ্তমান খুবেই জৰুৰী হৈ উঠিছে। কাৰ্যালয় হওক বা নেট ছাৰ্ফিং সকলো ক্ষেত্ৰতেই হাই-স্পিড ইণ্টাৰনেট খুবেই জৰুৰী। এই সকলোবোৰ চাহিদা পূৰণ কৰিবলৈ বহুতেই এতিয়া সংগী কৰি লৈছে ভাৰত ফাইবাৰ ব্ৰডবেণ্ডক। তাতেই ইণ্টাৰনেট স্পিডৰ সৈতে লাভ কৰিব ডাটাও। ইয়াৰোপৰি থাকিব আনলিমিটেড কল আৰু ৭টা অটিটি এপৰ ছাবস্ক্ৰিপশ্ব্যন সম্পূৰ্ণ ফ্ৰি।

৩মাহ একেবাৰে বিনামূলীয়া এই ইণ্টাৰনেট ফ্ৰি পৰিসেৱা। কোম্পানীৰ তৰফৰ পৰা আৰু ৩মাহ ভেলিডিটি প্লেন বঢ়াই লোৱাৰো সুযোগ আছে। ঘৰ হওক বা কাৰ্যালয় সকলোতেই এই ব্ৰডবেণ্ড সংযোগ আপুনি ল’ব পাৰে। ভাৰত ফাইবাৰ ব্ৰডবেণ্ড প্ৰকৃততে কি?

এই সুবিধা গ্ৰাহকলৈ আগবঢ়াইছে টেলিকম সংস্থা বিএছএনএলে। সংস্থাই ভাৰত ফাইবাৰ পৰিসেৱা নতুন প্লেন ফাইবাৰ আল্ট্ৰা অটিটি। সেই প্লেনত 300Mbps স্পিড আছে। এই প্লেনত আপুনি লাভ কৰিব 4000GB ডাটা আৰু প্ৰতিদিনে লিমিট শেষ হৈ গ’লে স্পিড কমিব 15Mbpsলৈ।

এই প্লেনত মিলিব আনলিমিটেড কলিং লোকেল আৰু STD ফ্ৰি লেণ্ডলাইন কানেকশ্ব্যন। প্লেনৰ অধীনত মুঠ ৭টা অটিটি এপৰ ছাৱস্ক্ৰিপশ্ব্যন আপুনি লাভ কৰিব। এইসমূহ হৈছে, Hotstar, Lions Gate, Shemaroo, Hungama, SonyLIV, Zee5 আৰু Yupp TV. বৰ্তমান সময়ত ইণ্টাৰনেট ব্যৱহাৰৰ সৈতে বাঢ়িছে অটিটি ব্যৱহাৰৰ প্ৰৱণতাও। কিন্তু এটা এটাকৈ প্লেটফৰ্মসমূহৰ ছাবস্ক্ৰিপশ্ব্যন ল’লে অত্যাধিক ধন খৰচ হয়। সেয়ে টেলিকম সংস্থাসমূহে এই ধৰণৰ বাণ্ডেল প্লেনৰ সৈতে ফ্ৰি অটিটিৰ সুবিধা আগবঢ়াইছে।

৩মাহ ফ্ৰি ব্যৱহাৰ কৰিব পাৰিব
৩মাহ বিনামূলীয়াকৈ ব্যৱহাৰ কৰাৰ বাবে দীৰ্ঘ ম্যাদৰ প্লেন আপুনি ল’ব লাগিব। ভাৰত ফাইবাৰ আল্ট্ৰা অটিটি প্লেনৰ দাম আৰম্ভ হয় ১৭৯৯টকাৰ পৰা। ইয়াৰোপৰি ব্যৱহাৰকাৰীয়ে ৬মাহ ১২ মাহ আৰু ২৪ মাহৰ প্লেনো বাচি ল’ব পাৰে। ৬মাহৰ বাবে এই প্লেন ল’লে আপুনি বহন কৰিব লাগিব ৯৮৯৫টকা। এই প্লেনত কোনো অতিৰিক্ত ভেলিডিটি প্লেন আপুনি লাভ নকৰিব। ১২ মাহৰ বাবে খৰচ ২১,৫৮৮টকা, য’ত আপুনি এমাহৰ ফ্ৰি ভেলিডিটি লাভ কৰিব। ইয়াৰোপৰি আছে ২৪মাহৰ প্লেন। এই প্লেন ল’বৰ বাবে আপুনি খৰচ কৰিব লাগিব ৪৩,১৭৬ টকা। এই প্লেন ল’লে আপুনি লাভ কৰিব ৩মাহৰ ফ্ৰি ভেলিডিটি। এই ব্ৰডবেণ্ড প্লেনৰ সৈতে কোনো টেক্স অৱশ্যে যোগ নহয়। ব্ৰডবেণ্ড প্লেন সম্পৰ্কে সবিশেষ জানিবলৈ আপুনি অফিছিয়েল ৱেবচাইট নতুবা বিএছএনএলৰ ষ্টোৰত যোগাযোগ কৰিব পাৰে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *