প্ৰিয়জনক কেনেকৈ শুভেচ্ছা জনাব ভাৱি দোমোজাত পৰিছে নেকি? এইকেইটা ৰোমাণ্টিক মেছেজ আপুনিও প্ৰিয়জনক দিব পাৰে

প্ৰিয়জনক কেনেকৈ শুভেচ্ছা জনাব ভাৱি দোমোজাত পৰিছে নেকি? এইকেইটা ৰোমাণ্টিক মেছেজ আপুনিও প্ৰিয়জনক দিব পাৰে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-ভালপোৱাৰ দিন ১৪ফেব্ৰুৱাৰী। বিশ্বজুৰি ভেলেণ্টাইন ডে’ পালন কৰা হৈছে। এই দিনটোত মনৰ মানুহ অৰ্থাৎ আপোনাৰ ভেলেণ্টাইনক উদ্দেশ্যি আপুনিও দিব পাৰে কেইটিমান ৰোমাণ্টিক মেছেজ। বছৰৰ এই দিনটো প্ৰত্যেক প্ৰেমাস্পদৰ বাবেই স্পেছিয়েল। ১৪ ফেব্ৰুৱাৰী স্মৰণীয় কৰিবৰ বাবে সকলোৱেই প্ৰয়াস কৰে। ফাগুনৰ এই উদাসী ক্ষণ প্ৰত্যেকেই উদযাপন কৰিব খোজে।

আপুনি প্ৰেয়সী বা প্ৰেমিকক কিমান ভালপায় তাৰ মাপকাঠি জুখিব নোৱাৰিলেও এই দিনটো স্মৰণীয় কৰি তুলিবলৈ প্ৰিয়জনক উদ্দেশ্যি পঠিয়াব পাৰে বিশেষ কেইটিমান মেছেজো। জানি থওক কেইটামান ৰোমাণ্টিক মেছেজ। ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা জনাওক এনেদৰে।
১) আপোনাৰ সৈতে প্ৰতিটো মুুহূৰ্তই এক সুমধুৰ সপোনৰ দৰে। এই ভাললগা আজীৱন কঢ়িয়াই থকাৰ প্ৰতিশ্ৰুতি আপোনালৈ।
২) এই দিনটো তোমাৰ সৈতে স্মৰণীয় কৰি ৰাখিব বিচাৰো। হেপ্পী ভেলেণ্টাইন ডে।
৩) তোমাক সামৰিয়েই জীৱন পথত আগুৱাব খুজিছো, এনেকৈয়ে আগবাঢ়ক আমাৰ প্ৰেমৰ গল্প।
৪) সময় ভাল নতুবা বেয়া যিয়েই নহওক দুয়ো হাতত হাত থৈয়েই আগবঢ়াৰ পৰিকল্পনা কৰিছো। হেপ্পী ভেলেণ্টাইন ডে।
৫) তোমাৰ হাঁহিয়েই মোৰ সুখৰ কাৰণ। ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা তোমালৈ।
৬) তুমি সেই সূৰ্যৰ পোহৰ যি পোহৰে মোক আজীৱন পোহৰাই ৰাখিব বুলি মই বিশ্বাসী।
৭) মই কেৱল ভালপোৱাই বিচৰা নাই, বিচাৰিছো আজীৱন ধৰি ৰাখিব পৰা বন্ধুত্বৰ হাতখন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *