হৃদয় বিদাৰক! বেকী নৈৰ বুকুত হেৰাই গ’ল একেলগে ৩ বন্ধু

হৃদয় বিদাৰক! বেকী নৈৰ বুকুত হেৰাই গ’ল একেলগে ৩ বন্ধু

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-

বাক্সাৰ শালবাৰী তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নাৰায়নগুৰিত অঘটন ।

বাঁ‌হবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়নগুৰিত বেকী নৈত পৰি ৩ যুৱকৰ কৰুণ মৃত্যু৷

বুধবাৰে সন্ধিয়া AS-15 L 5825 নম্বৰৰ EON বাহনেৰে ৩ বন্ধু আহিছিল নাৰায়নগুৰিৰ বেকী নৈৰ পাৰত।

নিশা বাহনখনত উদ্ধাৰ হৈছিল মোবাইল ফোন, কাপোৰ, চেণ্ডেল।

নিশাই স্থানীয় ৰাইজৰ সহযোগত বাঁ‌হবাৰী আৰক্ষীয়ে উদ্ধাৰ অভিযান চলায় যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷

আজি পুৱা ইয়াৰে ৰাজ সাহাৰ মৃতদেহ বেকী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় ।

মৃত্যু  যুৱক তিনিজন ক্ৰমে বৰপেটা ৰোডৰ ৰাজ সাহা, অভিজিৎ কৰ্মকাৰ আৰু দ্বীপ সাহা৷

ইয়াৰে ৰাজ সাহা আৰু দ্বীপ সাহা দুই ভাই ককাই বুলি জানিব পৰা গৈছে ।

কেনেদৰে এই মৰ্মান্তিক ঘটনা সংঘটিত হ’ল এতিয়ালৈ স্পষ্ট হোৱা নাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *