ISL লৈ আমন্ত্ৰিত বৰপেটাৰ উদীয়মান ফুটবলাৰ

ISL লৈ আমন্ত্ৰিত বৰপেটাৰ উদীয়মান ফুটবলাৰ

ISL
ISL
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

দেশত ফুটবলৰ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৩ চনত আৰম্ভ কৰা হৈছিল ফুটবলৰ মেগা লীগ ‘ইণ্ডিয়ান ছুপাৰ লীগ’। ভাৰতৰ বহু উদীয়মান প্ৰতিভাসম্পন্ন খেলুৱৈয়ে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে লাভ কৰে এখন মঞ্চ। বিদেশী ফুটবলাৰৰ লগত খেলিবলৈ পাই যথেষ্ট অভিজ্ঞতাও অৰ্জন কৰিছে দেশৰ কনিষ্ঠ খেলুৱৈসকলে। এইবাৰ ISL ৰ পৰা আমন্ত্ৰণ লাভ কৰিছে বৰপেটাৰ এগৰাকী যুৱ খেলুৱৈয়ে।
প্ৰথমটো সংস্কৰণৰ পৰাই সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ইণ্ডিয়ান ছুপাৰ লীগে। ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফচিক উৎসাহিত কৰি আহিছে উত্তৰ পূববাসীয়ে। ইতিমধ্যে অসমৰ কেইবাগৰাকীও প্ৰতিভাসম্পন্ন খেলুৱৈয়ে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ হৈ খেলি সুনাম অৰ্জন কৰিছে। ইয়াৰ মাজতে বৰপেটাৰ উদীয়মান খেলুৱৈ আৰিয়ান ইছলামে আমন্ত্ৰণ লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেডৰ তৰফৰ পৰা।
নৰ্থ ইষ্ট ইউনাইটেড এফচি দলটোৰ প্ৰশিক্ষণ তথা বাছনি শিৱিৰলৈ আমন্ত্ৰণ আভ কৰে আৰিয়ানে। ISL ৰ অন্যতম জনপ্ৰিয় দলটোৰ পৰা আমন্ত্ৰিত হোৱাত আৰিয়ানক লৈ গৌৰৱান্বিত বৰপেটা জিলাবাসী। বৰপেটাৰ জিলাৰ ভেল্লাৰ বনবৰীয়া গাঁৱৰ জুবুল ইছলাম আৰু ছুইটি বেগমৰ সন্তান আৰিয়ান ইছলাম। ভৱিষ্যতে এগৰাকী সুদক্ষ খেলুৱৈ হৈ দেশ আৰু জাতিৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ সপোন আৰিয়ান ইছলামৰ। বৰপেটাৰ NR ফুটবল একাডেমীত প্ৰশিক্ষণ লাভ কৰিছে আৰিয়ান ইছলামে।
ভেল্লাৰ এই যুৱকজনৰ সফলতাৰ প্ৰথম খোজত উৎফুল্লিত হৈছে বিভিন্ন দল সংগঠন তথা স্থানীয় লোক। আৰিয়ান ইছলামৰ এই সফলতাত গৌৰৱ অনুভৱ কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে NR ফুটবল একাডেমীৰ স্বত্বাধিকাৰী নেকিবুৰ ৰহমান আৰু প্ৰশিক্ষক মকবুল আলীৰ লগতে স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *