ভাল দিন! ৰাজ্যৰ ৩৫,৮০০ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক আজি প্ৰদান কৰা হ’ব স্কুটি…

ভাল দিন! ৰাজ্যৰ ৩৫,৮০০ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক আজি প্ৰদান কৰা হ’ব স্কুটি…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ৰাজ্যৰ ৩৫ হাজাৰ ৮০০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি মেধা বঁটা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব স্কুটী। ৩৫,৮০০ গৰাকী ছাত্ৰ–ছাত্ৰীয়ে লাভ কৰিব এই বঁটা। ৬০ শতাংশ নম্বৰ লাভ কৰা ২৯,৭৪৮ গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হ’ব স্কুটী আৰু ৭৫শতাংশ নম্বৰ লাভ কৰা ৬,০৫২ জন ছাত্ৰই লাভ কৰিব স্কুটী।

বুধবাৰে খানাপাৰা পশু চিকিত্‍সা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব বঁটা প্ৰদান অনুষ্ঠান। দিনৰ ২ বজাত আৰম্ভ হ’ব অনুষ্ঠান। স্কুটি বিতৰণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *