আমি মঙলত জীৱ থাকিব পৰা সমলৰ সন্ধান কৰিম! মঙললৈ যান পঠিয়াবলৈ সম্পূৰ্ণ সাজু বাংলাদেশ

আমি মঙলত জীৱ থাকিব পৰা সমলৰ সন্ধান কৰিম! মঙললৈ যান পঠিয়াবলৈ সম্পূৰ্ণ সাজু বাংলাদেশ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এয়া সপোন নহয়৷ শুনি আচৰিতো নহ’ব৷ এইবাৰ মঙলমুখী যাত্ৰা আৰম্ভ কৰিছে বাংলাদেশেও৷ বাংলাদেশৰ প্রধানমন্ত্ৰীয়ে জনোৱা অনুসৰি এইবাৰ তেওঁলোকেও আকাশত বসতি স্থাপনৰ দেখিছে৷ সকলোৱে পিছপৰা বুলি কৈ অহা বাংলাদেশে এইবাৰ মঙল গ্ৰহলৈ পঠিয়াব যান৷ এই লক্ষ্য লৈয়েই কাম আৰম্ভ কৰিছে বাংলাদেশৰ ব্ৰেক বিশ্ববিদ্যালয়ে৷ তেওঁলোকে আৰম্ভ কৰিছে ৰোবোটিক প্ৰজেক্ট৷

এই বিশেষ যানখনক তেওঁলোকে নাম দিছে ‘মঙলতৰী’ এই ৰোবোটিক প্ৰজেক্ট আৰম্ভ হৈছে ২০১৫চনতেই৷ ব্ৰেক বিশ্ববিদ্যালয়ৰ ১১ জন শিক্ষাৰ্থীয়ে পোনতে এই প্ৰজেক্ট আৰম্ভ কৰিছিল৷ বৰ্তমান সেই কামৰ সৈতে যুক্ত হৈ আছে ৪০জন লোক৷ এই প্ৰজেক্টক ৯টা ভাগত ভাগ কৰা হৈছে৷ তেওঁলোকৰ এটা গোটে তৈয়াৰ কৰিছে ৰোভাৰ৷ যি মাৰ্কিন গৱেষণা সংস্থা নাছাৰ ৰোভাৰৰ সৈতে সম্পূৰ্ণ একেই৷ মঙলৰ ৰহস্য উন্মোচনৰ বাবে ২০৩০ চনত এই অভিযান চলাব বাংলাদেশে৷ এই ৰোভাৰ কিন্তু বাংলাদেশে নিজৰ মন যোৱা ধৰণেই পঠিয়াব নোৱাৰিব৷ তাৰ পৰিবৰ্তে তেওঁলোকে নাছাৰ সৈতে মিলি কাম আগবঢ়াই নিব লাগিব৷ নাছাই তেওঁলোকৰ এই ৰোভাৰক স্বীকৃতি দিলেহে তেওঁলোকে যানখন পঠিয়াব পাৰিব৷ বাংলাদেশে যি যান তৈয়াৰ কৰিছে সেই যানত আছে সাধাৰণ বাহনৰ দৰেই চাৰিটা চকা৷ এই যান চলাবলৈ কোনোধৰণৰ ইন্ধন নালাগে৷ বাহনখনত থকা পেডেলৰ সহায়তেই মঙলৰ বুকুত ঘণ্টাৰ ২০ কিঃমিঃ গতিত যাত্ৰা কৰিব যানখনে৷

এই বাহনৰ টকাত টিউবৰ পৰিবৰ্তে ব্যৱহাৰ কৰা হৈছে স্প্ৰিং৷ ইয়াৰোপৰি দুৰ্ঘটনা বা চিঙি যোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱহাৰ কৰা হৈছে ৰাবাৰ বেল্ট৷ মঙলৰ অসমতল ভূমিত যাতে চলাফুৰা কৰোতে অসুবিধা নহয় তাৰবাবে আছে ছক ছাচপেঞ্চন চিষ্টেম৷ বাহনৰ গতি, তাপমাত্ৰা পৰিমাপৰ বাবে আছে বিশেষ চেঞ্চৰ৷ তাৰ সৈতে আছে ভিডিঅ’ৰ বাবে ৬০ কেমেৰা৷ মঙল অভিযানৰ মন মেলা বিশ্ববিদ্যালয়ৰ অধ্যাপকে কয়, ‘বিভিন্ন আন্তৰ্জাতিক ৰোবোটিক প্ৰতিযোগিতাত পঢ়ুৱৈসকলে বেছ সুনাম কঢ়িয়াই আনিছে৷ ভাল ইকুইপমেণ্ট আৰু কমপনেন্টৰ অভাৱত পিছপৰি আছে৷ কিন্তু তাৰপাছতো আমি কাম কৰিবলৈ আৰম্ভ কৰিছো৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *