মাইগ্ৰেনৰ সমস্যা আছে? এইকেইটা বদভ্যাস এৰিলে মাইগ্ৰেনৰ পৰা উপশম পাবই…

মাইগ্ৰেনৰ সমস্যা আছে? এইকেইটা বদভ্যাস এৰিলে মাইগ্ৰেনৰ পৰা উপশম পাবই…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: প্ৰচণ্ড মূৰৰ বিষ। লগতে বমি বমি ভাৱ বা মূৰৰ এফালে প্ৰচণ্ড বিষৰ সৈতে কম পৰিমানে জ্বৰো, এই সমূূহ উপসৰ্গৰ বিষয়ে মাইগ্ৰেন ৰোগীসকল পৰিচিত। মাইগ্ৰেন প্ৰায়সংখ্যক লোকৰেই এটা মূল সমস্যা হ’ব ধৰিছে। কিন্তু কি কাৰণত মাইগ্ৰেন ৰোগীৰ সংখ্যা বাঢ়িছে? আমাৰ কিছু অভ্যাসেই মাইগ্ৰেনৰ সমস্যা বঢ়াই তোলে। কিন্তু কোন কেইটা অভ্যাস থাকিলে মাইগ্ৰেনৰ আশংকা বাঢ়ে?

অত্যাধিৰ চেনী খোৱা
অত্যাধিক পৰিমানে চেনী খোৱাৰ অভ্যাসে তেজত শৰ্কৰাৰ পৰিমান বঢ়াই তোলে। তেজত শৰ্কৰাৰ পৰিমান বাঢ়ি গ’লে মূৰৰ বিষো বাঢ়ি যায়৷ সেয়ে খাদ্য তালিকাত চেনীৰ পৰিমান কমাব লাগে। ইয়াৰোপৰি চেনীজাতীয় খাদ্য পৰাপক্ষত কম পৰিমানে খোৱাই স্বাস্থ্যসন্মত৷

কম পৰিমানে পানী খোৱা
প্ৰতিদিনেই প্ৰয়োজন অনুসাৰে পানী খোৱাটো নিতান্তই প্ৰয়োজন৷ দিনটোত কমেই ২ ৰ পৰা ৩ লিটাৰ পানী খালে ডিহাইড্ৰেছন আৰু মাইগ্ৰেনৰ পৰা হাত সাৰিব পাৰি৷

নিদ্ৰাহীনতা
শৰীৰ সুস্থ ৰাখিবলৈ এজন মানুহে প্ৰতিদিনেই কমেও ৭-৮ ঘণ্টা পৰ্যন্ত শুব লাগে৷ যদি কোনো কাৰণত কিবা অসুবিধা হয় তেন্তে কমপক্ষেও ৬ ঘণ্টা শুব লাগে৷ এদিন কমকৈ শুলে কোনো এদিন বেছিকৈ শুলে টোপনি অনিয়মীয়া বুলি ধৰা হয়৷ এনেধৰণৰ অনিয়মীয়া টোপনিয়ে শৰীৰৰ ক্ষতি কৰে৷ এই নিদ্ৰাহীনতাই মাইগ্ৰেনৰ সমস্যা বঢ়াই তোলে৷

সকলো সময়তে অত্যাধিক আলোকসজ্জাৰ মাজত থকা
বহুতেই আমি কৰ্মৰ তাগিদাত বহু সময়লৈ অত্যাধিক পোহৰৰ মাজত থাকিব লগা হয়৷ এনেদৰে থাকিলে চকুৱে কষ্ট পাই৷ যাৰ ফলত স্বাভাৱিকভাৱেই মূৰৰ বিষ উঠে৷ মাইগ্ৰেনৰ সমস্যা থকা ব্যক্তিয়ে এনেদৰে পোহৰত থাকিব লগা হ’লে দিনটোৰ যিকোনো সময়ত এবাৰলৈ হ’লেও আন্ধাৰত কিছু সময় অতিবাহিত কৰিব লাগে যাতে চকুযুৰিয়ে কিছু জিৰণি পায়৷

বতৰৰ পৰিবৰ্তন
অত্যাধিক গৰম বা অত্যাধিক ঠাণ্ডা দুয়োটাই মাইগ্ৰেন ৰোগীৰ বাবে ক্ষতিকাৰক৷ সেয়ে এই সময়ছোৱাত কিছু সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী৷ এই সময়ত ব্যায়াম কৰা, গৰমৰ দিনকেইটাত বাহিৰলৈ উলাই গ’লে ছানগ্লাছ পিন্ধা আদি উপায় অৱলম্বন কৰিব লাগে৷ ইয়াৰোপৰি ঠাণ্ডাৰ দিনটো গৰম কাপোৰ পৰিধান কৰিহে বাহিৰলৈ উলাব লাগে৷

খালী পেটে থকা
বহু সময়লৈ খাদ্য সেৱন নকৰাকৈ থকাটোৱেও মাইগ্ৰেনৰ সমস্যা বঢ়াই তোলে৷ খালী পেটে থাকিলে কেৱল মাইগ্ৰেনৰ সমস্যাই হয় এনে নহয়৷ গেছৰ সমস্যা, বদহজম, ফেটি লিভাৰ আদি বিভিন্ন সমস্যাই শৰীৰত বাহৰ পাতে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *