মহাশক্তিধৰ ৰাষ্ট্ৰ হ’ব চীন, প্ৰকৃতিয়ে দেখুৱাব ভয়াৱহ ৰূপ, ২৪ চনক লৈ আৰু কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই?

মহাশক্তিধৰ ৰাষ্ট্ৰ হ’ব চীন, প্ৰকৃতিয়ে দেখুৱাব ভয়াৱহ ৰূপ, ২৪ চনক লৈ আৰু কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- পৃথিৱী বিখ্যাত ভৱিষ্যতবক্তাৰ ভিতৰত অন্যতম হৈছে বাবা ভাঙ্গা। বাবা ভাঙ্গাৰ একাধিক ভৱিষ্যতদ্বাণী সত্য প্ৰমাণিতও হৈছে। ১২ বছৰ বয়সত দৃষ্টিশক্তি হেৰুৱাইছিল বাবা ভাঙ্গাই। ১৯৯৬ চনত বাবা ভাঙ্গাৰ মৃত্যু হৈছে যদিও তেওঁ মৃত্যুৰ পূৰ্বে কৰি যোৱা ভৱিষ্যতদ্বাণীৰ চৰ্চা আজিও চলি আছে। ২০২৩ চনক লৈ একাধিক ভৱিষ্যতদ্বাণী কৰিছিল বাবা ভাঙ্গাই। ২০২৪ চনক লৈয়ো কেইবাটাও ভৱিষ্যতদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই। ২০২৩ চনক লৈ কৰা তেওঁৰ কেইবাটাও ভৱিষ্যতদ্বাণী সত্যও প্ৰমাণিত হৈছে।

২০২৩ত বাবা ভাঙ্গাই কৰা কি কি ভৱিষ্যতদ্বাণী সত্য প্ৰমাণিত হৈছে?

১) ভাৰতক লৈ বাবা ভাঙ্গাই কৈছিল, ২০২৩ বৰ্ষত ভাৰতত অসময়ত বৃষ্টিপাত হ’ব। সেয়া সত্য প্ৰমাণিত হৈছে। এই বৰ্ষত মাৰ্চ আৰু এপ্ৰিলত প্ৰচুৰ বৃষ্টিপাত হৈছিল। বহু বছৰৰ পাছত এই বৰ্ষত দেশত প্ৰৱল বৃষ্টিপাত হৈছে।
২) ইয়াৰোপৰি বাবা ভাঙ্গাই সৌৰ স্ফুটিংগক লৈয়ো ভৱিষ্যতদ্বাণী কৰিছিল। বাবা ভাঙ্গাৰ এই ভৱিষ্যতবাণী সত্য প্ৰমাণিত কৰি ভাৰতীয় মহাকাশ সংস্থাই সূৰ্যলৈ যান প্ৰেৰণ কৰিছে। সেই যানেই সূৰ্যৰ পৰা নিৰ্গত ৰশ্মিৰ ক্ষতিকৰ প্ৰভাৱ সম্পৰ্কেও গৱেষণা কৰিব।
৩) ২০২৩ চনত তৃতীয় বিশ্বযুদ্ধক লৈয়ো ভৱিষ্যতদ্বাণী কৰিছিল বাবা ভাঙ্গাই।
৪) ২০২৩ বৰ্ষতেই পৃথিৱীয়ে কক্ষপথ সলনি কৰিব বুলিও কৈছিল বাবা ভাঙ্গাই।
৫) আজৱ বৈজ্ঞানিক আৱিষ্কাৰৰ ইংগিত দিছিল বাবা ভাঙ্গাই।
৬) জৈৱিক অস্ত্ৰৰ দ্বাৰা আক্ৰমণ চলিব বুলিও ভৱিষ্যতদ্বাণী কৰিছিল বাবা ভাঙ্গাই।
৭) ২০২৩ক তেওঁ অন্ধকাৰাচ্ছন্ন আৰু ত্ৰাসপূৰ্ণ বছৰ হিচাপে চিহ্নিত কৰিছিল।

২০২৪ ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যতদ্বাণী
বাবা ভাঙ্গাই ২০২৪ চনক লৈ কৰি যোৱা ভৱিষ্যতদ্বাণীৰ ভিতৰত এটা হৈছে চীন শীঘ্ৰেই বিশ্বৰ মহাশক্তিত পৰিণত হ’ব। চীনৰ শক্তি আৰু সামৰ্থ দুয়োটাই বৃদ্ধি পাব।
২০২৪ বৰ্ষত জলবায়ু পৰিবৰ্তনৰ ইংগিত দিছিল বাবা ভাঙ্গাই। গ্লৱেল ৱাৰ্মিং, ভূমিকম্পৰ কাৰণে শোচনীয় অৱস্থা তৈয়াৰ হ’ব। ইয়াৰ ফলত তাপমাত্ৰাৰ পৰিবৰ্তন হ’ব। শীতপ্ৰৱল এলেকাসমূহত গ্ৰীষ্মৰ প্ৰকোপ বৃদ্ধি পাব। আকৌ গ্ৰীষ্মপ্ৰধান এলেকাসমূহত শীতৰ প্ৰকোপ বাঢ়িব।
২৪ ত হিমবাহ গলিব। ফলত সমুদ্ৰতীৰৰ চহৰসমূহ জলমগ্ন হৈ পৰিব।
২৪ ত প্ৰকৃতিৰ ভয়ানক ৰূপ দেখা যাব। নিজৰ ভৱিষ্যতদ্বাণীত সেই কথা স্পষ্টকৈ কৈ গৈছে বাবা ভাঙ্গাই।
২৪ত ইউৰোপত খালিফা শাসন চলিব। ২০৪৩ পৰ্যন্ত ইউৰোপত ইছলামিক শাসন প্ৰতিষ্ঠা হ’ব।
আগন্তুক বৰ্ষত সমগ্ৰ বিশ্বত অপৰাধৰ গ্ৰাফ ক্ৰমশ ঊৰ্দ্ধমুখী হ’ব।
শুক্ৰ আৰু বুধ গ্ৰহতো মহাকাশ বিজ্ঞানীয়ে অভিযান চলাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *