অসমীয়া সাজেৰে সাজিছে ৰামলালা! এগৰাকী প্ৰতিষ্ঠিত উদ্যোগীয়ে অসমৰ পৰা ৰামালালালৈ পঠিয়ালে এৰী, মুগাৰ কাপোৰ

অসমীয়া সাজেৰে সাজিছে ৰামলালা! এগৰাকী প্ৰতিষ্ঠিত উদ্যোগীয়ে অসমৰ পৰা ৰামালালালৈ পঠিয়ালে এৰী, মুগাৰ কাপোৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অক্ষয় তৃতীয়া উপলক্ষ্যে অসমৰ মুগা আৰু এৰী কাপোৰেৰে সজাই তোলা হৈছে ৰামলালাক৷ অসমৰ ৰেচমী কাপোৰেৰে সজাই পৰাই তোলা হৈছে ৰামলালাক৷ ৰামলালাৰ ছবি পোহৰলৈ অহাৰ পাছতেই এতিয়া বহুজনৰ মনতেই প্ৰশ্ন এই কাপোৰ কোনে দিলে ৰামলালাক? অসমৰ পৰাই পঠিওৱা হৈছে নেকি এই কাপোৰ?

অসমৰ মুগা আৰু এৰী কাপোৰেৰে মনীষ ত্ৰিপাঠীয়ে ডিজাইন কৰিছে ৰামলালাৰ কাপোৰ৷ বিশেষ দিনটোত ৰামলালাই পৰিধান কৰা এই কাপোৰ তৈয়াৰৰ বাবে মুঠ ত্ৰিপাঠিয়ে সময় লৈছিল ৮৫ দিন৷ এই এৰী আৰু মুগাৰ কাপোৰ অযোধ্যালৈ প্ৰেৰণ কৰিছে ৰিণিকি ভূঞাৰ দ্বাৰা পৰিচালিত, ‘গল্ডেন থ্ৰেড অফ আছামে’৷

‘গল্ডেন থ্ৰেড অফ আছামে’ এই কাপোৰ পঠিওৱাৰ প্ৰধান কাৰণ হৈছে অসমৰ ৰেচমে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰক৷ লগতে সকলোৱে অসম চিল্কৰ সৈতে পৰিচিত হওক৷ এই পোছাক ৰামলালাক এসপ্তাহ পিন্ধাই ৰখা হ’ব৷ এই পোছাকে ভাৰতৰ বস্ত্ৰশিল্পৰ প্ৰচাৰ চলোৱাৰ ওপৰিও অসমৰ শিপিনীক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰোৱাতো সহায় কৰিব৷

অক্ষয় তৃতীয়া উপলক্ষ্যে দেশৰ উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়েও চলিত সপ্তাহতেই ৰামমন্দিৰ দৰ্শন কৰিব৷ এই শুভ সময়ত ৰামলালাই অসম চিল্ক পৰিধান কৰি অসমৰ দৰে প্ৰান্তীয় এখন ৰাজ্যৰ পৰিচয় তুলি ধৰাক লৈ সকলোৱে উৎসাহী হৈ পৰিছে৷ এই পোছাকৰ ওপৰত বৈষ্ণৱী থিম যেনে শংখ, ময়ূৰ, গদা আদি এম্ব্ৰডাৰী কৰি দিয়া হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *