ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰামৰ দৰ্শনৰ উন্মাদনা উদ্বোধনৰ দিনাৰে পৰাই অব্যাহত আছে। ২৩ জানুৱাৰীৰ পৰা সাধাৰণ ভক্তৰ বাবে ৰাম মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে। দুৱাৰ খুলি দিয়াৰ পাছৰে পৰাই লাখ লখ ভক্তই ভিৰ কৰিছে মন্দিৰত। মন্দিৰ উদ্বোধনৰ পৰা বৰ্তমানলৈকে ৩০লাখ মানুহে ৰামৰ দৰ্শনৰ বাবে আহিছে। প্ৰতিদিনেই মন্দিৰলৈ আহিছে প্ৰায় আঢ়ৈ লাখকৈ ভক্ত।

ভিৰ কমাবলৈ সকলো উপায় অৱলম্বন কৰিও ফল লাভ কৰা নাই মন্দিৰ ট্ৰাষ্টে। এপ্ৰিল আৰু গ্রীষ্মৰ ছুটিত ৰাম নৱমীত অত্যাধিক দৰ্শনাৰ্থীয়ে ভিৰ কৰিব বুলি আশংকা ব্যক্ত কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে। কিন্তু ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে এই বিশেষ ৫টা কথা মনত নাৰাখিলে বিপদ হ’ব পাৰে আপোনাৰ।

১) পূৰ্বেই অযোধ্যাত হোটেল বুক কৰক
অযোধ্যালৈ যোৱাৰ সহজ উপায় হৈছে বিমান। ইণ্ডিগো, এয়াৰ ইণ্ডিয়া আৰু স্পাইছ জেট আদিত আপুনি টিকেট কৰিব পাৰে। বিভিন্ন মেট্ৰ যেনে মুম্বাই, বাংগালুৰু, আহমেদাবাদ, কলকাতা, চেন্নাই, জয়পুৰ, পাটনা আৰু দৰভাঙ্গাৰ পৰা অযোধ্যালৈ প্ৰতিদিনে বিমান চলাচল কৰে। দিল্লী-অযোধ্যা বন্দে ভাৰত আৰু অমৃত ভাৰতসহ কেইবাখনো ট্ৰেইন অযোধ্যালৈ যায়। এই সুবিধাও আপুনি গ্ৰহণ কৰিব পাৰে। কিন্তু ৰে’ল বা বিমানৰ টিকটতকৈ আগতে আপুনি হোটেলৰ বুকিং কৰক। কাৰণ বিমান, ট্ৰেইনতকৈ অযোধ্যাত এতিয়া হোটেল, ধৰ্মশালাত ৰুম পোৱাটোহে ডাঙৰ প্ৰত্যাহ্বান। অযোধ্যাত হোটেলৰ চাহিদা বহুগুণে বৃদ্ধি পাইছে। যদি ধৰ্মশালাত থাকিবলৈ ইচ্ছুক তেন্তে আপুনি পবিত্ৰ অযোধ্যা এপ ডাউনলোড কৰিব পাৰে।

২) দুদিনীয়া ভ্ৰমণৰ পৰিকল্পনা কৰক

মনত ৰাখিব যোৱাৰ টিকট কৰোতে হাতত দুদিন সময় ৰাখিব। কমপক্ষেও দুদিনৰ ভ্ৰমণেৰে আপুনি অযোধ্যালৈ যাব। অযোধ্যালৈ গ’লে ৰাম কি পউৰি, বিখ্যাত হনুমানগডীৰ মন্দিৰো চাই আহিব পাৰে।

৩) পুৱাই দৰ্শনৰ চেষ্টা চলাব

ৰাম মন্দিৰৰ দুৱাৰ পুৱা ৬টাত খোল খাই। দুপৰীয়া পৰ্যন্ত খোলা থাকিব। দুপৰীয়া দুই ঘণ্টাৰ বাবে মন্দিৰ বন্ধ থাকে। ২ বজাৰ পৰা নিশা ১০ বজা পৰ্যন্ত মন্দিৰ খোলা থাকে। যিমানেই সোনকালে যাব সিমানেই ভিৰ কম পাব। মন্দিৰ কমপ্লেক্সৰ ভিতৰত জোতা, মোবাইল, ইলেক্ট্ৰনিক সামগ্ৰী বা বেগ নিয়া একেবাৰে নিষেধ। কেৱল মাত্ৰ আপুনি টকা থকা বেগটোহে ভিতৰলৈ লৈ যাব পাৰিব। য’ত ৰামলালা আছে তাত কিন্তু সেই পাৰ্ছো আপুনি সোমোৱাব নোৱাৰিব। ইয়াৰোপৰি ঈশ্বৰক উৎসৰ্গা কৰা কোনো প্ৰসাদ বা ফুল আপুনি বাহিৰৰ পৰা লৈ যাব নোৱাৰিব।

৪) লাইনত থিয় হৈ প্ৰৱেশ কৰিব

প্ৰতিদিনেই আঢ়ৈ লাখকৈ ভক্তৰ সমাগম ঘটে। সেই ক্ষেত্ৰত ৰামৰ দৰ্শনৰ বাবে আপুনি বেছি সময় নল’ব। দীৰ্ঘ লাইনেৰে মন্দিৰত ভক্তই প্ৰৱেশ কৰিব লাগিব। ৰামৰ দৰ্শনৰ বাবে আপুনি কমপক্ষেও দুঘণ্টা লাইনত থিয় হ’ব লাগিব। ৰাম জন্মভূমিত ভক্তৰ বাবে বাটৰ কাষে কাষে বিশেষ বিচনা আৰু চকীৰো ব্যৱস্থা কৰা হৈছে। পানীৰো ব্যৱস্থা কৰা হৈছে। তীৰ্থযাত্ৰীসকলে আগুৱাই যাওতে যিকোনো স্থানতেই কিছু সময় বহিব পাৰিব। ৪-৫ ছেকেণ্ডৰ বাবেহে আপুনি ৰামলালাৰ দৰ্শন পাব পাৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *