ৰাম মন্দিৰৰ গৰ্ভগৃহত উপবিষ্ট হ’ল ৰাম! প্ৰাণপ্ৰতিষ্ঠাৰ পূৰ্বে পালন কৰা হ’ব এইকেইটা নিয়ম

ৰাম মন্দিৰৰ গৰ্ভগৃহত উপবিষ্ট হ’ল ৰাম! প্ৰাণপ্ৰতিষ্ঠাৰ পূৰ্বে পালন কৰা হ’ব এইকেইটা নিয়ম

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধন হ’ব। আৰু মাত্ৰ দুদিনৰ অপেক্ষা। শেষ মুহূৰ্তৰ ফিনিছিং টাচ্চ চলিছে। ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে বিশেষ পুজাপাঠ, আচাৰ বিধি। বৃহস্পতিবাৰে গৰ্ভগৃহৰ আসনত উপবিষ্ট হৈছে ৰাম। গৰ্ভগৃহৰ আসনত উপবিষ্ট ৰামৰ প্ৰথম ছবি পোহৰলৈ আহিছে। ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অনুষ্ঠান সম্প্ৰচাৰিত হ’ব দুৰদৰ্শনত। পুৱা ১১বজাত আৰম্ভ হ’ব লাইভ সম্প্ৰচাৰ। দুপৰীয়া ১ বজা পৰ্যন্ত লাইভ সম্প্ৰচাৰ চলিব এই অনুষ্ঠানৰ। ইয়াৰোপৰি সম্প্ৰচাৰ চাব পাৰিব ডি ডি নিউজ আৰু ডিডি নেশ্ব্যনেল চেনেলত। ইয়াৰোপৰি ইউটিউবতো দেখা যাব অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰ।

কাপোৰেৰে মুখ ঢাকি ৰখা ৰামৰ বিগ্ৰহৰ ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত। ৰামৰ ৫১ ইঞ্চিৰ এই মূৰ্তিৰ মুখ আৰু হাত হালধীয়া কাপোৰেৰে ঢাকি ৰখা হৈছে। ভগৱান শ্ৰী ৰামৰ পাঁচ বছৰৰ শিশুৰূপ এই মূৰ্তি।

ৰামৰ মূৰ্তিৰ দৈৰ্ঘ্য ৫১ ইঞ্চি। উচ্চতা ৭ফুট ১০ ইঞ্চি। ২২ জানুৱাৰীত ৰাম মন্দিৰত ৰামৰ এই বিগ্ৰহৰেই প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব।

১৯ জানুৱাৰীত আছে একাধিক নীতি নিয়ম। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান। গণেশ আৰু অন্যান্য দেৱ-দেৱীৰ পুজাও কৰা হ’ব। অযোধ্যাত ৰাম মন্দিৰ অভিষেখ অনুষ্ঠানৰ কাৰণে ২২ জানুৱাৰীত সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকৰৰ অধীনৰ সকলো কাৰ্যালয়তেই অৰ্ধছুটীও দিয়া হ’ব। সকলোৱে যাতে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ ল’ব পাৰে তাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ এটা স্মাৰক ডাকটিকটো প্ৰকাশ কৰিছে। মুঠ ৬খন ডাক টিকেট প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ মাজত আছে ৰাম মন্দিৰ, গণেশ, হনুমান, জটায়ু, কেবতৰাজ আৰু মা ছবৰীৰ ডাকটিকেট। টিকেটত ৰামমন্দিৰ, মঙ্গলভৱন, অমঙ্গল হৰি চৌপাই, সূৰ্য, সৰযূ নদী আৰু মন্দিৰৰ চাৰিওফালৰ মূৰ্তিসমূহ চিত্ৰিত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *