‘মই অবাক হোৱা নাই, মই জানিছিলো ইছৰোৱে এই সমস্যা সমাধান কৰিব পাৰিবই, চন্দ্ৰযান-৩ উৎক্ষেপনৰ পাছতেই প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাৰ প্ৰতিক্ৰিয়া

‘মই অবাক হোৱা নাই, মই জানিছিলো ইছৰোৱে এই সমস্যা সমাধান কৰিব পাৰিবই, চন্দ্ৰযান-৩ উৎক্ষেপনৰ পাছতেই প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাৰ প্ৰতিক্ৰিয়া

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ভাৰতে চন্দ্ৰৰ কুমেৰু জয় কৰাৰ আনন্দত দেশবাসী মতলীয়া হৈ আছে৷ যদি আপুনি এজন ভাৰতীয় তেন্তে এই ক্ষণক উদযাপন নকৰাকৈ থাকিব নোৱাৰেই৷ এই অভিযানৰ কথা চলোতেই বহুতেই আকৌ এবাৰ মনত পেলাইছে ৰাকেশ শৰ্মাক৷ দীৰ্ঘ অপেক্ষাৰ অন্তত ভাৰতীয় বিজ্ঞানীয়ে সফলতা অৰ্জন কৰাৰ পাছতেই ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাইয়ো কৰিছে বিশেষ মন্তব্য৷

চন্দ্ৰৰ মাটি চুইছে ভাৰতে৷ ভাৰতে বিশাল ইতিহাস ৰচাৰ সময়তেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাই৷ ৰাকেশ শৰ্মাই আনন্দিত হৈ কয়, ‘মই অবাক হোৱা নাই৷ মই জানিছিলো ইছৰোৱে এই সমস্যা সমাধান কৰিব পাৰিবই৷ ভাৰতীয় হিচাপে মই গৰ্বিত৷ মোৰ এটাই দুখ মই বৰ আগতেই জন্ম হ’লো৷ কাৰণ স্পেছ এক্টিভিটি আমাৰ দেশত এতিয়াহে আৰম্ভ হৈছে৷ এতিয়া মোৰ বয়স ৭৫ বছৰ৷ মই এজন ভাৰতীয় হিচাপে এই সময়ক উদযাপন কৰিছো৷

মহাকাশ গৱেষণাত ভাৰতে আৰু উন্নতি কৰক বুলি মন্তব্যত প্ৰকাশ কৰিছে ৰাকেশ শৰ্মা৷ ৩৫ বছৰ পূৰ্বে ছোভিয়েট ইউনিয়নৰ মহাকাশ অভিযানৰ বাবে দুজন ভাৰতীয় নিৰ্বাচিত হৈছিল৷ প্ৰাক্তন বায়ুসেনাত কৰ্মৰত আছিল দুয়োজন ভাৰতীয়ই৷ সকলোবোৰ পৰিকল্পনামতেই আগবাঢ়িছিল৷ পাছলৈ সময়ৰ সোঁতত এইগৰাকী এষ্ট্ৰনট হেৰাই থাকিল৷ ভাৰতীয় মহাকাশ সংস্থাইয়ো কাহানিও ৰাকেশ শৰ্মাক কোনোধৰণৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *