ঘৰত মকৰাজাল থকা শুভ নে অশুভ? জানক বাস্তুশাস্ত্ৰই কি কয়?

ঘৰত মকৰাজাল থকা শুভ নে অশুভ? জানক বাস্তুশাস্ত্ৰই কি কয়?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বাস্তুশাস্ত্ৰ অনুসৰি শুভ আৰু অশুভ শক্তিৰ বিশেষ গুৰুত্ব আছে৷ যি ঘৰত শুভ শক্তি প্ৰবাহিত হৈ থাকে সেই ঘৰত কাহানিও কোনো সমস্যা নাহে৷ যি সংসাৰত অশুভ শক্তিৰ প্ৰাধান্য বেছি সেই ঘৰত নানান অশান্তি থাকেই৷ বাস্তুশাস্ত্ৰই দাবী কৰে যে ঘৰত শুভ শক্তি বঢ়াই ৰাখিবলৈ পৰিষ্কাৰ কৰি ৰখাটো খুবেই জৰুৰী৷ ঘৰত আমাৰ প্ৰত্যেকৰে মকৰাই জাল পাতে৷ মকৰা জাল ঘৰত থকাটো শুভ নে অশুভ সেই কথাও বাস্তুশাস্ত্ৰত উল্লেখ আছে৷

ঘৰত মকৰা জাল

আমাৰ প্ৰায়সংখ্যক লোকৰ ঘৰতেই মকৰা জালৰ সমস্যা থাকে৷ বিশেষকৈ ছাদৰ তলত বা চিলিঙত ওলমি মকৰা জাল থাকেই৷ ঘৰত মকৰাজাল বাঢ়ি গ’লে বাস্তুদোষ তৈয়াৰ হয় বুলি বাস্তু বিশেষজ্ঞই দাবী কৰে৷ যি ঘৰত মকৰাজাল থাকে সেই ঘৰৰ বাসিন্দাসকলৰ মাজত কিবা নহয় কিবা সমস্যা আহেই৷ ঘৰত মকৰা জাল বেছি হ’লে ৰুষ্ট হৈ বিদায় লয় লক্ষ্মীয়ে৷ কাৰণ মা লক্ষ্মীয়ে সদায়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে থাকি ভালপায়৷  লক্ষ্মীয়ে বিদায় ল’লেই ঘৰত তীব্ৰ আৰ্থিক সংকটে দেখা দিয়ে৷ কামতো নানান বাধা আহে৷ ঘৰত মকৰাজাল থাকিলে সেই ঘৰৰ ব্যক্তিৰ মনত আলস্য, কৰ্মত অনীহাই দেখা দিয়ে৷ এওঁলোকৰ স্বভাৱো খিংখিঙীয়া হৈ পৰে৷ অলপ কথাতেই বিৰক্ত হয়৷ ঘৰত হোৱা মকৰাজালে ঘৰত বাস কৰা লোকৰ ওপৰত মানসিক চাপ বঢ়াই৷ সেই সংসাৰত স্বামী-স্ত্ৰীৰ মাজত অশান্তি থাকেই৷

ঘৰত অত্যাধিক মকৰাজাল হ’লে কি কৰিব?

ঘৰৰ প্ৰতিটো কোণা ভালকৈ পৰিষ্কাৰ কৰি ৰাখক৷ ঘৰত মকৰাজাল বেছিকৈ তৈয়াৰ হ’ব নিদিব৷ বিশেষকৈ ঘৰৰ পূজা ঘৰত৷ পূজা ঘৰত থকা মূৰ্তিসমূহ পৰিষ্কাৰ কৰি ৰাখিব৷ বাস্তু অনুসৰি ৰান্ধনীঘৰত মকৰাজাল থকাটো অতি অশুভ৷ নিয়মিত ৰান্ধনীশাল পৰিষ্কাৰ কৰি ৰাখিব৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *