শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট

শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হিন্দুধৰ্মত সপ্তাহৰ বিভিন্ন দিনক বিভিন্ন দেৱতাৰ উদ্দেশ্যে নিবেদন কৰা হৈছে৷ এই হিচাপে শনিবাৰ হৈছে শনি দেৱতাৰ দিন৷ এই দিনটোত  শনি দেৱতাৰ প্ৰিয় কেইটামান কাম কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ৷ শনি খুব কম সময়তে প্ৰসন্ন হয়৷ কাৰণ কৰ্মফলৰ দেৱতা শনি ৰুষ্ট হ’লে জীৱন ছাৰখাৰ হৈ পৰে৷ যাৰ জীৱনত শনিৰ অশুভ নজৰ পৰে তেওঁৰ জীৱনলৈ বিপদ অহাটো খাটাং৷ জ্যোতিষবিদে জনোৱা অনুসৰি প্ৰতি শনিবাৰে এই ফুল দি শনিৰ পুজা কৰিলে শনি দেৱতা সন্তুষ্ট হয়৷

শনিৰ প্ৰিয় ফুল কি কি?

জ্যোতিষ অনুসৰি শনিৰ প্ৰিয় ফুল হৈছে কৰবী আৰু অপৰাজিতা৷ কৰবী ফুল কেনেকৈ আগবঢ়ালে শনি প্ৰসন্ন হয় সেই কথাও জানি থোৱাটো খুবেই প্ৰয়োজন৷ শনিবাৰে পুৱাই তামৰ পাত্ৰত পানী ভৰাই ল’ব৷ তাৰ মাজত এপাহ ৰঙা ৰঙৰ কৰবী ফুল দিব৷ তাৰপাছতেই সেই পানী সূৰ্য দেৱতাক অৰ্পন কৰিব৷ সূৰ্য আৰু শনি পৰস্পৰৰ শত্ৰু কিন্তু এই কাম কৰিলে শনি প্ৰসন্ন হয়৷ আৰু শনিৰ আশীৰ্বাদ লাভ সম্ভৱ হৈ উঠে৷ যদি দীৰ্ঘদিন ধৰি অসুখ বিসুখত ভোগে তেন্তে কৰবী ফুলত সৰিয়হৰ তেল মিহলাই শনি দেৱতাক অৰ্পণ কৰক৷ ইয়াৰ ফলত আপোনাৰ শাৰীৰিক সমস্যা কমি যায়৷ কৰবী ফুলৰ মালা গাঁথি শনিবাৰে বজৰংবলীৰ ডিঙিত পৰিধান কৰাওক৷

শনিবাৰে আৰম্ভ কৰি ৪০ দিন ধৰি এই কাম কৰি থাকিব লাগিব৷ ইয়াৰ ফলত শনিৰ অশুভ দশাৰ ক্ষতিকৰ প্ৰভাৱ আপোনাৰ ওপৰৰ পৰা কমি যাব৷ প্ৰতি শনিবাৰে ১০৮টা কৰবী ফুল কালীকো নিবেদন কৰক৷ আপুনি মা কালীৰ ওপৰিও তেতিয়া শনিৰ আশীৰ্বাদ লাভ কৰিব৷ শনিবাৰে কৰবী ফুল দি মালা গাঁথি তাত শনিৰ স্ত্ৰীৰ নাম লিখক৷ এই মালা দি শনিৰ পূজা কৰক৷ ইয়াৰ ফলত দাম্পত্য জীৱনৰ যাৱতীয় সমস্যা আঁতৰি যায়৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *