অসম দেশৰ বিষম কথা ! চুক্তি সম্পন্ন এখন ব্যতিক্ৰমী বিবাহ

অসম দেশৰ বিষম কথা ! চুক্তি সম্পন্ন এখন ব্যতিক্ৰমী বিবাহ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: বৰ্তমান সময়খিনি বিয়াৰ সময় ৷ সম্ভৱত বিয়া আপুনি বহুত দেখিছে ৷ সকলোৱে নিজৰ বিয়াখন মনত থকাকৈ পাতিব বিচাৰে ৷ যাৰবাবে বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হয় এনেকুৱা ধৰণৰ ব্যতিক্ৰমী বিবাহ ৷

কিন্তু আজি আপোনালোকক কম এইখন অসমৰে এখন ব্যতিক্ৰমী বিবাহৰ কথা ৷ যি কথা শুনিলে আপোনাৰো চকু কপালত উঠিব ৷

এইখন অসমতে সংঘটিত হৈছে এই ব্যতিক্ৰমী বিবাহখন ৷ দৰা-কইনাই বিয়াত বহাৰ পূৰ্বে স্বাক্ষৰ কৰিছে চুক্তিত ৷ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে দৰা-কইনাই ৷ কইনাৰ চুক্তি অনুসৰি, প্ৰতি ১৫ দিনৰ মূৰে-মূৰে দৰাই কৰিব লাগিব বজাৰ, প্ৰতি মাহত এবাৰকৈ পিজ্জাৰ পাৰ্টী দিব লাগিব কইনাক, প্ৰতি মাহত কাপোৰ কিনি দিব লাগিব দৰাই, বছৰত দুবাৰকৈ ভ্ৰমণৰ বাবে নিব লাগিব কইনাক ৷

ইফালে, দৰাৰ ফালৰ পৰাও আছে অদ্ভুত চুক্তি ৷ দৰাৰ চুক্তি অনুসৰি, প্ৰতিদিনে কাপোৰ ইস্ত্ৰি কৰিব লাগিব কইনাই, খাদ্যৰ আলপৈচান ধৰিব লাগিব কইনাই ৷ এই ব্যতিক্ৰমী বিবাহখন সম্প্ৰতি ছ’চিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে ৷

‘ৱেডলক ফটোগ্ৰাফী’ নামৰ এটা চেনেলৰ পৰা ছ’চিয়েল মিডিয়াত আপলোড হোৱা ষ্টৰীটো বৰ্তমান প্ৰায় ৪৫ মিলিয়ন লোকে চাইছে ৷ বিভিন্নজনে ইনষ্টাগ্ৰামতে বিভিন্ন মন্তব্যৰে উপচাই তুলিছে ৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *