ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’

ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: নিকুমনি এটি নিচেই কণমানি লৰা। শিলসাঁকোত চলি থকা উচ্ছেদৰ সময়ত আৰক্ষীৰ পৰা মাত্ৰ ১০ মিনিট সময় বিচাৰিছিল নিকুৱে। ঘৰখন উচ্ছেদ চলাব নিকুৱে বুজি উঠিছিল। সেয়ে যাৱতীয় সামগ্ৰীসমূহ আঁতৰাবলৈহে ১০ মিনিট সময় ৰʼবলৈ কৈছিল কণমানি নিকুৱে।

নিকুৰ বিশেষ ভিডিঅʼটো সামাজিক মাধ্যমত খুবেই ভাইৰেল। নিকুক লৈ লিখা লেখাৰে সামাজিক মাধ্যম ভৰি পৰিছে। নিকুৱে বুজি নাপালেও কোনোৱে যদি কবিতাৰে নিকুক হিৰো সজোৱাৰ চেষ্টা কৰিছে, কোনোৱে চৰকাৰক এই কাৰ্যৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰিছে। কোনোৱে অন কেমেৰা নিকুক সাহায্য আগবঢ়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

এইসমূহৰ মাজতে একাংশ সচেতনমহলে নিকুৰ আত্মসন্মানত যাতে এইসমূহে প্ৰভাৱ নেপেলাই, তাৰবাবেও জনাইছে বিশেষ আহ্বান। এগৰাকী সামাজিক মাধ্যম হ্যৱহাৰকাৰীয়ে নিকু সন্দৰ্ভত লিখিছে,’উচ্ছেদত নিকুমণিয়ে ঘৰ হেৰুৱাইছিল।চৰকাৰে নিকুমণিৰ সপোন কাঢ়িছিল। একাংশই নিকুমণিৰ আত্মসন্মান কাঢ়িছে।

নিকুমণিক গিনিপিগ সজাবলৈ কোনে কাক অধিকাৰ দিছে? এটি শিশুৰ আত্মসন্মান কাঢ়িবলৈ সংবাদ মাধ্যমে অধিকাৰ ক’ত পালে? On কেমেৰা কাপোৰ পিন্ধোৱাৰ দৃশ্য সি যেতিয়া ডাঙৰ হৈ দেখিব, তেতিয়া ভাৱকচোন নিকুমণিয়ে  কেনে এক ঘৃণাৰ চকুৰে আমাক চাব। নিকুমণিয়ে মাথোঁ ১০ মিনিট বিচাৰি চৰকাৰক ভ্ৰূকুটি কৰিছিল। আৰু একাংশই জনপ্ৰিয়তা বুটলিবলৈ নিকুমণিকেই গিনিপিগ সজাই দিলে।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *